Logo
image

মাৰ্কিন কংগ্ৰেছত গণতন্ত্ৰৰ জয়গান মোদীৰ, ৰাজপথত মণিপুৰক লৈ বিক্ষোভ

‘আমাৰ অসম’, ২৪ জুনঃ এফালে মাৰ্কিন কংগ্ৰেছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গণতন্ত্ৰৰ মাতৃ আৰু আমেৰিকাত গণতন্ত্ৰৰ জনক বুলি অভিহিত কৰি বক্তৃতা প্ৰদান কৰিছে আৰু আনহাতে ৱাশ্বিংটনত প্ৰবাসী মণিপুৰীয়ে নিজ ৰাজ্যত চলি থকা গোষ্ঠীসংঘৰ্ষৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি একে সময়তে নতুন দিল্লী আৰু ৱাশ্বিংটনক অস্বস্তিত পেলাইছে৷ অৱশ্যে মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ আমেৰিকাত থকা যিসকলে মোদী চৰকাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে, সেই প্ৰতিবাদে আমেৰিকাৰ  সংসদৰ অভ্যন্তৰক  পোনপটীয়াকৈ স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল৷ কিয়নো আমেৰিকা আৰু ভাৰত উভয় পক্ষই  প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণকালত পাৰস্পৰিক সম্পৰ্ক পূৰ্বতকৈ সুদৃঢ় কৰাৰ ক্ষেত্ৰত অধিক মনোযোগী আছিল৷ এই ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰে উদ্দেশ্য সম্পূৰ্ণ পৃথক– কিন্তু লক্ষ্য একেই৷ এছিয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ উত্থানক ৰোধিবলৈ আমেৰিকাৰ বাবে ভাৰততকৈ আৰু উৎকৃষ্ট ঢাল নাই৷ এসময়ত পাকিস্তানক ভিত্তি কৰি ল’লেও এতিয়া আমেৰিকাৰ বাবে ভাৰতেই হৈছে চীনক প্ৰতিৰোধ কৰিব পৰা বৃহৎ শক্তি৷ স্বাভাৱিকভাৱে সাম্ৰাজ্যবাদী আমেৰিকাই চীনক ভেটিবলৈ ভাৰতৰ ওপৰত অৱলম্বন কৰাৰ বিকল্প নাই৷ সেয়ে মাৰ্কিন প্ৰশাসনে নৰেন্দ্ৰ মোদীক অসামান্য গুৰুত্ব প্ৰদান কৰিছে৷  ভাৰতে এই তত্ত্ব মুকলিকৈ মানি নলয়৷ ভাৰতৰ বাবে এই মুহূৰ্তত দেশৰ বজাৰখন আমেৰিকালৈ মুকলি কৰি দিয়াই মূল উদ্দেশ্য৷ আমেৰিকাই আগবঢ়োৱা সুযোগত সেই উদ্দেশ্যত নৰেন্দ্ৰ মোদী বহু পৰিমাণে সফল হৈছে৷ সেয়ে তেওঁ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে একেলগে আয়োজন কৰা সাংবাদিক সন্মিলনত দাবী কৰিলে– আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এটা নতুন অধ্যায় মুকলি হৈছে৷ এই অধ্যায় পূৰ্বৰ তুলনাত অধিক গাঢ়৷ তাৎপৰ্যপূৰ্ণভাৱে ২০১৪ চনৰ পৰা আজিলৈকে ভাৰতত কোনো সাংবাদিক সন্মিলনত সাংবাদিকৰ মুখামুখি নোহোৱা নৰেন্দ্ৰ মোদীয়ে ৱাশ্বিংটনত জো বাইডেনৰ সৈতে সাংবাদিকৰ মুখামুখি হ’বলগীয়াত পৰিল৷ সেই সাংবাদিক সন্মিলনত ভাৰতত মানৱাধিকাৰ লংঘন হোৱা আৰু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হোৱাৰ বিষয়ৰ প্ৰশ্নৰ মুখামুখি হ’বলগীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ 

পিছে ভ্ৰমণৰ প্ৰথম লেগত আমেৰিকাৰ সৈতে একাধিক বাণিজ্যিক চুক্তি সম্পন্ন কৰাত সফল হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ কংগ্ৰেছত যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰি ইতিহাসৰ সৃষ্টি কৰিলে৷ আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দি মোদীয়ে গণতন্ত্ৰ, মনুষ্যত্বৰ বিষয়ে গভীৰ ব্যাখ্যা আগবঢ়ায়৷ তেওঁ কয়– ‘সাত বছৰ পূৰ্বে মই এই ঠাইত থিয় হৈছিলো৷ বিগত সাত বছৰত বহু পৰিৱৰ্তন হ’ল৷ এতিয়া আমি যুগৰ সন্ধিক্ষণত থিয় হৈছো৷ নতুন সময়ৰ কথাটো মনত ৰাখি মই ভাৰতৰ হৈ কথা ক’বলৈ আহিছো৷ আমেৰিকাৰ সৈতে দীৰ্ঘপথ অতিক্ৰম কৰি ভাৰতে দেশখনৰ সৈতে বন্ধুত্বৰ পৰীক্ষাত সফলতা লাভ কৰিছে৷ আৰু গভীৰ হৈছে ভাৰত-আমেৰিকাৰ বন্ধুত্ব৷ এ আই অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম মেধাৰ যুগত এতিয়া আৰু এটা এ আই সৃষ্টি হৈছে, সেয়া হৈছে আমেৰিকা আৰু ভাৰত৷’ ভাৰতীয় অৰ্থনীতিৰ প্ৰসংগ টানি আনি তেওঁ কয়– ‘মই যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে আমেৰিকালৈ আহিছিলো তেতিয়া বিশ্বত ভাৰতৰ অৰ্থনীতি আছিল দশম স্থানত৷ আজি ভাৰতৰ অৰ্থনীতি পঞ্চম স্থানলৈ উন্নীত হৈছে৷ অতি শীঘ্ৰেই ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিত পৰিণত হ’ব৷ ভাৰতৰ যেতিয়াই উন্নতি হয়, তেতিয়াই বিশ্বৰো উন্নতি হয়৷ ভাৰত বিশ্বৰ প্ৰতি সৰ্বদিশতে দায়িত্বশীল৷ আমাৰ দৃষ্টিভংগী সম্পূৰ্ণ গ্ৰহটোৰ উন্নতি আৰু সমৃদ্ধিৰ পক্ষে৷’ প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত প্ৰদান কৰা ভাষণত উভয় দেশে মানৱতাৰ শত্ৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইমানদিনে একেলগে যুঁজি যোৱাৰ কথা সোঁৱৰাৰ লগতে ভৱিষ্যতেও যুঁজিবলৈ অংগীকাৰ কৰে৷ তেওঁ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানক নিজৰ ভাষণত লক্ষ্য কৰি লয়৷ আনহাতে নাম উচ্ছাৰণ নকৰাকৈ চীনে এছিয়াত কলীয়া ডাৱৰৰ সৃষ্টি কৰা বুলি মোদীয়ে মন্তব্য কৰে৷ মোদীয়ে দাবী কৰে, এই যুগ যুদ্ধৰ নহয়৷ এই যুগ হৈছে সংলাপ আৰু কূটনীতিৰ৷ প্ৰসংগতঃ, এয়া আছিল আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত মোদীৰ দ্বিতীয় ভাষণ৷ ২০১৬ চনত তেওঁ একেখন কংগ্ৰেছত যৌথ অধিৱেশনত ভাষণ প্ৰদান কৰিছিল৷ 

ইপিনে বৃহস্পতিবাৰে জো বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনে প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে আয়োজন কৰা নৈশভোজত ৪০০ বিশ্বৰ শীৰ্ষস্থানীয় লোকৰ সমাৱেশ ঘটিছিল৷ সেই নৈশভোজলৈ আমন্ত্ৰিত হৈছিল ভাৰতীয় ধনকুবেৰ সপত্নীক মুকেশ আম্বানি, উদ্যোগপতি আনন্দ মহিন্দ্ৰ৷ তদুপৰি নৈশভোজত উপস্থিত আছিল গুগলৰ চিইঅ’ সুন্দৰ পিচাই, এপল’ৰ চিইঅ’ টিম কুক, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, দেশৰ নিৰাপত্তা উপদেষ্টা অজিত দোভাল, বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচী৷ আনহাতে ভাৰতীয় বংশোদ্ভৱ হিচাপে উপস্থিত আছিল জিল বাইডেনৰ পলিচী ডাইৰেক্টৰ মালা আদিগা, পাৰ্ছনেল মেনেজমেণ্ট ডাইৰেক্টৰ কিৰণ আহুজা, আৰ্থিক সুৰক্ষা ব্যুৰ’ৰ ডাইৰেক্টৰ ৰোহিত চোপ্ৰা আৰু একাধিক ভাৰতীয় বংশোদ্ভৱ ব্যৱসায়ী৷ মোদী নিৰামিষভোজী হোৱাৰ বাবে হোৱাইট হাউছৰ ৰান্ধনীয়ে জিল  বাইডেনৰ নিৰ্দেশত নিৰামিষ আহাৰ তৈয়াৰ কৰিছিল৷ অৱশ্যে আমিষভোজীৰ বাবে পৃথকে আমিষ খাদ্যও আছিল৷ তাৎপৰ্যপূৰ্ণভাৱে মোদীৰ ঘনিষ্ঠ বন্ধু হিচাপে চৰ্চিত গৌতম আদানি অভ্যাগতৰ তালিকাত নাছিল৷