Logo
image

৫ লাখ বানাক্ৰান্ত, মৃত ৩

‘আমাৰ অসম’, ২৩ জুনঃ  ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ প্ৰলয়ংকাৰী বানে ৰাজ্যৰ এটাৰ পাছত এটা মথাউৰি ছিঙি নি উজনি-নামনি সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিভাগীয় তথ্য অনুসৰি সম্প্ৰতি বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰা      জলাৰ সংখ্যা ২০খনলৈ বৃদ্ধি পাইছে৷ বজালী, বাগ্‌সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, হোজাই, কামৰূপ, কোক্‌ৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, নলবাৰী, শোণিতপুৰ আৰু তামুলপুৰ জিলাত বানে সংহাৰ ৰূপ ধাৰণ কৰিছে৷ বিগত প্ৰায় ১০ দিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি বাগৰি যোৱাৰ লগতে বেকী, মানস, পাগলাদিয়া আৰু পুঠিমাৰী নৈৰ পানী বিপদসীমাৰ ওপৰেদি বৈ গৈছে৷ চলিত বৰ্ষৰ বানত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ তথ্য চৰকাৰে ৰাজহুৱা কৰিছে৷ বাঢ়নী পানীত তামুলপুৰত এজন লোকৰ মৃত্যু হৈছে৷  কিন্তু চৰকাৰী এই তথ্যৰ বিপৰীতে চলিত বানত ৩জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বাঢ়নী পানীয়ে উটুৱাই নিয়া দুজন লোক বৰ্তমানেও সন্ধানহীন হৈ আছে৷ দিনচেৰেক পূৰ্বে তেজপুৰৰ ডিপোতা নৈৰ বাঢ়নী পানীয়ে এজন ১৬ বছৰীয়া কিশোৰক উটুৱাই নিয়ে যদিও বৰ্তমানো কিশোৰজনৰ কোনো সন্ধান ওলোৱা নাই৷ আনহাতে, বৃহস্পতিবাৰে বাগ্‌সাৰ শালবাৰীৰ এলেঙামাৰীত বেঁকী নৈৰ বাঢ়নীপানীয়ে খৰি ধৰিবলৈ যোৱা ৰফিকুল ইছলাম নামৰ এজন যুৱকক উটুৱাই নিয়ে৷ যুৱকজনৰ বৰ্তমানেও কোনো সন্ধান ওলোৱা নাই৷ ইপিনে, মঙলবাৰে কমলপুৰৰ ২নং দগাঁৱৰ ৰমেশ ডেকা নামৰ এজন ব্যক্তিক চেঁচা নৈৰ পানীয়ে উটুৱাই নিয়াত বুধবাৰে এছডিআৰএফে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ বৃহস্পতিবাৰৰ তথ্য অনুসৰি ২২খন জিলাৰ ৫৮টা ৰাজহ চক্ৰৰ ১,৩৬৬খন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলোৱাত ক্ষতিগ্ৰস্ত হৈছে ৪.৯৫ লাখ লোক৷ ইয়াৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বজালী জিলাত৷ বজালীত বাঢ়নী পানীৰ কৱলত পৰিছে ২.৬০ লাখ লোক৷ ইয়াৰ পাছতেই নলবাৰীত ৭৭ হাজাৰ, বৰপেটাত ৬৫ হাজাৰ, লখিমপুৰত ২৫ হাজাৰ, বাগ্‌সাত ২৪ হাজাৰ, তামুলপুৰত ১৯ হাজাৰ আৰু দৰঙত ১৩ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে৷ চলিত বানত বৰ্তমানলৈ কৃষিভূমি নষ্ট হৈছে ১৪ হাজাৰ হেক্টৰ৷ বান বিধবস্ত অঞ্চলসমূহত প্ৰশাসনে ১৬২টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে৷ চৰকাৰী শিবিৰসমূহত আশ্ৰয় লৈছে প্ৰায় ১৫ হাজাৰ লোকে৷ ইফালে, বানপীড়িতসকলৰ বাবে প্ৰশাসনে পৰ্যাপ্ত আশ্ৰয় শিবিৰ স্থাপন নকৰাৰ অভিযোগ উঠিছে৷ ইফালে, বৃহস্পতিবাৰে বাগ্‌সাৰ শালবাৰীত বাঢ়নী পানীয়ে উটুৱাই নিয়ে এজন লোকক৷ অৱশ্যে সন্ধিয়ালৈ মৃতদেহ উদ্ধাৰ কৰা লোকজন  মছলাবাৰীৰ অজয় দাস বুলি চিনাক্ত কৰা হৈছে৷ বৃহস্পতিবাৰে কাহিলিপুৱা বজালীৰ পাঠশালাত পহুমৰা নৈৰ বাঢ়নী পানীয়ে মেধিকুছিত এটা মথাউৰি ছিঙি নিয়াত বৃহৎ অঞ্চল পানীয়ে বুৰাই পেলাইছে৷ মথাউৰিটোৰ দুটা স্থানত বাঢ়নী পানীয়ে ছিঙি নিয়াত পোহনীয়া গৰু-ছাগলী পৰ্যন্ত পানীত উটি যায়৷ গহপুৰতো বাঢ়নী পানীয়ে চত্ৰং নৈ মথাউৰি ছিঙি নিয়াত বানৰ কৱলত পৰিছে গহপুৰ নগৰৰ কেইবাটাও ৱাৰ্ড৷ ইফালে, বুধবাৰে বৰমাৰ আলাগজাৰ চাৰনপাৰাত পাগলাদিয়া নৈৰ পানীয়ে ছিঙি নিয়ে মথাউৰি৷ অৱশ্যে বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ পাছতো জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই বানৰ প্ৰকোপ আগতকৈ হ্ৰাস পোৱা বুলিহে উদ্ভট মন্তব্য কৰা দেখা গৈছে৷ বিভাগীয় মন্ত্ৰীজনে নতুনকৈ নিৰ্মাণ কৰা কোনো মথাউৰি ছিঙা নাই বুলি দাবী কৰাৰ লগতে পুৰণি মথাউৰিহে বাঢ়নী পানীত ছিঙা বুলিও সদৰী কৰিছে৷

বৰমা-পাটাছাৰকুছিত বানত আক্ৰান্ত ১.১৯ লাখ লোক

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ বজালীৰ মাজেৰে বৈ যোৱা পহুমাৰা আৰু কালদিয়া নৈয়ে কালৰূ¸পধাৰণ কৰি সাধাৰণ ৰাইজলৈ নমাই আনিছে অমানিশা৷  গাঁও-ভূঁই তচ-নচ কৰি এফালৰ পৰা বুৰাই পেলাইছে মানুহৰ ঘৰ-দুৱাৰ, খেতিপথাৰ৷ পহমাৰা নৈৰ বিশাল জলৰাশিয়ে দুঠাইত মথাউৰি চিঙাৰ ফলত এক অৱৰ্ণীয় পৰিৱেশৰ সৃষ্টি হৈছে বজালীত৷ আজি পুৱা বিৰবিৰা সমীপৰ কটবাৰী আৰু গহীনপাৰাত মথাউৰি চিঙাৰ ফলত বহুতো নতুন নতুন ঠাই পানীত বুৰ যায়৷ উক্ত দুঠাইত মথাউৰি চিঙাৰ ফলত কটবাৰী বিৰবিৰা আদি ঠাইত SDRF আৰু NDRF বাহিনীক উদ্ধাৰকাৰ্যত নিয়োগ কৰা হৈছে৷ ২০২২ চনৰ জুন মাহৰ বানৰ ভয়াৱহ স্মৃতি বানপীড়িত ৰাইজৰ মাজত সজল হৈ থকাৰ সময়তে পুনৰ বানৰ ভয়াৱহতাই আতঙ্কিত কৰি তুলিছে বজালীৰ ৰাইজক৷ বজালীৰ পিপলা গাঁৱৰ মাধুৰী চকলৈ যোৱা পথটোৰ বহুঅংশ কালদিয়াৰ বাঢ়নী পানীয়ে চিঙি নিয়াৰ ফলত যোৱা কালি কেইবাখনো ৰাজহ গাঁও পানীত বুৰ যায় আৰু পিপলা অঞ্চলৰ পিপলা মাজৰ চুৱা, ভড়ালী পাৰা, উওৰ পিপলা,  মাধুৰী চক পখা, বগাপৰা আদিকে ধৰি অনেক ৰাজহ গাঁও প্লাবিত কাৰাৰ উপৰিও ভোগেশ্বৰ মন্দিৰ ও পিপলা মাধুৰী চক সংযোগী পথটো এইবাৰো চিঙি পেলাইছে৷ ওচৰতে থকা পকী দলংখনৰ এপ্ৰোছটো পানীয়ে উটুৱাই নিলে৷ ফলত বহুতো লোক আশ্ৰয় শিবিৰত থাকিবলগা হৈছে৷ ইপিনে কালিয়া নৈ পানীয়ে শ্বহীদ মদন ৰাউতা পথটোৰ বহুতো ঠাই ডুবাই পেলায়৷ যোৱা কালিৰে পৰা পানীৰ তীব্ৰ সোঁতে বজালীৰ সদৰ পাঠশালা চহৰ প্লাবিত কৰিছে৷ পাঠশালাৰ কেইবাখনো চৰকাৰী-বেচৰকাৰী বিদ্যালয় পানীত বুৰ গৈছে৷ বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় বজালী প্ৰগতি সংঘ পাঠশালা আজাদ ভৱন, পাঠশালা জৌতিনগৰ, লাচিত নগৰ, কৃষ্ণ নগৰ আদি বহু অনুষ্ঠান পানীত বুৰ যায়৷ তদুপৰি, পাঠশালাৰ কলেজ ৰোড সম্পূৰ্ণৰূ¸পে পানীত বুৰ যায়৷ আনহাতে, বজালীৰ একমাত্ৰ অসামৰিক চিকিৎসালয় আজি পানীত বুৰ যোৱাৰ ফলত ৰোগী আৰু আত্মীয়ৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়৷ লগে লগে কেইবাগৰাকী প্ৰসূতিৰোগীসহ আন আন ৰোগীক ট্ৰেচাৰত তুলি পানীৰ মাজেৰে পাঠশালাৰ মাৰোৱাৰী ভৱনলৈ স্থানান্তৰিত কৰা হয়৷ এতিয়াৰে পৰা ৰোগীসকলক পাঠশালা মাৰোৱাৰী ভৱনত চিকিৎসা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে, জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকাই বজালীৰ বিভিন্ন অঞ্চল পাৰিদৰ্শন কৰি সাহায্য সামগ্ৰীৰ তদাৰকৰ বাবে বিভাগীয় কতৃৰ্পক্ষক নিৰ্দেশ প্ৰদান কৰে৷ আনহাতে, প্ৰতিবছৰে মথাউৰি বানে ভাঙি প্ৰলয় সৃষ্টি কৰাৰ সন্দৰ্ভত কয় যে এইবাৰ নতুন পদ্ধতিৰে মথাউৰিৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰা হৈছে৷ নদীৰ দুয়োপাৰে দুতৰপীয়া মথাউৰিৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব৷ যোৱা বছৰৰ নিচিনাকৈ এইবাৰ বৃহৎ ক্ষতি হোৱা নাই যদিও ৰাজ্যখনৰ চাৰি ঠাইত মথাউৰি চিঙাৰ কথা উল্লেখ কৰে মন্ত্ৰীজনে৷ ইয়াৰে বজালীত দুটা বৰমাত এটা আৰু নাওবৈচাত এটা মথাউৰি চিঙাৰ কথা মন্ত্ৰীজনে জানিবলৈ দিয়ে৷ নামনি অসমৰ বৰমা টিহু পাটাছাকুছি পাঠশালা ভৱানীপুৰ আদিকে ধৰি ৰলাখ ১৯হাজাৰ মানুহ ক্ষতিগ্ৰস্থ হোৱা বুলি মন্ত্ৰীজনে সাংবাদিকৰ আগত উল্লেখ কৰে৷ আনহাতে, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে আজি দিনৰ ভাগত টিহু মৌজাৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতি আৰু সাহায্য সামগ্ৰী তদাৰক কৰাৰ বাবে বিভাগসমূহক নিৰ্দেশ প্ৰদান কৰে৷

পল্লা নৈৰ বানত বুৰিল শতাধিক গাঁও

‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদকঃ ভূটানৰ পৰা বৈ অহা বৃহৎ নদীবান্ধৰ পানীৰ লগতে এসপ্তাহ ধৰি ধাৰাষাৰ বৰষুণৰ ফলত পহুমৰা, পল্লা আৰু ৰূপহী নৈয়ে বিপদসীমাৰ ওপৰেৰে বৈ ভৱানীপুৰ বিধানসভা সমষ্টিত ভয়াৱহ বানৰ সৃষ্টি কৰিছে৷ বাতৰি লিখা পৰলৈকে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ ভৱানীপুৰ সমষ্টিৰ পূব দিশত বৈ যোৱা পহুমৰা নৈৰ মথাউৰি কালি দিনৰ ভাগত নকুছি পথাৰত বিছিন্ন হোৱাৰ পাছত মাজ নিশা কটহবাৰীত নৈখনৰ মথাউৰি চিঙি যায়৷ ফলত কটহবাৰী আৰু নকুছি পথাৰ অঞ্চলত ভয়াৱহ বানৰ সৃষ্টি হৈছে৷ তদুপৰি, পহুমাৰা নৈৰ বাঢ়নী পানীয়ে কাৰটুপ, শিঙিমাৰী, মৈৰামভিঠা, পঠিমাৰী, ঘাঠাৰট্টাৰী, মেধিকুছি, হঠিনাপুৰ, মইনামতী, চেকী, শিমলাৰতল, চ’ৰাভিঠা, ওজাসস্তৰ, বাটুৱা, দলোৰপাথাৰ, বৰভিঠা, কদমতলা, চাউলীয়বৰী, সানিকুৰা, ভকুৱামাৰী, তেতেলীৰতল, সাউৰাগুৰি, তালতল, দেনাৰট্টাৰী, নয়াপাৰা, ঠেকা, নলবাৰীপাম, ধুমাৰকুৰ, কুৰোবাহাপাথাৰ, কহৰা, কহৰাপাথাৰ, বাংলীপাৰা, সৰুপেটা নপাৰা, কহৰা, কাটলা, টাংলা, নকুছি, মাধৱপুৰ, খৰমা, অটা, দাইৰাবাৰী, চাপাৰবৰী, কৰেগাৰী, দঙাৰপাৰ, ভৱানীপুৰ, দক্ষিণহাটী, নহাটী, তাৰিমুৰ, পূৱহাটী, ৰাজাঘাট, পালপাৰা, মাহতলী, ডেকাপাৰা আদি বিভিন্ন গাঁৱত বানৰ সৃষ্টি হৈছে৷ আনহাতে, ভৱানীপুৰ সমষ্টিৰ পশ্চিম দিশে পল্লা নৈৰ বাঢ়নী পানীয়ে ভয়াৱহ বানৰ সৃষ্টি কৰিছে শুকমানাহ, পোৰাভড়াল, আনন্দপুৰ, পূৰ্বলুৱাশুৰ, ধুপালপাৰা, মাজগাঁও, নমাটি, উকীলবস্তি, কাচিট্টাৰী, বালাৰজান, হৰিপুৰকে অঞ্চলটোৰ বিভিন্ন গাঁৱত৷ আনহাতে, ৰূপহী নৈৰ বাঢ়নী পানীয়ে ভৱানীপুৰ বিধানসভা সমষ্টিৰ উত্তৰ প্ৰান্তৰ পকালাগী, ৰূপহী, ৰাজাবিল, হলংবাৰী, কঠালমূৰী, বতিয়ামাৰী, মাধপুৰ, চেংলীমাৰী, পানপাৰা গাঁৱত ভয়াবহ বানৰ সৃষ্টি কৰিছে৷ বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ শতাধিক গাঁৱত ভূটানৰ বৃহৎ নদীবান্ধৰ পানীয়ে পহুমৰা, পল্লা আৰু ৰূপহী নৈৰ জৰিয়তে সৃষ্টি কৰা বানে কালৰূপ ধাৰণ কৰিছে৷ শতাধিক গাঁৱৰ ৰাস্তা-ঘাত, ঘৰ-দুৱাৰ বানত ডুব গৈছে৷ জনসাধাৰণৰ, পশুৰ আলৈ-আথানি হৈছে৷ বাতৰি লিখা পৰলৈকে ভৱানীপুৰ বিধানসভা সমষ্টিৰ প্লাৱিত গাঁওসমূহত বান বৃদ্ধি পাই আছে৷ তদুপৰি, মাজগাঁও-কালঝাৰ পথ বানত বিছিন্ন হোৱাৰ লগতে পুৰণ ভৱানীপুৰত সৰুপেটা-বৰপেটাৰোড পথৰ ওপৰত থকা পকী দলং বানত খহি যোৱাত দুয়োটা পথেৰে যোগাযোগ বিছিন্ন হৈ পৰিছে৷ আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰীয়ে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰৰ সৈতে উপস্থিত হয় কটহবাৰীৰ পহুমৰা নদীৰ মথাউৰি ছিঙা স্থানত৷ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী হাজৰিকাই৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই ভৱানীপুৰ বিধানসভা সমষ্টিৰ বান পৰিস্থিতি অধ্যয়ন কৰি সংবাদ মাধ্যমৰ আগত কয় যে- ‘ভূটানৰ লগত আমাৰ জিলা প্ৰশাসনৰ যোগাযোগ থাকেই৷ তেওঁলোকে পাহাৰত থাকে, তেওঁলোকে বান্ধৰ পানী এৰি দিবয়েই৷ কিন্তু আমি ভূটান চৰকাৰক আহ৩ান জনাওঁ যে- অলপ চোৱা-চিতা কৰি, বিধিগত কৰি যাতে নদী বান্ধৰ পানী এৰি দিয়ে৷ ভূটানৰ লগত আমি যোগাযোগ কৰিম’৷ মন্ত্ৰী হাজৰিকাই কয় যে- ‘এইবাৰৰ বানত বৰ্তমানলৈকে অসমৰ তিনিটা মথাউৰিৰ চাৰিটা স্থানত চিঙিছে৷ ভৱানীপুৰ সমষ্টিৰ পহুমৰা নৈৰ মথাউৰি দুই স্থানত, নাওবৈচাত শিংৰা নৈৰ মথাউৰি এটা স্থানত আৰু বৰমাত নৈৰ মথাউৰি এটা স্থানত চিঙিছে৷ পৰৱৰ্তী সময়ত মথাউৰি চিঙি যোৱা অংশত ওচৰা-ওচৰিকৈ ডৱল মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হ’ব৷ যাতে মথাউৰি চিঙি নাযায়৷ বানৰ পৰা ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত নদীৰ মথাউৰি নিৰ্মাণৰ ওপৰত নতুনকৈ পৰিকল্পনা কৰা হ’ব’৷ বৃহত্তৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ কৃষিভূমিৰ কৃষিকাৰ্য সম্পূৰ্ণভাৱে বানত ডুব গৈছে৷

ঘগ্ৰাপাৰত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি

আমাৰ অসমৰ ঘগ্ৰাপাৰৰ প্ৰতিবেদকঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলিং গাঁৱৰ নিৱাসী হিৰণ্য মল্ল বৰুৱাৰ আজি সলিল সমাধি ঘটাত বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনা অনুসৰি আজি আবেলিৰ ভাগত চিলিং গাৱঁৰ সমীত ২ নং নিমুৱা লাটিমাৰ কালভাৰ্টৰ কাষত জালেৰে মাছ মাৰিবলৈ যায়৷ বিগত বৰ্ষৰ বানত উটুৱাই নিয়া কালভাৰ্টৰ ঠাইখিনি ঠিকাদাৰে খান্দি নতুনকৈ কালভাৰ্ট নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱাৰ পাছত আজি কেইবামাহ ধৰি কালভাৰ্ট নিৰ্মাণৰ কাম আজিপৰ্যন্ত কৰা নাই৷ উক্ত ঠাইখিনিতে হিৰণ্য মল্ল বৰুৱাই লগৰীয়াৰ সৈতে জালেৰে মাছ মাৰি আছিল বুলি জানিব পৰা গৈছে৷ মাছ মাৰি থাকোঁতে কেতিয়া তেওঁ পানীত পৰিল কোনেও দেখা নাই৷ কিছু পাছত তেওঁক তাত দেখা নাপায় হুৱাদুৱা লাগে৷ তেওঁ নিয়া চাইকেলখন আৰু মাছলোৱা বাল্টিটো পাৰত থাকে৷ ইয়াৰ পাছত স্থানীয় যুৱককেইজনমানে পানীত নামি বিচাৰি চলাথ কৰে যদিও বিচাৰি নাপায়৷ ঘটনাৰ খবৰ পাই ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে ঘগ্ৰাপাৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীক খবৰ কৰে৷ এছ ডি আৰ এফ বাহিনীৰ লোক আহি তেওঁলোকৰ বাহনেৰে পানীভাগত বিচৰাকাৰ্য কৰে৷ এছ ডি আৰ এফ বাহিনীৰ লোকসকলে বিচাৰি আছে যদিও বাতৰি লিখা পৰলৈ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই৷

বাগ্‌সাৰ শুকান মানাহ সুঁতিত ২ যুৱক সন্ধানহীন 

‘আমাৰ অসম’ৰ আনন্দ বজাৰৰ প্ৰতিবেদকঃ বাগ্‌সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত এলেঙমাৰী গাঁৱত বেকী নৈৰ বুকুত আৰু চমুৱাগাতি গাঁৱত শুকান মানাহ সুঁতিত পানীৰ সোঁতত আজি দুজন যুৱক পৃথকে পৃথকে সন্ধানহীন হৈ পৰে৷ শালবাৰীৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত এলেংমাৰীত এলেংমাৰী গাঁৱৰ ৰফিকুল ইছলাম[চ্ছ] নামৰ এজন যুৱকে দিনৰ প্ৰায় এঘাৰ বজাত বেকী নৈ সাঁতুৰি পাৰ হ’বলৈ ধৰোঁতে নদীৰ বুকুত যুৱকজন নিখোজ হৈ পৰে৷ আনহাতে, আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত চমুৱাগাতি গাঁৱৰ অজয় দাস[৩৪] নামৰ যুৱকজন আজি দিনৰ প্ৰায় তিনি বজাত গাঁওখনৰ মাজেৰে বৈ যোৱা শুকানমানাহ সুঁতিৰ পানীৰ সোঁতত নিখোজ হৈ পৰে৷ উল্লেখ্য,- বেকী নৈৰ বুকুত নিখোজ হৈ থকা ৰফিকুল ইছলাম আৰু শুকান মানাহ সুঁতিত নিখোজ হৈ থকা অজয় দাসৰ পৃথকে পৃথকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ বাতৰি লিখা পৰলৈকে নৈৰ পানীৰ সোঁতত নিখোজ হৈ থকা ৰফিকুল ইছলাম আৰু অজয় দাসৰ সন্ধান পোৱা নাই৷

সৰ্থেবাৰী-বৰপেটা পথত চলিছে নাও-ভূৰ, শিক্ষানুষ্ঠান বন্ধ

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টি তথা সৰ্থেবাৰী ৰাজহ চক্ৰৰ বান পৰিস্থিতিয়ে আজি ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ অঞ্চলটোত বাঢ়নী পানীৰ প্ৰকোপ ইমানেই বাঢ়িছে যে, আজি সৰ্থেবাৰী-পাঠশালা সংযোগী লোকনিৰ্মাণ বিভাগৰ ডাঃ জিনাৰাম পথটোৰ বতিয়া ওচৰত প্ৰায় তিনিশ মিটাৰ বানে উটুৱাই লৈ যায়৷ ফলত পথটোৰে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে৷ উল্লেখ্য, সম্প্ৰতি সৰ্থেবাৰী-পাঠশালা সংযোগী ডাঃ জিনাৰাম পথটো নতুনকৈ নিৰ্মাণ কৰি থকা হৈছিল৷ যথেষ্ট আহল-বহলকৈ নিৰ্মাণ কৰি থকা পথটো এনেদৰে বানে উটুৱাই নিয়াৰ বাবে ৰাইজে ঠিকাদাৰৰ কামৰ স্বৰূপ প্ৰকাশ পাইছে বুলি মন্তব্য কৰিছে৷ তদুপৰি, সৰ্থেবাৰী-বৰপেটা সংযোগী পথটোৰ গহিয়া আৰু শিংৰাৰ লগতে গহিয়া আৰু হাঁহচৰাৰ মাজৰ কেবাঠাইত দুই -তিনি ফুটপৰ্যন্ত পানী বাগৰি আছে৷ ফলত পথটোৰে সম্পূৰ্ণৰূপে যোগাযোগ বন্ধ হৈ পৰিছে৷ ইফালে, সৰ্থেবাৰী বৈদু্যতিক উপ-সংমণ্ডলৰ পাৱাৰ হাউছত বাঢ়নী পানী সোমোৱাত যোৱা দুদিনধৰি সমগ্ৰ অঞ্চলটোত বিজুলী সৰবৰাহ বন্ধ হৈ আছে৷ সৰুক্ষেত্ৰী সমষ্টিৰ সকলোবোৰ গাঁৱৰ ভিতৰত পানী সোমাই ঘৰ-বাৰী বুৰাই পেলাইছে৷ মানুহৰ ঘৰ-বাৰী পানীত বুৰ যোৱাত ওখ স্থান, স্কুল ঘৰ আদিত আশ্ৰয়গ্ৰহণ কৰিছে৷ সৰ্থেবাৰী নগৰ সম্পূৰ্ণৰূপে পানীৰ তলত থকাৰ পৰিপ্ৰেক্ষিতত বানাক্ৰান্ত লোকসকলে কেইবাটাও আশ্ৰয় শিবিৰত আশ্ৰয়গ্ৰহণ কৰিছে৷ অনুৰূপধৰণে গহিয়া, শিংৰা, গড়ৰতাৰি, ৰাউলী, ভকুৱাটেপা আদি গাঁৱৰ বানাক্ৰান্ত ৰাইজে আশ্ৰয় শিবিৰত আশ্ৰয়গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ অঞ্চলটোৰ গৰিষ্ঠসংখ্যক স্কুলগৃহ পানীৰ তলত থকাত বানাক্ৰান্ত লোকসকলে আশ্ৰয়গ্ৰহণ কৰাত আন এক সমস্যাই দেখা দিছে৷ মন কৰিবলগীয়া কথা, চৰকাৰী নিৰ্দেশ অহাৰ পূৰ্বেই সৰুক্ষেত্ৰী সমষ্টিৰ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে৷ কিয়নো, শিক্ষানুষ্ঠানসমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত আপোনা-আপুনি বন্ধ হৈ পৰিছে৷ আনহাতে, পাৰাহকুছি আৰু কালাতলীত বুঢ়াদিয়া নৈৰ মথাউৰি আজি পুনৰ চাৰি ঠাইত বানেþ উটুৱাই নিয়াত অঞ্চলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া কথা যে, টিহু-সৰ্থেবাৰী লোকনিৰ্মাণৰ পথৰ ওপৰেৰে দেওবাৰৰ পৰা পানী বাগৰি আছে৷ ফলত পথটোৰে যাতায়াত বিঘ্নিত হৈ আছে৷ তদুপৰি, সৰ্থেবাৰী নগৰৰ গাতে লাগি থকা ক্ষুদ্ৰ গোমূৰা-শান্তিপুৰ সংযোগী পথ, বামুন্দী-সৰ্থেবাৰী পথ, শিংৰা- বামুন্দী পথ, গহিয়া-ৰঙীয়া নদীৰ পাম পথ, হাঁহচৰা-ভক্তৰডবা পথ ৰাজাঘাট-বৰশিমলা লোকনিৰ্মাণ পথকে ধৰি গৰিষ্ঠসংখ্যক লোকনিৰ্মাণৰ পথ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত পথসমূহেৰে যাতায়াত ব্যাহত হৈ পৰিছে৷ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ আনহাতে, পশু ৰখা স্থানৰ লগতে খাদ্যৰ বাবে কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে৷ বাতৰি লিখা পৰলৈকে অঞ্চলটোৰ নতুন নতুন ঠাই বানৰ কৱলত পৰাৰ বাতৰি আহিয়েই আছে৷ ক্ৰমে বানৰ প্ৰকোপ বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত ৰাইজ আতংকিত হৈ আছে৷

কোক্‌ৰাঝাৰত গৌৰাং নৈৰ বাঢ়নী পানীয়ে বুৰালে গাঁও

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ বিগত৷ এসপ্তাহ ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বিটিচিৰ সদৰ কোকৰাঝাৰ জিলাৰ সুভাইঝাৰ গাঁৱত প্ৰচণ্ড  প্ৰলয়ৰ সৃষ্টি হৈছে৷ প্ৰকাশ যে, কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ দূৰত্বৰ দক্ষিণ সুভাইঝাৰ গাঁৱত গৌৰাং নদীৰ বাঢ়নী পানীয়ে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী, খেতিপথাৰ সকলো উছন গৈছে৷ উল্লেখযোগ্য যে কেইবাদিন ধৰি দি থকা মুষলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠা গৌৰাং নৈৰ বাঢ়নী পানীয়ে আজি শেষনিশা পৰিয়ালকেইটাৰ বাসগৃহসমূহ বুৰাই পেলায়৷  ইতিমধ্যে জিলা প্ৰশাসনে বানপীড়িত পৰিয়ালসমূহ এছডিআৰএফ বাহিনীৰ জৰিয়তে উদ্ধাৰ কৰি দক্ষিণ ছুবাইঝাৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত সংস্থাপিত কৰিছে৷ জানিব পৰা মতে, বন্যাৰ্ত পৰিয়ালকেইটাক জিলা প্ৰশাসনে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী যোগানৰ বাবে উদ্যোগ লৈছে৷  উল্লেখ্য, ৩০নং পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে আজি নিজে সোঁশৰীৰে বানাক্ৰান্ত সুভাইঝাৰবাসীৰ কাষত থিয় দি তেওঁলোকৰ বা-বাতৰি লয়৷ তেওঁ সংবাদ মাধ্যমৰ আগত অঞ্চলটোত গৌৰাং নদীয়ে ভয়ানকৰূপ ধাৰণ কৰিছে বুলি সদৰি কৰি বানাক্ৰান্ত পৰিয়ালকেইটাৰ ক্ষয়-ক্ষতিৰ বুজ লয়৷ তেওঁ লগতে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ আহ্বান জনায়৷

বানৰ কবলত নলবাৰীৰ এছপি অফিচ

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ নলবাৰীৰ ধমধমাৰ সমীপৰে উন্মুক্ত মথাউৰিৰে পানী সোমাই বৃহত্তৰ ধমধমা অঞ্চলকে ধৰি নলবাৰী চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহো প্লাৱিত কৰিছে৷ পাগলাদিয়াৰ বলিয়া বানে জিলাখনৰ নাহেৰবাৰী, সৰিয়হতলী, বৰসৰকুছি, বানেকুছিকে ধৰি বিভিন্ন স্থানত ৰাইজৰ বিলাই-বিপত্তি নোহোৱা কৰাৰ সমান্তৰালকৈ হাজাৰ হাজাৰ পৰিয়ালৰ ক্ষতিসাধন কৰিছে৷ ইফালে পাগলাদিয়াৰ পানী ন ন স্থানত উঠি ক্ষতিসাধন কৰিছে বহু পৰিয়ালৰ৷ নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদতো একাঁঠুপৰ্যন্ত পানী উঠিছে৷ কাম-কাজ বন্ধ হৈ পৰিছে সকলো৷ ইফালে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কোৱাৰ্টাৰকে ধৰি আৰক্ষীৰ লোকসকল থকা বহু স্থানত পানী উঠাৰ ফলত থকাৰ অনুপযোগী হৈ পৰিছে কোৱাৰ্টাৰসমূহত৷ আৰক্ষীৰ যান-বাহনসমূহো আৰক্ষী ছাউনীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ স্থানান্তৰ কৰা হৈছে৷ কিয়নো কোন মুহূৰ্তত বানে কেনে সংহাৰীৰূপ লয় তাৰ কোনো নিশ্চয়তা নাই৷