Logo
image

আমষ্টাৰডামত ৰেস্তোৰাঁ মুকলি কৰিলে সুৰেশ ৰাঈনাই

‘আমাৰ অসম’, ২৪ জুনঃ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত ৰেস্তোৰাঁ মুকলি কৰিছে সুৰেশ ৰাঈনাই৷ অৱশ্যে তেওঁৰ এই ৰেস্তোৰাঁ ভাৰতত নহয়, নেডাৰলেণ্ডছৰ ৰাজধানী আমষ্টাৰডামতহে৷ নেডাৰলেণ্ডছবাসীক ভাৰতীয় ব্যঞ্জন আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিব বিচাৰে টীম ইণ্ডিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰজনে৷ ক্ৰিকেটৰ বাবে বিভিন্ন বাধা-নিষেধ মানি চলিবলগীয়া হ’লেও ৰাঈনা এজন খাদ্যৰসিক হিচাপেই পৰিচিত৷ ভাৰতীয় আহাৰক ইউৰোপত অধিক জনপ্ৰিয় কৰি তোলাৰ বাবে এই উদ্যোগ লৈছে প্ৰাক্তন ক্ৰিকেটাৰজনে৷ আমষ্টাৰডামত মুকলি কৰা তেওঁৰ ৰেস্তোৰাঁখনৰ নাম ৰখা হৈছে ‘ৰাঈনা’৷ সংবাদ মাধ্যমত নিজৰ নতুন ৰেস্তোৰাঁখনৰ ফটো প্ৰকাশ কৰি ৰাঈনাই লিখিছে–‘মই সকলো সময়তে ক্ৰিকেট আৰু বিভিন্ন খাদ্যবস্তুৰ অনুৰাগী৷ নেডাৰলেণ্ডছত ভাৰতীয় ৰেস্তোৰাঁ মুকলি কৰাৰ এক সপোন আছিল৷ এতিয়া সেই সপোন বাস্তৱত পৰিণত হ’ল৷ ৰেস্তোৰাঁখনত ভাৰতৰ বৈচিত্ৰ্যময় সুস্বাদু ব্যঞ্জনবোৰ সৰ্বস্তৰৰ লোকৰ বাবে প্ৰদৰ্শনৰ সুযোগ পাম৷’ ৰাঈনাৰ ৰেস্তোৰাঁত ভাৰতৰ সকলো ৰাজ্যৰ জনপ্ৰিয় খাদ্য পৰিবেশন কৰা হ’ব৷ খাদ্যবস্তুৰ  মান  আৰু সোৱাদৰ প্ৰতি বিশেষ নজৰ ৰখা হ’ব৷ ক্ৰিকেটপ্ৰেমী আৰু খাদ্যৰসিক হোৱা বাবে ৰাঈনাৰ ৰেস্তোৰাঁখনৰ ডেকোৰেশ্বনতো তাৰ প্ৰভাৱ পৰিছে৷ ৰেস্তোৰাঁখনত থাকিব মধ্যাহ্ন আৰু নৈশ ভোজনৰ বিশেষ ব্যৱস্থা৷ স্থানীয় লোকক ৰেস্তোৰাঁখনৰ সৈতে পৰিচয় কৰাৰ দিয়াৰ লক্ষ্যৰে প্ৰথম মাহটোত বিশেষ ৰেহাইৰ ব্যৱস্থা থাকিব বুলি জনোৱা হৈছে৷ ৰাঈনাৰ আশা নেডাৰলেণ্ডছত থকা প্ৰবাসী ভাৰতীয়সকলে তেওঁৰ ৰেস্তোৰাঁত পাব দেশীয় খাদ্যৰ সোৱাদ ল’ব পাৰিব৷ তাৰ লগতে স্থানীয় লোকেও ভাৰতীয় খাদ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাব৷