Logo
image

উক্তি-বক্ৰোক্তি

আমেৰিকা আৰু ভাৰতে এতিয়া কেৱল নীতি তৈয়াৰ কৰাতেই ক্ষান্ত নাথাকে৷ এই দুয়োখন দেশে জীৱন, স্বপ্ন আৰু ভাগ্যক নতুন ৰূপ দিছে৷ বিশ্বত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা আৰম্ভ 
কৰি নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশেই উন্নত ভৱিষ্যতৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে৷ আমেৰিকাৰ সৈতে ভাৰতৰ এই নতুন সম্পৰ্ক আৰু যাত্ৰাই বিশ্বক নতুন ৰূপ প্ৰদান কৰিব৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

যিসকলে মস্কোৰ বিৰুদ্ধে অভিযান চলাবলৈ আগবাঢ়ি অহা বুলি ঘোষণা কৰিছে, তেওঁলোক দেশদ্ৰোহী৷ দেশৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা সকলোকে মস্কোৱে দেশদ্ৰোহী হিচাপে গণ্য কৰিব৷ 
তেনে দেশদ্ৰোহীক ৰাছিয়াই  মস্কোত সোমোৱাৰ পূৰ্বে নিঃশেষ কৰি দিব৷  মই দেশৰ সেনাবাহিনীক সেই নিৰ্দেশ দিছোঁ৷ 
– ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিন

কোৱা হয়, কুকুৰনেচিয়াই জাক বান্ধি চিকাৰ কৰে৷ পাটনাতো তেনেধৰণৰ এটা ৰাজনৈতিক জাক গোট খাইছে৷ তেওঁলোকৰ লক্ষ্য কুকুৰনেচিয়াৰ দৰে ভাৰতৰ ভৱিষ্যৎ চিকাৰ কৰা৷ কিন্তু কোনেও নৰেন্দ্ৰ মোদীক ২০২৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পৰা বিৰত কৰিব নোৱাৰিব৷ এই আত্মকেন্দ্ৰিক ৰাজনৈতিক জোঁটে ভাৰতৰ সপোন ছাৰখাৰ কৰিবলৈ বিচাৰিছে৷ কিন্তু তেওঁলোকৰ 
সপোন বাস্তৱ নহ’ব৷ 
– কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

অহাবাৰ যদি বিজেপি পুনৰ ক্ষমতালৈ আহে, তেন্তে তাৰ পাছৰবাৰ দেশত আৰু নিৰ্বাচন অনুষ্ঠিত নহ’ব৷ সেয়া নিশ্চিত কৰাৰ  বাবে আমি পাটনাত একগোট হৈছোঁ৷ দিল্লীত পূৰ্বেও বিৰোধীৰ বৈঠক হৈছিল৷ কিন্তু সেয়া সফল হোৱা নাছিল৷ এক বিশেষ কাৰণত মই পাটনাত বিৰোধীৰ বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিলোঁ৷ সেই কাৰণ মই পাছত প্ৰকাশ কৰিম৷ এইবাৰ আমাৰ বৈঠক সফল হৈছে৷ 
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

মমতা বেনাৰ্জীক পশ্চিমবংগত নিজৰ দল তৃণমূল কংগ্ৰেছত এনেধৰণৰ মুছলিম নেতা লাগে, যি একেলগে বোমাও  নিৰ্মাণ কৰিব জানে৷ তেওঁক মুছলমানৰ উন্নতি কৰাৰ বাবে নেতা নালাগে৷ বোমা নিৰ্মাণ কৰিব পৰা মুছলিম নেতাৰহে তেওঁৰ প্ৰয়োজন, যাতে দলৰ হৈ য’তে-ত’তে সেই নেতাই বিস্ফোৰণ ঘটাব পাৰে৷ 
– পশ্চিমবংগৰ আইএছএফৰ বিধায়ক নৌছাদ ছিদ্দিকি

ছৰফৰাজ খানে বিগত তিনিটা ছীজনত গড়ে ১০০কৈ ৰাণ কৰি আছে৷ জাতীয় দললৈ আমন্ত্ৰণ পাবৰ বাবে তেওঁ আৰু কি কৰা প্ৰয়োজন? তেওঁক জাতীয় ক্ৰিকেট দলৰ নিৰ্বাচকে ৱেষ্ট ইণ্ডিজগামী দলৰ বাবে নিৰ্বাচন কৰিব লাগিছিল৷ মূল একাদশত ঠাই পাওক বা নাপাওক, অন্ততঃ দলৰ সৈতে ছৰফৰাজক ৱেষ্ট ইণ্ডিজলৈ পঠিয়াব লাগিছিল৷
– প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ

আন্দোলন কৰা মল্লযোদ্ধাসকলক দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে নিৰ্বাচিত হ’বলৈ কিয় বিশেষ ট্ৰায়েলৰ সুবিধা দিব লাগে?  এই সিদ্ধান্তত আমি মুঠেও সন্তুষ্ট নহয়৷ সাক্ষী মালিক, বজৰং পুনিয়া আদিক ভাৰতীয় ৰেছলিং ফেডাৰেচনে বিশেষ ট্ৰায়েলৰ সুবিধা দিয়াটো আমাৰ মতে অনৈতিক সিদ্ধান্ত৷ 
– বজৰং পুনিয়াৰ প্ৰতিদ্বন্দ্বী মল্লযোদ্ধা সুজিৎ

এটা সময়ত পৰিয়ালৰ বাবে খাদ্য যোগাৰ কৰাটোৱেই মোৰ বাবে জৰুৰী আছিল৷ হিন্দী ছবিত যেতিয়া কাম পোৱা নাছিলোঁ, তেতিয়া মই দক্ষিণ ভাৰতৰ ছবিত কাম কৰিবলগীয়া হৈছিল৷ কেৱল ৰোজগাৰৰ বাবেই মই দক্ষিণৰ ছবিত কাম কৰিছিলোঁ৷ 
– বলীউডৰ অভিনেতা আশিস¸ বিদ্যাৰ্থী