Logo
image

বাংলাদেশৰে ভাৰতীয় মুদ্ৰাত লেনদেন আৰম্ভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুনঃ এতিয়াৰে পৰা ভাৰতীয় মুদ্ৰা অৰ্থাৎ টকাৰ জৰিয়তে হ’ব ভাৰত-বাংলাদেশৰ বাণিজ্যৰ লেনদেন৷ জুলাই মাহৰ দ্বিতীয় সপ্তাহত আৰম্ভ হ’ব ভাৰত আৰু বাংলাদেশৰ মাজত নতুন পদ্ধতিৰে বৈদেশিক বাণিজ্যৰ লেনদেন৷ ইমানদিনে মাৰ্কিন ডলাৰৰ জৰিয়তে দুই দেশৰ মাজত হৈছিল বাণিজ্যিক আদান-প্ৰদান৷ অৱশ্যে ভাৰতে আন বহু দেশৰ সৈতে পূৰ্বে ‘টকা’ৰ জৰিয়তে বাণিজ্যিক আদান-প্ৰদান কৰি আহিছে৷ ইতিমধ্যে ঢাকা আৰু নতুন দিল্লীত দুই দেশৰ বাণিজ্যিক লেনদেন প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰাৰ প্ৰস্তুতি চলিছে৷ বাংলাদেশ বেংকৰ এটা কতৃৰ্ত্বশীল সূত্ৰই সদৰী কৰা মতে ১১ জুলাইত উদ্বোধন কৰা হ’ব ভাৰতীয় মুদ্ৰাৰ জৰিয়তে বাণিজ্যিক লেনদেন প্ৰক্ৰিয়া৷ ভাৰতৰ সৈতে টকাৰ মাধ্যমেৰে বাণিজ্যিক লেনদেনৰ বাবে বাংলাদেশৰ সোণালী বেংকে ইষ্টাৰ্ণ বেংক আৰু ভাৰতৰ ভাৰতীয় ষ্টেট বেংক আৰু আইচিআইচিআই বেংকক একাউণ্ট খোলাৰ অনুমতি দিছে বাংলাদেশ বেংকে৷ উক্ত একাউণ্টৰ নাম দিয়া হৈছে ‘নস্ত্ৰ একাউণ্ট’৷ আনহাতে, ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ইতিমধ্যে বাংলাদেশৰ ইষ্টাৰ্ণ বেংকক নস্ত্ৰ একাউণ্ট খোলাৰ অনুমতি দিছে৷ ক’ভিডোত্তৰ কাল তথা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ কাৰণে বিশ্বৰ অন্যান্য দেশৰ উপৰি বাংলাদেশতো ডলাৰৰ সংকটে দেখা দিছিল৷