Logo
image

নগাঁও-লখিমপুৰৰ লিংক বিচাৰি হাবাথুৰি চিবিআইৰ

‘আমাৰ অসম’, ২৪ জুনঃ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ কাৰ্যতঃ তদন্ত সামৰণি পেলাইছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই৷       এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা চি বি আয়ে ইতিমধ্যে লখিমপুৰত অভিযান সমাপ্ত কৰিছে৷ জোনমণিৰ মৃত্যুৰ সৈতে নগাঁও আৰু লখিমপুৰত লিংক বিচাৰি একপ্ৰকাৰ হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে চি বি আইৰ৷ নগাঁৱত অভিযানৰ অন্তত তিনিদিন ধৰি লখিমপুৰত বাহৰ পাতি এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যভেদৰ অনুসন্ধান কৰা ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত যোৱা দলটোৱে একাধিক লোকক জেৰা কৰে৷ চি বি আইয়ে এছ আই জোনমণিৰ বিৰুদ্ধে অপহৰণ আৰু ধন লুটৰ অভিযোগত এজাহাৰ দিয়া আমিনা খাটুন নামৰ মহিলাগৰাকীক দুবাৰকৈ জেৰা চলায়৷ আনহাতে জোনমণিক আৰক্ষীৰে সু-সম্পৰ্ক থকা নকল সোণ আৰু জালনোট  চক্ৰই হত্যা কৰা বুলি বিস্ফোৰক অভিযোগ কৰা লখিমপুৰৰ হাছিনা বেগম নামৰ আনগৰাকী মহিলাকো জেৰা কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে হাছিনা বেগমে জালনোট চক্ৰৰে জড়িত থকাৰ অভিযোগ তুলি লখিমপুৰৰ তদানীন্তন এ এছ পি ৰুণা নেওগৰ লগতে আৰক্ষী বিষয়া সঞ্জীৱ বৰা, হিৰণ্য পাটৰ, বিষ্ণু দেউৰী, তৰুণ চন্দ্ৰ বড়ো আৰু হাছিনুৰ আলম নামৰ এজন সাংবাদিককে ধৰি মুঠ ১৭জনৰ বিৰুদ্ধে চি বি আইৰ তদন্তকাৰী বিষয়াৰ হাতত এজাহাৰো দাখিল কৰে৷ ২০ জুনৰ সন্ধিয়া লখিমপুৰত উপস্থিত হোৱা চি বি আইৰ ৮ জনীয়া দলটোৱে আবু তালিফ, ৰেজিবুল ইছলাম, নুৰ মহম্মদ, গুল খাতুন আৰু ওমেদ আলীকো জেৰা কৰে৷ তদুপৰি বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুকে ধৰি কেইবাজনো আৰক্ষী বিষয়াক জেৰা অন্তত চি বি আই দলটোৱে অভিযান সামৰণি পেলাই শুকুৰবাৰে পুনৰ নগাঁৱলৈ উভটি আহে৷ অৱশ্যে নগাঁও আৰু লখিমপুৰত চি বি আইয়ে চলোৱা অনুসন্ধানত এতিয়ালৈ এছ আই জোনমণি ৰাভাক হত্যাৰ কোনো ক্লু পোৱা নাই বুলি জানিব পৰা গৈছে৷ এই মুহূৰ্তলৈ চি বি আয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটোক দুৰ্ঘটনা বুলিয়েই নিশ্চিত হৈছে৷ আনহাতে লখিমপুৰৰ হাছিনা বেগমকো চি বি আয়ে বিশ্বাসযোগ্য সাক্ষী হিচাপে ল’ব বিচৰা নাই৷ অৱশ্যে পূৰ্বে এবাৰ জোনমণিৰ চৰকাৰী আৱাসত জোনমণিৰ মাতৃক লগত লৈ চি বি আইৰ দলটোৱে তালাচী চলোৱাৰ পাছত বৃহস্পতিবাৰে পুনৰ চি বি আইৰ আন এটা দলে জোনমণিৰ চৰকাৰী আৱাসত থকা লেপটপ পৰীক্ষা কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ নগাঁও-লখিমপুৰৰ একাধিক শীৰ্ষ আৰক্ষী বিষয়াৰ নাম চৰ্চালৈ আহিছিল যদিও কোনো এজন শীৰ্ষ আৰক্ষী বিষয়াক চি বি আয়ে বৰ্তমানলৈ জেৰা নকৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অথচ জোনমণি ৰাভাৰ মাতৃৰ লগতে হাছিনা বেগমে স্পষ্টকৈ কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ তুলিছিল৷ আটাইতকৈ আ(ৰ্যজনক বিষয়টো হৈছে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে’ত জখলাবন্ধা থানাত এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰত জোনমণিৰ মৃত্যুৰ ঘটনাটো দুৰ্ঘটনা নহয়, এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি নগাঁৱৰ ৪জন আৰক্ষী বিষয়াৰ নাম অভিযুক্ত হিচাপে এজাহাৰত উল্লেখ কৰিছিল৷ জোনমণি ৰাভাৰ মাতৃয়ে দাখিল কৰা এজাহাৰত নগাঁৱৰ তদানীন্তন আৰক্ষী বিষয়া কেইজনৰ নাম স্পষ্টকৈ লিখা থকাৰ পাছতো জখলাবন্ধাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই এজাহাৰত নাম থকা কোনো এজন আৰক্ষী বিষয়াক অভিযুক্ত নকৰাকৈ গোচৰটো পঞ্জীয়ন কৰাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ জখলাবন্ধা থানাত উক্ত এজাহাৰৰ ভিত্তিত জোনমণি ৰাভাক হত্যাৰ ভাৰতীয় দণ্ডবিধি ৩০২/৩০২ [বি]/৩৪ ধাৰা আৰোপ কৰি ৪৭/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰিলেও অভিযুক্তৰ তালিকাত কেৱল নগাঁৱৰ আৰক্ষী লোক আৰু অন্যান্য বুলিহে লিপিবদ্ধ কৰে ভাৰপ্ৰাপ্ত বিষয়াজনে৷ স্বাভাৱিকতেই জখলাবন্ধা আৰক্ষীয়ে জোনমণিৰ মৃত্যুৰ গোচৰটোৰ পৰা অভিযোগ উত্থাপন হোৱা আৰক্ষী বিষয়াকেইজনক ৰেহাই দিব যে বিচাৰিছিল সেয়া স্পষ্ট হৈ পৰিছে৷ অৱশ্যে এই গোচৰৰ তদন্তৰ ভাৰ চি বি আইৰ হাতলৈ যোৱাত তদন্তই শেষত কি মূৰ ল’ব সেয়া সময়তহে স্পষ্ট হ’ব৷ লক্ষণীয়ভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ পাছৰে পৰা লখিমপুৰ আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰা হাছিনা বেগম নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এইবাৰ লখিমপুৰত মুছলিম ছাত্ৰ সন্থাকে ধৰি একাধিক দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই তাৎপৰ্য বহন কৰিছে৷ শুকুৰবাৰে নাওবৈছা থানাৰ সন্মুখত প্ৰতিবাদকাৰীসকলে হাছিনা বেগম দেহ ব্যৱসায়ৰ সৈতে জড়িত বুলি অভিযোগ কৰি গ্ৰেপ্তাৰৰ দাবী জনায়৷

লখিমপুৰ এৰিলে চি বি আইৰ দলে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰঃ লখিমপুৰ আৱৰ্ত ভৱনৰ পৰা অৱশেষত চি বি আই দলটোৱে আজি নগাঁও অভিমুখে ৰাওনা হয়৷ বিগত চাৰিদিন ধৰি লখিমপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চলোৱাৰ লগতে লখিমপুৰৰ বহু নকল সোণ আৰু জালনোট চক্ৰৰে জড়িত লোকক তলব কৰি সোধ-পোছ কৰিছিল৷ ৮ জনীয়া চি বি আই দলটোৱে আমিনা খাতুন, হাচিনা বেগম, আবু তালিফ, বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগু, লালুক চক্ৰ পৰিদৰ্শক ভি আই মালেশ্বৰ থিকক আৰু আমিনা খাতুনক টকা ধাৰলৈ দিয়া ৰেজিবুল ইছলাম, নুৰ মহম্মদ, গুলে খাটুন, উমেদ আলি আদিক মাৰাথন জেৰা চলায়৷ লক্ষ্যণীয় কথা যে তদন্তকালত লখিমপুৰ সদৰ থানাৰ কম্পিউটাৰ তন্ন তন্নকৈ পৰীক্ষা কৰে চি বি আই দলটোৱে কম্পিউটাৰৰ হাৰ্ডডিক্স কপি কৰিও লৈ যায়৷ আজি ১০.৪৫ বজাত লখিমপুৰৰ পৰা নগাঁও অভিমুখে ৰাওনা হয় লাভলি কাটিয়াৰৰ নেতৃত্বত অহা ৮জনীয়া চি বি আই দলটো৷