Logo
image

সমষ্টিবাসীৰ প্ৰতি উদাসীনতাঃ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ সমষ্টিবাসীৰ ৰোষত পৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ডিজিটেল সংবাদ, নলবাৰীঃ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ গৃহ সমষ্টিৰ বন্যাৰ্তৰ ৰোষত পৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। দীৰ্ঘদিন ধৰি বানত ককবকাই থকা ধৰ্মপুৰৰ একাংশ ক্ষুব্ধ বন্যাৰ্তই শুক্ৰবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী পাটোৱাৰীক দেখি সন্মুখতে তীব্ৰ ককৰ্থনা কৰা পৰিলক্ষিত হয়। আনকি বানপানীত বুৰ গৈ থকা বান আক্ৰান্তৰ ঘৰৰ পৰিস্থিতি কাষৰ পৰা স্বচক্ষে বুজ লোৱাৰ বাবে একাংশ মহিলাই মন্ত্ৰীগৰাকীক জোতা খুলি যাবলৈ দাবী জনায়। এনে পৰিস্থিতিত কিংকৰ্তব্যবিমুঢ় হৈ পৰা মন্ত্ৰী পাটোৱাৰীয়ে মাথো কয়--'দৰ্খাস্ত এখন কৰি দিয়ক, মই সহায় কৰিম।' উল্লেখ্য যে বছৰটোৰ প্ৰথমটো বানত ককবকাই থকাৰ পিছতো ধৰ্মপুৰ সমষ্টিৰ বন্যাৰ্তৰ খবৰ ল'বলৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সময় উলিয়াব নোৱাৰাত সমষ্টিবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অৱশেষত মন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে সন্ধিয়া গৃহ সমষ্টিটোৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহে যদিও ক্ষুব্ধ বন্যাৰ্তই মন্ত্ৰীগৰাকীক একপ্ৰকাৰ ঘেৰাও কৰি জবাবদিহি কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

সমষ্টিটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ ল'বলৈ আহৰি নোপোৱা মন্ত্ৰী পাটোৱাৰীয়ে ধৰ্মপুৰৰ পিনে পিঠি দি দিছপুৰতেই অধিক সময় কটোৱাত মন্ত্ৰীগৰাকীৰ প্ৰতি সমষ্টিটোৰ ৰাইজ ক্ষোভিত হৈ পৰা বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চিত হৈ পৰা পৰিলক্ষিত হৈছে। সমষ্টিটোৰ বিপদৰ সময়ত ৰাইজৰ কাষত নথকা বুলি প্ৰায়ে অভিযোগ উঠা মন্ত্ৰীগৰাকী দীৰ্ঘদিনৰ অন্তত গৃহ সমষ্টিত উপস্থিত হৈ বানপীড়িতৰ কাষলৈ যোৱাৰ পিছতেই  জাঙুৰ খাই উঠে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত ৰাইজ। শুক্ৰবাৰে সন্ধিয়াৰ ভাগলৈ বান-বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰা স্থানীয় বিধায়ক তথা মন্ত্ৰী পাটোৱাৰী ঠায়ে ঠায়ে বানপীড়িতৰ ককৰ্থনাৰ সন্মুখীন হৈ পৰা দেখা যায়। ইপিনে, বন্যৰ্তৰ বাবে আশ্ৰয় শিবিৰ পলমকৈ স্থাপন হোৱাক লৈও ক্ষোভ উজাৰিছে সমষ্টিৰ একাংশ বানপীড়িত মহিলাই৷ একাংশ ক্ষুব্ধ মহিলাই আনকি মন্ত্ৰীগৰাকীক জবাবদিহি কৰাও পৰিলক্ষিত হয়। সমষ্টিটোৰ পখুৰাতো একাংশ ক্ষুব্ধ বানপীড়িতই সংবাদ-মাধ্যমৰ সন্মুখতে মন্ত্ৰী পাটোৱাৰীক মুকলিকৈ ককৰ্থনাৰে ক্ষোভ উজাৰে। অৱশ্যে এগৰাকী বানপীড়িত মহিলাই স্থানীয় পঞ্চায়ত সভাপতিজনে এদিন খবৰ লোৱা বুলি ব্যক্ত কৰাৰ লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰা সুবিধাৰ বিষয়েও মন্ত্ৰী পাটোৱাৰীৰ সন্মুখতে স্বীকাৰো কৰিছে। উল্লেখ্য যে বিগত বানৰ সময়তো মন্ত্ৰীগৰাকীক সমষ্টিটোৰ বানপীড়িতই ঘেৰাও কৰি বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰিছিল।