Logo
image

‘ফ্ৰাংকেষ্টাইন’ৰ পৰা ঘোৰ সংকটত পুটিন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জুনঃ স্ৰষ্টাক যি সংহাৰ কৰে সিয়েই ফ্ৰাংকেনষ্টাইন৷ ১৯ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছ ঔপন্যাসিক মেৰী শ্বেলীয়ে সৃষ্টি কৰা এই চৰিত্ৰ ফ্ৰাংকেনষ্টাইন বা আধুনিক প্ৰমেথিউছ যিদৰে সৃষ্টিকৰ্তাৰ সংহাৰৰ কাৰণ হৈছিল, সেইদৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাবে ফ্ৰাংকেনষ্টাইন হৈ পৰিছে তেঁৱেই এসময়ত ধন-বিত দি গঢ়ি তোলা ৱাগনাৰবাহিনী৷ ক্ৰাইমিয়াৰ যুদ্ধত ৰাছিয়াৰ সফলতাৰ আঁৰত থকা এই ভাৰাতীয়া হত্যাকাৰীবাহিনী আকস্মিকভাৱে পুটিনৰ শত্ৰু হৈ পৰিছে আৰু ২৫,০০০ৰো অধিক ৱাগনাৰবাহিনীয়ে ৰাছিয়াৰ ৰাজধানী মস্কো দখল কৰিবলৈ ইউক্ৰেইনৰ সীমান্তৰ পৰা ঢপলিয়াই আহিছে৷ শুকুৰবাৰে ৰাছিয়াৰ ৰোস্তভ-অন-ডন চহৰ দখল কৰা ৱাগনাৰবাহিনীয়ে শনিবাৰে পুৱা দেশখনৰ আন এখন চহৰ ভেৰোনেজ দখল কৰি বিয়লিলৈ লিপেৎস্কে চহৰ দখল কৰি লৈছে৷ ৱাগনাৰ নামৰ এই নৃশংস, হত্যাকাৰীবাহিনী এতিয়া মাথোঁ ৰাজধানী মস্কোৰ পৰা ৬ ঘণ্টা পথৰ দূৰত৷ ৱাগনাৰবাহিনীয়ে ঘোষণা কৰিছে, তেওঁলোকক যি বাধা দিব সকলোকে ধবংস কৰি মস্কো দখল কৰিব৷ ৱাগনাৰবাহিনীৰ এই বিপৰীত স্থিতিৰ লক্ষ্য ৰাছিয়াৰ সেনাবাহিনী আৰু সেনাৰ মুৰব্বী৷ ইউক্ৰেইনৰ যুদ্ধত তেওঁলোকৰ বিৰুদ্ধেই ৰাছিয়াৰ সেনাই ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ আহিছে এই হত্যাকাৰীবাহিনীয়ে৷ অথচ ৰাছিয়াৰ আনুষ্ঠানিক বা চৰকাৰী সেনা নোহোৱা সত্ত্বেও বিগত ১৪ মাহে তেওঁলোকে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধ কৰিছিল৷ কিন্তু হঠাৎ মন আৰু পক্ষ সলাই ৱাগনাৰবাহিনী ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা আঁতৰি মস্কো দখল কৰাৰ বাবে উভতি আহিছে৷ ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰত ৱাগনাৰবাহিনীক মৰিবলৈ এৰি দিয়া বুলি ৰুছ প্ৰতিৰক্ষামন্ত্ৰী ছেৰ্গেই ছোইগু আৰু সেনাপ্ৰধান ভেলেৰি গেৰাছিমভৰ সৈতে ৱাগনাৰবাহিনীৰ মুৰব্বী প্ৰিগোজিনৰ মতবিৰোধ চলি আছিল৷ কিন্তু এই মতবিৰোধ শত্ৰুতাত পৰিণত হ’ব বুলি ৰাছিয়াই ধাৰণা কৰিব পৰা নাছিল৷ অসমৰ্থিত সূত্ৰ অনুসৰি নাটোৰ সদস্যদেশৰ পৰা ইউক্ৰেইনৰ জৰিয়তে বিশাল ধন লাভ কৰাৰ বাবেই মুৰব্বী য়েভগেনি প্ৰিগোজিনে তেওঁৰ ভাৰাতীয়াবাহিনীৰ বন্দুকৰ নল মস্কোৰ পিনে পোনাইছে৷ ৱাগনাৰবাহিনীৰ এই অভিযানত স্বাভাৱিকতে বিতত হৈছে ক্ৰেমলিন৷ ইতিমধ্যে মস্কো ৰক্ষা কৰিবলৈ ৰুছ সেনাই ৰাজধানী চহৰখনত টেংক, সশস্ত্ৰ সেনা নমাইছে৷ অদূৰতে ৱাগনাৰবাহিনীক ধবংস কৰিবলৈ ৰুছ সেনাই হেলিকপ্টাৰেৰে আক্ৰমণ চলাইছে৷ কিন্তু ৱাগনাৰবাহিনী জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে আহি থকাৰ বাবে এনে আক্ৰমণ ফলপ্ৰসূ হোৱা নাই৷ তেওঁলোক কোবাল গতিত মস্কোৰ দিশে আগুৱাই অহাত ৰাছিয়াত গৃহযুদ্ধ সৃষ্টিৰ আশংকাই দেখা দিছে৷ ৰাষ্ট্ৰপতি পুটিনে ৱাগনাৰবাহিনীক দেশদ্ৰোহী বুলি ঘোষণা কৰি তেওঁলোকক নিপাত কৰাৰ অংগীকাৰ কৰিছে৷ প্ৰিগোজিনৰ বিৰুদ্ধে তেওঁ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে৷
ৰাষ্ট্ৰপতি পুটিনৰ অৰ্থসাহাৰ্যত এসময়ৰ হোটেল ব্যৱসায়ী বন্ধু অলিগাৰ্ছ য়েভগেনি প্ৰিগোজিনে সৃষ্টি কৰিছিল এই ভাৰাতীয়া হত্যাকাৰীৰ দল ৱাগনাৰবাহিনী৷ ৱাগনাৰবাহিনী কোনো দেশৰ পঞ্জীয়ন কৰা সেনা নহয়৷ কিন্তু তেওঁলোকে ক্ৰাইমিয়াৰ পৰা আৰম্ভ কৰি লেবানন, লিবিয়া, ছিৰিয়া, মোজাম্বিক, ছুডান আৰু সম্প্ৰতি ইউক্ৰেইনত ৰাছিয়াৰ হৈ যুদ্ধ কৰি আছিল৷ কিন্তু চলিত সপ্তাহত হঠাতে ৱাগনাৰবাহিনী ৰাছিয়াৰ বিৰোধী হৈ পৰিল আৰু এই মুহূৰ্তত এসময়ৰ বন্ধু য়েভগেনি প্ৰিগোজিনৰ দ্বাৰা পৰিচালিত বাহিনীটো পুটিনৰ বাবে ফ্ৰাংকেনষ্টাইন হৈ পৰিছে৷