Logo
image

সমষ্টি পুনঃ নিৰ্ধাৰণ কাৰ স্বাৰ্থত

২০ জুনৰ নিশা হঠাৎ অসমৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ তালিকা প্ৰকাশ কৰা হ’ল৷ নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশ কৰা এই তালিকাই ইতিমধ্যে অসমৰ সৰ্বস্তৰত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷ ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কাৰ এই খচৰা প্ৰকাশৰ লগে লগে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে এই সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাই অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰিব আৰু অন্ততঃ অনাগত বিশ বছৰলৈ অসমৰ খিলঞ্জীয়া জনসাৰণৰ প্ৰতি কোনো ভাবুকি নাহে৷ সেই একে সুৰতে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ঊধবৰ্বাহুৰে ইয়াক সমৰ্থন কৰি অসমৰ জনসাধাৰণক ইয়াক আদৰি ল’বলৈ আহ্বান জনায়৷ ইয়াৰ পাছত এই সমষ্টি পুনৰ নিৰ্ধাৰণক স্বাগত জনোৱা আন এটা পক্ষ হৈছে সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰ সন্থাৰ উপদেষ্টা ড॰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই এয়া তেওঁলোকে বিচৰা ধৰণেই সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা বুলি কয়৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ইয়াৰ সমৰ্থন আৰু বিৰোধিতা দুয়োটা কৰাই দেখিবলৈ পোৱা গ’ল৷ সভাপতি ভূপেন বৰাই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ জড়িয়তে এতিয়াতকৈ কংগ্ৰেছৰ লাভ হ’ব বুলি কয়৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই খচৰাক আপাদ মস্তক বিৰোধিতা কৰি ইয়াক আৰ এছ এছ-বিজেপিৰ ৰাজনৈতিক মুনাফা লাভৰ বাবে কৰা এক নিকৃষ্ট কাম বুলি অভিহিত কৰে আৰু এই খচৰাৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনায় ৷ এ আই ইউ ডি এফে স্বাভাৱিকভাৱেই ইয়াৰ বিৰোধিতা কৰি এয়া তেওঁলোকৰ প্ৰতি চৰম অন্যায় বুলি অভিহিত কৰিছে৷ তেওঁ এয়া বিজেপিৰ স্বাৰ্থত প্ৰস্তুত কৰা খচৰা বুলি কৈ ইয়াক তেওঁ দিল্লীলৈ গৈ নিৰ্বাচন আয়োগৰ ওচৰত স্মাৰক পত্ৰ দি প্ৰতিবাদ কৰিব বুলি কয়৷ আন এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আম আদমি পাৰ্টীয়ে এই খচৰাই  জনসাধৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ পৰিৱৰ্তে বিজেপিৰ স্বাৰ্থহে সুৰক্ষিত কৰিছে বুলি কৈ এই খচৰা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি  অভিহিত কৰিছে৷ সেইদৰে অসম জাতীয় পৰিষদেও এই খচৰাই খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ স্বাৰ্থহে সুৰক্ষিত কৰিব বুলি কয়৷ বাঁওপন্থী দলবোৰেও ইয়াৰ বিৰোধিতা কৰিছে৷  দেখা গ’ল যে কেৱল বিজেপি-এজিপি আৰু ছাত্ৰ সন্থা অৰ্থাৎ আছুৱেহে ইয়াৰ সমৰ্থন কৰিছে! শাসনত থকা দল দুটাৰ কথা সুকীয়া৷ তেওঁলোকৰ নেতৃত্বতে যিহেতু খচৰাখন প্ৰস্তুত হৈছে, নিশ্চয়কৈ তেওঁলোকৰ স্বাৰ্থ সুৰিক্ষেত কৰাকৈয়ে ইয়াক প্ৰস্তুত কৰা হৈছে আৰু সেয়ে তেওঁলোকে ইয়াক সমৰ্থন কৰিছে৷ কিন্তু আছুৱে কিহৰ ভিত্তিত এই খচৰাৰ সমৰ্থন কৰিছে সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে! কাৰণ যি আছুৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পূৰ্ণ নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ অবৈধ বুলি পূৰ্বে ঘোষণা কৰিছিল সেই আছুৱে এতিয়া হঠাতে নিজৰ স্থিতি সলনি কৰা কাৰ্যই অসমৰ সৰ্বস্তৰৰ জনসাধাৰণক স্তম্ভিত কৰি তুলিছে৷ এটা অৰাজনৈতিক ছাত্ৰ সংগঠনে খচৰাখন পুংখানুপুংখভাৱে পৰীক্ষা নকৰাকৈ প্ৰকাশৰ লগে লগে সমৰ্থন কৰাটো কোনেও বিচৰা নাছিল৷ ইয়াৰ দ্বাৰা এতিয়া মানুহৰ সন্দেহ ঘণীভূত হ’বলৈ আৰম্ভ কৰিছে যে আছুৱে প্ৰকৃততে কাৰ স্বাৰ্থত কাম কৰি আছে!
বিৰোধিতা কৰা একাংশই কৈছে যে যি সময়ত সমগ্ৰ দেশত ২০২৪ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব আৰু সমষ্টিৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি হ’ব সেই সময়ত সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰাকৈ কেৱল এটা সমষ্টিৰ অংশ কাটি আন এটা সমষ্টিত চামিল কৰা, প্ৰশাসনিক অঞ্চলবোৰ ভাঙি সমষ্টি গঠন কৰাৰ জৰিয়তেই জনগণৰ স্বাৰ্থ কেনেকৈ সুৰক্ষিত হ’ব ? সমগ্ৰ দেশজুৰি যেতিয়া সমষ্টিৰ সংখ্যা বৃদ্ধি হ’ব তেতিয়া অসম বঞ্চিত নহ’বনে? এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ বাবে এতিয়া কাৰো সময় নাই৷ চৰকাৰে কৈছে বোলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাসকল  দেশদ্ৰোহী! আনহাতে উজনি অসমৰ জনসাধাৰণে এই খচৰাৰ জৰিয়তে দুটা সমষ্টিৰ অস্তিত্ব সম্পূৰ্ণৰূপে হেৰুৱাব লগা হ’ল! সমষ্টিৰ সংখ্যা হ্ৰাস বা বৃদ্ধি নকৰাকৈ উজনীৰ পৰা দুটা সমষ্টি ক’ত হেৰাই গ’ল! লাহোৱাল আৰু আমগুৰী সমষ্টি দুটাৰ এতিয়া আৰু কোনো অস্তিত্ব নাই৷ ফলস্বৰূপে সেই সমষ্টিৰ ৰাইজ ক্ষোভত জ্বলি উঠিছে৷ আনহাতে বৰাক উপত্যকাৰ ৰাইজে দুটা সমষ্টি হেৰুৱাই আন্দোলন আৰম্ভ কৰিছে৷ আনহাতে অপ্ৰয়োজনীয়ভাৱে বহু প্ৰশাসনিক অঞ্চল নোহোৱা কৰাৰ ফলত  ভৱিষ্যতে উন্নয়নৰ দিশত সমস্যাৰ সন্মুখীন হ’ব  সাধাৰণ লোক৷ স্বাভাৱিকতেই প্ৰতিবছৰে জনসংখ্যা বৃদ্ধি হৈ আহিছে৷ আৰু জনসংখ্যাৰ অনুপাতে সমষ্টিৰ সংখ্যা বৃদ্ধি হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া যদিও অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে তেনে কোনো স্বাৰ্থ সিদ্ধি নহ’ল ৷ আনহাতে যিজন ব্যক্তিক অসমৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ দায়িত্ব দিয়া হ’ল সেই অশোক সিংঘল নামৰ মন্ত্ৰীজন কোনো কাৰণতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতিনিধি হ’ব নোৱাৰে! কেৱল বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত  কৰাৰ বাবেই যে নতুনকৈ সীমা নিৰ্ধাৰণ কৰা হ’ল সেই কথা লুকাই থকা নাই ৷ এতিয়া এইক্ষেুত্ৰত যিহেতু অসম আন্দোলন কৰা আছুৱে চৰকাৰক সমৰ্থন কৰিলে তেতিয়া আৰু জনসাধাৰণে পুৰণা নেতৃত্বই জাতিয়তাবাদ ৰক্ষা কৰিব বুলি ভবাটো ভুল হ’ব৷ ৰাইজে নিজৰ নেতৃত্ব নিজেই দি নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব৷ ৰাজনৈতিক নেতৃত্বয়ো নিজৰ দলৰ স্বাৰ্থৰ কথাহে ভাবিব৷ জনসাধাৰণে নিজৰ স্বাৰ্থৰ কথা ভাবি আগবাঢ়ি আহিলেহে নিজৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰিব৷