Logo
image

শিশুক শাৰীৰিক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল প্ৰাক্তন মন্ত্ৰীসহ পত্নী

ডিজিটেল সংবাদ, ডবকাঃ এটি শিশুক নিৰ্যাতন চলোৱা গোচৰত গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন মন্ত্ৰী আব্দুল ৰৌফ আৰু পত্নী ফাৰহানা বেগম৷ জিলা শিশু সুৰক্ষা বিষয়া নিৰঞ্জন তালুকদাৰে হোজাই থানাত তৰা এক গোচৰত পত্নীসহ প্ৰাক্তন মন্ত্ৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰ আদালতলৈ প্ৰেৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে ফাৰহানাক দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে দুয়োকে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বয়স আশীৰ উৰ্দ্ধত হোৱাৰ বাবে যদি চিকিৎসাৰ প্ৰয়োজন হয়, তেন্তে চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰিব বুলিও আদালতে নিৰ্দেশ দিয়ে বুলি চৰকাৰী অধিবক্তা অমৰ জৌতি শইকীয়াই জানিবলৈ দিয়ে৷

এই ঘটনা সংক্ৰান্তত  ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৭০(৪)/৩৪ ধাৰাত R/W শিশু ন্যায় আইনৰ ৭৫ নং ধাৰা আৰু আৰ ডাব্লিও শিশু শ্ৰমিক বিৰোধী আইনৰ ১৪ নং ধাৰাত হোজাই থানাৰ  ৩০০/২৩  নম্বৰ গোচৰত আৰক্ষীয়ে হোজাই সদৰ শঙ্কৰদেৱ নগৰ ন্যায়িক আদালতত হাজিৰ কৰে। উল্লেখ্য যে অলপতে সামাজিক মাধ্যমত এগৰাকী কণমানি কন্যা শিশুক কোবাই থকাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কণমানি ছোৱালীজনীক এচাৰিৰে কোবাই থকাৰ দৃশ্য দেখা যায় ভাইৰেল হোৱা ভিডিঅ'ত৷ ছোৱালীগৰাকীয়ে নামাৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও তাইৰ ওপৰত চলাই থকা হৈছিল নিৰ্যাতন৷ কণমানি শিশুটিয়ে টোপনিত মহিলাগৰাকীক বাধা দিয়াৰ বাবে মাৰপিট কৰা বুলি চিঞৰি থকা শুনা যায়। শিশুটিক নিৰ্যাতন কৰি থকা সময়ত প্ৰাক্তন মন্ত্ৰীজন এখন চকীত বহী প্ৰত্যক্ষ কৰি আছিল যদিও মাৰপিট কৰা কাৰ্যত বাধা প্ৰদান কৰা নাছিল। এই ভিডিঅ' ভাইৰেল হোৱাত বিভিন্ন দল সংগঠন, ব্যক্তিয়ে নিৰ্যাতন কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সৰ্বত্ৰে দাবী উত্থাপন কৰিছিল। 

কণমানি কিশোৰীক নিৰ্যাতন চলোৱা মহিলাগৰাকী হাজী আব্দুল ৰৌফৰ পত্নী বুলি দাবী কৰিছিল ৰাইজে আৰু বৃহস্পতিবাৰে নিশাৰ ভাগত অগপৰ প্ৰাক্তন মন্ত্ৰীজনৰ ঘৰত উপস্থিত হয় হোজাই আৰক্ষী৷ আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰীৰ লগতে পত্নী ফাৰহানা ৰৌফক আটক কৰে৷ হোজাইৰ গোপাল নগৰত থকা প্ৰাক্তন মন্ত্ৰীজনৰ বাসগৃহৰ পৰা ফাৰহানাক আটক কৰিছিল । হোজাই থানাত আৰক্ষীয়ে সোধ-পোছ কৰাৰ অন্তত আজি দুয়োজনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে উক্ত ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত আমছুৱে ডবকা থানত এখন এজাহাৰ দাখিল কৰিছিল আৰু ডিজিপি জিপি সিঙে টুইটযোগে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল হোজাই আৰক্ষীক।