Logo
image

প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই জনপ্ৰতিনিধিয়েঃ তামোলপাণৰ শৰাই আগবঢ়াই পথ মেৰামতি কৰিবলৈ বিধায়কক আহ্বান গঞাৰ

ডিজিটেল সংবাদ, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকপথাৰৰ গাতে লাগি থকা উৱন গাঁৱলৈ যোৱা কাকপথাৰ তিনিআলিত ১৫ নং ৰাষ্ট্ৰীয় ঘইপথ সংযোগী মূল পথটো কদৰ্য্যময় অৱস্থাই জ্বলাকলা খুৱাইছে গাওঁবাসীক ৷ এজাক বৰষুণ দিলেই বোকাময় হৈ পৰা পথটোৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত বিপদসংকুল হৈ পৰাৰ লগতে উৱন সত্ৰলৈ আহ-যাহ কৰা দূৰ-দূৰণিৰ ভক্তসকলৰ উপৰি গাওঁবাসীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে ৷ চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়ক বলিন চেতিয়াৰ লগতে কাকপথাৰ গাওঁ পঞ্চায়তত পথটো মেৰামতিৰ বাবে গাওঁবাসীয়ে বহুবাৰ আবেদন নিবেদন কৰিও কোনো ফল নধৰাত গাওঁখনৰ এদল মহিলা আৰু কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বোকাময় পথচোৱাত উপস্থিত হৈ তামোল-পাণৰ শৰাই লৈ বিধায়কগৰাকীক পথচোৱা মেৰামতি কৰিবলৈ কাতৰ আহ্বান জনাই প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰে৷ গাওঁবাসীয়ে অভিযোগ কৰা অনুসৰি বিধায়কগৰাকীক আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো মেৰামতি কৰিবলৈ বহুবাৰ আবেদন জনোৱাৰ পিছত বিধায়কগৰাকীয়ে প্ৰতিবাৰে পথটি নিৰ্মাণৰ আশ্বাসৰ দিয়ে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ এই মূল পথটি অনতিবিলম্বে যাতায়তৰ বাবে উপযুক্ত কৰি নুতুলিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কৰাৰ লগতে আগন্তুক নিৰ্বাচন বৰ্জন কৰা হব বুলিও গাওঁবাসীয়ে সকীয়াই দিয়ে ৷