Logo
image

মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবী বিৰোধী ঐক্য মঞ্চৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ "অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰাসকলক অসম বিদ্বেষী বুলি কৈছে৷ বিৰোধী দলসমূহৰ তথ্য সমৃদ্ধ তথা যুক্তিপূর্ণ বক্তব্যসমূহ অসম বিৰোধী নে অসম হিতৈষী সেয়া ৰাইজে বিচাৰ কৰিব" -এইদৰে কয় বিৰোধী ঐক্য মঞ্চ, অসমৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদনা লুৰীণজ্যোতি গগৈয়ে।  শনিবাৰে সংবাদ মাধ্যমক নেতাদ্বয়ে লগতে কয়- শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ দুটা কামে তেওঁৰ ৰাষ্ট্ৰদ্ৰোহী মানসিকতা স্পষ্ট কৰি দিছে৷  তেওঁৰ  প্ৰথমটো ৰাষ্ট্ৰদ্ৰোহী কাৰ্যৰ বিষয়ে ইতিমধ্যেই দেশবাসী অৱগত হৈছে যে মণিপুৰৰ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত আৰ এছ এছৰ নেতা ৰাম মাধৱক লগত লৈ তেওঁ নিষিদ্ধ ঘোষিত কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে বৈঠকত বহিছিল আৰু মণিপুৰৰ নিৰ্বাচনত বিজেপিৰ সপক্ষে উগ্ৰপন্থীৰ সহায় বিচাৰি চুক্তি কৰিছিল৷ এই কাৰ্য স্পষ্টভাৱে এটা বেআইনী কাৰ্যকলাপ৷ ভাৰতৰ সংবিধানৰ নামত পদ আৰু গোপনীয়তাৰ শপত লোৱা, সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিৰ এনে কাৰ্য অক্ষমণীয় ৰাষ্ট্ৰদ্ৰোহ৷ তাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেখেতক আৰু ৰাম মাধৱক গ্ৰেপ্তাৰ কৰিব লাগে৷ দ্বিতীয়তে, সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিদেশৰ মাটিত অস্বস্তিত পেলাই আমেৰিকাৰ জনগণৰ আগত ভাৰতৰ প্ৰধানমন্ত্ৰীক লজ্জানত কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো ৰাষ্ট্ৰদ্ৰোহৰ ঘটনা সংঘটিত কৰিলে৷ 'উপৰ্যুপৰি ৰাষ্ট্ৰদ্ৰোহত লিপ্ত হোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰক।"