Logo
image

বাৰাক অ’বামাক লৈ হিমন্তবিশ্বৰ টুইটত তোলপাৰ কূটনৈতিক বিশ্ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জুনঃ ‘ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগৈ শিপা’– বুলি চৰ্চিত সাঁথৰটোৰ পুৰণি উত্তৰ যে ভূইকঁপ বা ভূমিকম্প তাত কাৰো দ্বিমত নাই আৰু এই উত্তৰ নজনা অসমীয়াও নাই৷ কিন্তু সেই একেটা সাঁথৰেৰে নতুন উত্তৰটো কি বুলি সুধিলে এই মুহূৰ্তত বহুতেই থতমত খাব পাৰে৷ পিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন উত্তৰটো মৰ্মে মৰ্মে উপলব্ধি কৰিছে– সেয়া হৈছে ‘টুইট’ আৰু কেৱল গড়গাঁও নহয়, টিপা মাৰি দিলেই ডব্লিউ ডব্লিউ বা ‘ৱল্ডৰ্ ৱাইড ৱেব’ৰ জৰিয়তে বিশ্বৰ প্ৰান্তে প্ৰান্তে জোকাৰণি তুলি দিয়া মাধ্যমটো হৈছে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ৷ এগৰাকী ভাৰতীয় সাংবাদিকৰ কটাক্ষৰ উত্তৰ দিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰোক্ষভাৱে প্ৰাক্তন মাৰ্কিন  ৰাষ্ট্ৰপতি  বাৰাক অ’বামাকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা টুইট এটাই খোদ আমেৰিকা যুক্তৰাষ্ট্ৰত জোকাৰণি তোলাৰ পাছত অসমীয়া পুৰণি সাঁথৰটোৰ নতুন উত্তৰ যে ‘টুইটে’ই যথাৰ্থ সেই লৈ এতিয়া হয়তো হিমন্ত বিশ্ব শৰ্মা বাদেই, এই ‘খবৰটোৰ’ খবৰ ৰখা প্ৰত্যেকৰে সন্দেহ নোহোৱা হৈছে৷ কিয়নো ভাৰতীয় সাংবাদিক ৰোহিনী সিঙক চুঙা চাই সোপা দিবলৈ চেষ্টা কৰা হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটে আমেৰিকাতো জোকাৰণি তুলিছে আৰু সেই খবৰ বিশ্বৰ প্ৰসিদ্ধ মাৰ্কিন সংবাদপত্ৰ ‘দ্য ৱাশ্বিংটন পোষ্টে’ গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰি থকাৰ সময়ত, দেশখন প্ৰাক্তন আৰু প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি বাৰাক অ’বামাক সাঙুৰি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই উত্তৰে দেশখনত আৰু মোদীৰ ভ্ৰমণত নেতিবাচক প্ৰভাৱ পেলাইছে৷ অন্ততঃ ৱাশ্বিংটন পোষ্টৰ বাতৰিৰ ধৰণে তাকে প্ৰতিফলিত কৰিছে৷ মাৰ্কিন সংবাদপত্ৰখনে অসমৰ মুখ্যমন্ত্ৰীৰ বাৰাক অ’বামাক সাঙুৰি কৰা এই টুইটক মুঠেই প্ৰশংসা কৰা নাই৷ বৰং এসময়ত যে, সাম্প্ৰদায়িক সংঘৰ্ষ, সংখ্যালঘূবিৰোধী ভাৱমূৰ্তিৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমেৰিকাই ভিছা প্ৰদান কৰাত অমান্তি হৈছিল সেই প্ৰসংগও তুলি আনিছে৷ ৱাশ্বিংটন পোষ্টে হিমন্ত বিশ্ব শৰ্মাক বৰ্ণনা কৰিছে এইদৰে– ‘শৰ্মা ভাৰতৰ উত্তৰ পূবৰ ৰাজ্য অসমৰ মুখ্যমন্ত্ৰী, য’ত মুছলিমৰ সংখ্যাধিক্য আছে৷ তেওঁ মোদীৰ ভাৰতীয় জনতা দলৰ নৱউদিত তাৰকা, যিটো দলক তেওঁলোকৰ অতিহিন্দুত্ববাদী কাৰ্যকলাপ আৰু সংখ্যালঘূ মুছলিমক দুৰ্বৱ্যহাৰ কৰা তথা সংবাদ মাধ্যমৰ স্বাধীনতা লোপ পেলোৱাৰ বাবে সমালোচনা কৰা হয়৷’ 
অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ গুৰিতে হ’ল প্ৰাক্তন মাৰ্কিন  ৰাষ্ট্ৰপতি  বাৰাক অ’বমাৰ এটা সাক্ষাৎকাৰ৷ মোদীৰ আমেৰিকা ভ্ৰমণকালতে চিএনএনক দিয়া এটা সাক্ষাতকাৰত বাৰাক অ’বামাই কৈছিল– ‘মোৰ সৈতে মোদীৰ সাক্ষাৎ হ’লে এটা কথাই ক’বলগীয়া আছিল, আজি আপুনি সংখ্যালঘুসকলক ৰক্ষা নকৰিলে দেশখন টুকুৰা হৈ যোৱাৰ আশংকা তৈয়াৰ হ’ব৷’ অৰ্থাৎ অ’বামাই ভাৰতত এতিয়া সংখ্যালঘূসকল পক্ষপাতিত্বৰ বলি হোৱা বুলি স্পষ্টভাৱে বুজাইছিল৷ অ’বামাৰ এই সাক্ষাৎকাৰৰ পাছত ‘দ্য ৱায়াৰ’ৰ বিজেপিবিৰোধী মহিলা সাংবাদিক ৰোহিনী সিঙে টুইট কৰি প্ৰশ্ন কৰিলে– ‘অনুভূতিত আঘাত হনাৰ বাবে গুৱাহাটীত বাৰাক অ’বামাৰ বিৰুদ্ধে কোনো এজাহাৰ ৰুজু কৰা হৈছেনে? অসম আৰক্ষীয়ে বাৰাক অ’বামাক কোনো বিমানৰ পৰা নমাই গ্ৰেপ্তাৰ কৰাৰ বাবে ৱাশ্বিংটনলৈ ৰাওনা হৈছেনে?’ ৰোহিনী সিঙৰ এই টুইটৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিলে– ‘ভাৰতত তেনে বহু হুছেইন অ’বামা আছে৷ ৱাশ্বিংটনলৈ যোৱাৰ পূৰ্বে আমি অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ম৷ অসম আৰক্ষীয়ে অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকৰ পদক্ষেপ গ্ৰহণ কৰিব৷’
হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ পাছতে আৰম্ভ হ’ল ভূমিকম্পৰ জোকাৰণি৷ প্ৰাক্তন মাৰ্কিন  ৰাষ্ট্ৰপতি  বাৰাক অ’বামাক সাঙুৰি কৰা মন্তব্যৰ বাবেই কেৱল দেশৰ সংবাদ মাধ্যমতে নহয়, মাৰ্কিন সংবাদ মাধ্যম আৰু কুটনৈতিক ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বেছ প্ৰাধান্য দি চৰ্চা হৈছে৷ অৱশ্যেই অৱধাৰিতভাৱে সেই চৰ্চা নেতিবাচক৷ ৱাশ্বিংটন পোষ্টে তেওঁলোকৰ এই বাতৰিত প্ৰধানমন্ত্ৰী মোদী মাৰ্কিন সাংবাদিকৰ সংখ্যালঘূ সম্পৰ্কীয় প্ৰশ্নৰ সন্মুখত অস্বস্তিত পৰাৰ কথা উল্লেখ কৰিছে আৰু মোদীৰ এই ভ্ৰমণৰ মাজতে অ’বামাক সামৰি সংখ্যালঘূবিৰোধী মন্তব্য কৰাৰ কথা উল্লেখ কৰা হৈছে৷ মাৰ্কিন সংবাদপত্ৰখনৰ মতে নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণকালত সেই টুইটৰ দ্বাৰা অস্বস্তিত পৰাৰ পূৰ্ণ আশংকা আছে৷ অন্ততঃ টুইটৰ সময়টো দেশখনৰ প্ৰধানমন্ত্ৰীৰ বাবে যথোপযুক্ত নহ’ল৷ অসম আৰক্ষীয়ে যোৱা ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা পৱন খেড়াক মোদীবিৰোধী মন্তব্যৰ বাবে বিমানৰ পৰা নমাই গ্ৰেপ্তাৰ কৰাৰ কথাও ৱাশ্বিংটন পোষ্টে উল্লেখ কৰিছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, ৰোহিনী সিঙে কৰা টুইটত পৱন খেড়াক অসম আৰক্ষীয়ে বিমানৰ পৰা নমাই গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগৰ প্ৰতি ইংগিত দিছিল৷ ৱাশ্বিংটন পোষ্টে হিমন্ত বিশ্ব শৰ্মাৰ টুইটক উৎসাহিত হৈ প্ৰচাৰ কৰা নাই, বৰং সাম্প্ৰতিক বিজেপি নেতাই কিদৰে ভাৰতত মুছলিমবিৰোধী চিন্তা-চৰ্চা আৰু কাৰ্যকলাপ কৰে, সেয়া বিভিন্ন বিশেষজ্ঞৰ মন্তব্য লৈ প্ৰতিষ্ঠা কৰিছে৷
ইপিনে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই টুইটৰ বাবে হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ সলনি এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বাৰাক অ’বামাৰ ওচৰত অসমৰ হৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰিছে৷ আনহাতে, দক্ষিণৰ অভিনেতা, বিজেপিবিৰোধী হিচাপে জনাজাত প্ৰকাশ ৰাজে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কৈছে– এজন মুখ্যমন্ত্ৰীয়ে দেশৰ সংখ্যালঘূক ভাবুকি দি প্ৰমাণ কৰিছে, প্ৰধানমন্ত্ৰীয়ে আমেৰিকাত মিছা মাতিছে৷ উল্লেখ্য, ভাৰতত সংখ্যালঘূৰ বিৰুদ্ধে হোৱা অত্যাচাৰৰ প্ৰসংগত মাৰ্কিন সাংবাদিকে প্ৰশ্ন কৰোতে মোদীয়ে কৈছিল যে, ভাৰতত ধৰ্ম, সম্প্ৰদায়, জাতিভিত্তিক কোনো অত্যাচাৰ নহয়৷ সকলোৱেই ভাৰতত ঐক্যৰে থকাৰ বাবেই দেশত গণতন্ত্ৰ বৰ্তি আছে৷ পিছে হিমন্ত বিশ্ব শৰ্মাৰ মোদীৰ বক্তব্যৰ সম্পূৰ্ণ বিপৰীত মন্তব্যই কুটনৈতিক বিশ্বত তোলপাৰ লগালে৷ মূলতঃ মোদীৰ আমেৰিকা ভ্ৰমণকালত মোদীৰেই ঘনিষ্ঠ বন্ধু বাৰাক অ’বামাক সাঙুৰি লোৱা বক্তব্যৰ বাবেই এটা টুইটে বিশ্বজুৰি জোকাৰণিৰ সৃষ্টি কৰিলে৷ সন্দেহ নাই, কূটনৈতিক দিশত এই টুইটে ব্যাপক আৰু দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব৷