Logo
image

প্ৰথম বাৰৰ বাবে উত্তৰ- পূৰ্বাঞ্চলত ব্ৰেইল মেনু মুকলি

‘আমাৰ অসম’, ২২ জুনঃ 'এবাকাছব্রিউয়িং কোম্পানী এণ্ড কিচেন'- য়ে 'ইয়ং ইণ্ডিয়া'ৰ সহযোগত ব্ৰেইল মেনু মুকলি কৰিছে। এই ব্ৰেইল মেনুৰ উদ্দেশ্য হৈছে সমাজৰ দৃষ্টিহীন ব্যক্তিসকলক বিশেষ সুবিধা প্ৰদান কৰা। 'এবাকাছ ব্রিউয়িং কোম্পানী এণ্ড কিচেন'ৰ বিষয়- ববীয়াই জনোৱা অনুসৰি উত্তৰ- পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে এই বিশেষ মেনু মুকলি কৰা হৈছে। এই ক্ষেত্ৰত কোম্পানীটোক সহযোগ কৰিছে শিশু সাৰথিয়ে। উল্লেখ‍্য, গুৱাহাটীৰ খানাপাৰাত থকা 'এবাকাছ ব্ৰিউয়িং কো এণ্ড কিচেন' হৈছে এক ফাইন ডাইন ব্ৰুৱেৰী ৰেষ্টুৰেণ্ট । গ্রাহকক নিজ পছন্দ অনুসৰি বিচৰা ধৰণৰ খাদ্য যোগান ধৰাই এই ৰেষ্টুৰেণ্টৰ উদ্দেশ্য। ৰেষ্টুৰেণ্টখনৰ খাদ্য তালিকাত সমগ্ৰ বিশ্বৰ বিভিন্ন ধৰণৰ ব্যঞ্জনৰ সবিশেষ সন্নিবিষ্ট আছে।