Logo
image

গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে কুকুৰ চুৰিৰ ঘটনা : অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ জীৱ-জন্তু সুৰক্ষাৰ বাবে বিভিন্ন সংগঠনে কাম কৰি থকাৰ সময়তে এচামে জীৱ-জন্তুৰ চোৰাং ব্যবসায় অব্যাহত ৰাখিছে। গুৱাহাটীত বিভিন্ন ধৰণৰ চুৰি-ডকাইতিৰ মাজতে এইবাৰ সংঘটিত হৈছে কুকুৰ চুৰিৰ ঘটনা। দিন-দুপৰতে পথৰ পৰা একাংশ লোকে চুৰ কৰিছে কুকুৰ। পথত থকা কুকুৰক খাদ্য-বস্তু দিয়াৰ ছলেৰে গাড়ীত উঠাই লৈ যায় চোৰৰ দলে। শেহতীয়াকৈ জু-ৰোড, গীতানগৰ অঞ্চলৰ পৰা চোৰৰ দলে চুৰ কৰিছে কেইবাটাও পথৰ কুকুৰৰ লগতে একাংশ লোকৰ পোহনীয়া কুকুৰো। চি চি টিভি কেমেৰাত বন্দী হৈছে কুকুৰ চুৰিৰ সমগ্ৰ দৃশ্য। ইয়াৰ ভিত্তিতে কুকুৰৰ গৰাকীৰ লগতে পথৰ কুকুৰ সংৰক্ষণৰ বাবে কাম কৰি অহা স্বেচ্ছাসেৱী সংস্থাই এই সন্দৰ্ভত কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছে।