Logo
image

ৰাছিয়াত নাটক, বিদ্ৰোহৰ অৱসান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ জুনঃ ৱাগনাৰ মাৰ্চিনেৰীৰ মস্কো দখল অভিযান আধাতে স্তব্ধ হ’ল৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ নিদ্ৰাহৰণ কৰা অভূত্থানৰ মাজতে যেন এবাল্টি পানী ঢালি দিলে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে৷ কিয়নো লুকাচেংকোৰ আহ্বানত মস্কো অভিমুখে শেনটোৰ দৰে অহা ৱাগনাৰ বাহিনীয়ে মাজপথতে মস্কো দখল অভিযান বাদ দি ফেঁচাটোৰ দৰে উভতি গ’ল৷ মাত্ৰ ৩৬ ঘণ্টা স্থায়ী হোৱা এই বিদ্ৰোহৰ সমাপ্তি ঘটিল ভাৰতীয় সময় অনুসৰি শনিবাৰে গভীৰ নিশা৷ শনিবাৰে মাজনিশা ৱাগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে অনৰ্থক ৰক্তক্ষয়ৰ আশংকা কৰি তেওঁৰ বাহিনীৰ মস্কো অভিযান বন্ধ কৰা বুলি ঘোষণা কৰে আৰু ৱাগনাৰবাহিনীৰ যোদ্ধাসকলক উভতি আহিবলৈ নিৰ্দেশ দিয়ে৷ য়েভগেনি প্ৰিগোজিনে আৰু ক্ৰেমলিনে প্ৰকাশ কৰা অনুসৰি বেলাৰুছৰ ৰাষ্ট্ৰপতি আলোকজেণ্ডাৰ লুকাচেংকোৰ বুজনিতে ৱাগনাৰ বাহিনীয়ে মস্কো দখল অভিযান প্ৰত্যাহাৰ কৰে৷ সেই সময়ত অপ্ৰতিৰোধ্য ৱাগনাৰবাহিনী মস্কোৰ পৰা ৬ ঘণ্টা পথৰ দুৰত্বত আছিল৷ শুকুৰবাৰৰ পৰা তেতিয়ালৈ ৱাগনাৰবাহিনীয়ে ৰাছিয়াৰ তিনিখন চহৰ ক্ৰমে ৰুষ্টভ-অন-ডন, ভৰনেঝ আৰু লিপেনস্ক অধিকাৰ কৰি মস্কো অভিমুখে আগবাঢ়িছিল৷ অন্তিম বুজাবুজি অনুসৰি ৱাগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিন বেলাৰুছলৈ যাবলৈ সন্মত হৈছে৷ তেওঁৰ বিৰুদ্ধে ক্ৰেমলিনে জাৰি কৰা দেশদ্ৰোহীৰ অভিযোগ প্ৰত্যাহাৰ কৰা হৈছে৷ ৱাগনাৰ বাহিনীৰ বিৰুদ্ধে আৰোপ কৰা দেশদ্ৰোহীৰ অভিযোগো প্ৰত্যাহাৰ কৰিছে ক্ৰেমলিনে৷ এই আকস্মিক নাটকীয় পৰিস্থিতিৰ পাছত ৱাগনাৰবাহিনী ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰলৈ উভতি যাব নে প্ৰিগোজিনৰ দৰে বেলাৰুছলৈ যাব সেয়া অনিশ্চিত হৈ পৰিছে৷ কিন্তু ৱাগনাৰ মাৰ্চিনেৰী ভৰনেঝ চহৰৰ পৰা ওলাই যোৱা বুলি চহৰবাসীয়ে জনাইছে৷ বাহিনীটো বেলাৰুছলৈ যোৱাৰ সম্ভাৱনাই অধিক৷ কিয়নো অন্তিম বুজাবুজি অনুসৰি ৱাগনাৰ মাৰ্চিনেৰীয়ে পুনৰ ৰাছিয়াৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিব আৰু বেলাৰুছৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আক্ৰমণৰ বাবে যাত্ৰা কৰিব৷ ৰাছিয়াৰ ৩৬ ঘণ্টাজোৰা নাটকৰ শেষত বিদ্ৰোহৰ অৱসান ঘটিল৷ নিজৰ বন্ধুৰ দ্বাৰা তৈয়াৰ কৰা বাহিনী স্বয়ং পুটিনৰ বিৰুদ্ধে ফ্ৰাংকেনষ্টাইন হৈ পৰিলেও অৱশেষত ৱাগনাৰবাহিনীয়ে সেই ৰূপ পৰিহাৰ কৰিলে৷ কিন্তু পুটিনৰ দীৰ্ঘ দুই দশকজোৰা কতৃৰ্ত্বৰ বিৰুদ্ধে এই বাহিনীয়ে আকস্মিকভাৱে যি প্ৰত্যাহ্বান সৃষ্টি কৰিলে তাৰ প্ৰভাৱ ৰৈ গ’ল৷ বিগত দুই দশকত পুটিনৰ কতৃৰ্ত্বৰ বিৰুদ্ধে কোনেও এনেদৰে মুকলি প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা নাছিল৷ নিজৰ কতৃৰ্ত্বৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি হোৱাৰ বাবেই পুটিনে য়েভগেনি প্ৰিগোজিনক জীয়াই নাৰাখিব বুলি চৰ্চা হৈছে৷ কিয়নো পুটিনে তেওঁৰ জীৱনকালত তেওঁৰ বিৰুদ্ধাচৰণ কৰা কাকো জীয়াই ৰখা নাই৷ প্ৰিগোজিনে বেলাৰুছত আশ্ৰয় ল’লেও তেওঁৰ দশা পুটিনৰ আন বিৰোধীৰ দৰেই হ’ব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, কিশোৰ বয়সত চুৰি আৰু ডকাইতি কৰি জেল খটা য়েভগেনি প্ৰিগোজিনে পৰৱৰ্তী সময়ত খাদ্য আৰু ৰেস্তোৰাঁৰ ব্যৱসায় কৰি প্ৰতিপত্তি অৰ্জন কৰিছিল আৰু একে চহৰৰ লেলিনগ্ৰাডৰ বাসিন্দা পুটিনৰ মুখ্য ‘চেফ’ বা ৰান্ধনি হৈছিল৷ পুটিনৰ অনুগ্ৰহত চৰকাৰী খাদ্য যোগানৰ সকলো ঠিকা লৈ বিলিয়নাৰ হোৱা প্ৰিগোজিনৰ দ্বাৰা পুটিনে এই নৃশংস ৱাগনাৰ বাহিনী গঠন কৰিছিল, যিটো বাহিনী কেতিয়াও ৰাছিয়াৰ পঞ্জীয়নকৃত সেনাৰ সদস্য নাছিল৷
আচম্বিতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাবে ফ্ৰাংকেনষ্টাইন হৈ পৰিছিল তেঁৱেই এসময়ত ধন-বিত দি গঢ়ি তোলা ৱাগনাৰবাহিনী৷ ক্ৰাইমিয়াৰ যুদ্ধত ৰাছিয়াৰ সফলতাৰ আঁৰত থকা এই ভাৰাতীয়া হত্যাকাৰীবাহিনী আকস্মিকভাৱে পুটিনৰ শত্ৰু হৈ পৰাত আৰু ২৫,০০০ৰো অধিক ৱাগনাৰবাহিনীয়ে ৰাছিয়াৰ ৰাজধানী মস্কো দখল কৰিবলৈ ইউক্ৰেইনৰ সীমান্তৰ পৰা ঢপলিয়াই অহাৰ ফলত আতংকৰ সৃষ্টি হৈছিল৷ শুকুৰবাৰে ৰাছিয়াৰ ৰোস্তভ-অন-ডন চহৰ দখল কৰা ৱাগনাৰবাহিনীয়ে শনিবাৰে পুৱা দেশখনৰ আন এখন চহৰ ভেৰোনেজ দখল কৰে আৰু বিয়লিলৈ লিপেৎস্কে চহৰ দখল কৰি অসামান্য শক্তি প্ৰদৰ্শন কৰিছিল৷ ৱাগনাৰ নামৰ এই নৃশংস, হত্যাকাৰীবাহিনী শনিবাৰে বিয়লি মাথোঁ ৰাজধানী মস্কোৰ পৰা ৬ ঘণ্টা পথৰ দূৰত আছিল৷ ৱাগনাৰবাহিনীয়ে ঘোষণা কৰিছিল, তেওঁলোকক যি বাধা দিব সকলোকে ধবংস কৰি মস্কো দখল কৰিব৷ ৱাগনাৰবাহিনীৰ এই বিপৰীত স্থিতিৰ লক্ষ্য হৈ পৰিছিল ৰাছিয়াৰ সেনাবাহিনী আৰু সেনাৰ মুৰব্বী৷ ইউক্ৰেইনৰ যুদ্ধত তেওঁলোকৰ বিৰুদ্ধেই ৰাছিয়াৰ সেনাই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ আনি এই হত্যাকাৰীবাহিনীয়ে মস্কোত অভ্যুত্থান ঘটাবলৈ ঢপলিয়াই আহিছিল৷ অথচ ৰাছিয়াৰ আনুষ্ঠানিক বা চৰকাৰী সেনা নোহোৱা সত্ত্বেও বিগত ১৪ মাহে তেওঁলোকে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধ কৰিছিল৷ কিন্তু হঠাৎ মন আৰু পক্ষ সলাই ৱাগনাৰবাহিনী ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা আঁতৰি মস্কো দখল কৰাৰ বাবে উভতি আহে৷ ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰত ৱাগনাৰবাহিনীক মৰিবলৈ এৰি দিয়া বুলি ৰুছ প্ৰতিৰক্ষামন্ত্ৰী ছেৰ্গেই ছোইগু আৰু সেনাপ্ৰধান ভেলেৰি গেৰাছিমভৰ সৈতে ৱাগনাৰবাহিনীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনৰ মতবিৰোধ চলি আছিল৷ কিন্তু এই মতবিৰোধ শত্ৰুতাত পৰিণত হ’ব বুলি পুটিনে ধাৰণা কৰিব পৰা নাছিল৷ অসমৰ্থিত সূত্ৰ অনুসৰি নাটোৰ সদস্যদেশৰ পৰা ইউক্ৰেইনৰ জৰিয়তে বিশাল ধন লাভ কৰাৰ বাবেই মুৰব্বী য়েভগেনি প্ৰিগোজিনে তেওঁৰ ভাৰাতীয়াবাহিনীৰ বন্দুকৰ নল মস্কোৰ পিনে পোনাইছিল৷ ৱাগনাৰবাহিনীৰ এই অভিযানত স্বাভাৱিকতে বিতত হৈ পৰিছিল ক্ৰেমলিন৷ সেয়ে পুটিনে মস্কো ৰক্ষা কৰিবলৈ ৰুছ সেনাই ৰাজধানী চহৰখনত টেংক, সশস্ত্ৰ সেনা নমাবলৈ  বাধ্য হৈছিল৷ অদূৰতে ৱাগনাৰবাহিনীক ধবংস কৰিবলৈ ৰুছ সেনাই হেলিকপ্টাৰেৰে আক্ৰমণো চলাইছিল৷ কিন্তু ৱাগনাৰবাহিনী জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে আহি থকাৰ বাবে এনে আক্ৰমণ ফলপ্ৰসূ হোৱা নাছিল৷ তেওঁলোক কোবাল গতিত মস্কোৰ দিশে আগুৱাই অহাত ৰাছিয়াত গৃহযুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টিৰ আশংকাই দেখা দিছিল৷ ৰাষ্ট্ৰপতি পুটিনে ততাতৈয়াকৈ ৱাগনাৰবাহিনী আৰু এই বাহিনীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক দেশদ্ৰোহী বুলি ঘোষণা কৰাৰ লগতে তেওঁলোকক নিপাত কৰাৰো অংগীকাৰ কৰিছিল৷ প্ৰিগোজিনৰ বিৰুদ্ধে তেওঁ গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰিছিল৷ ৰাষ্ট্ৰপতি পুটিনৰ অৰ্থসাহাৰ্যত এসময়ৰ হোটেল ব্যৱসায়ী বন্ধু অলিগাৰ্ছ য়েভগেনি প্ৰিগোজিনে সৃষ্টি কৰিছিল এই ভাৰাতীয়া হত্যাকাৰীৰ দল ৱাগনাৰ মাৰ্চিনেৰী নামৰ নৃশংস এটা বাহিনী৷ ৱাগনাৰবাহিনী কোনো দেশৰ পঞ্জীয়ন কৰা সেনা নহয়৷ কিন্তু তেওঁলোকে ক্ৰাইমিয়াৰ পৰা আৰম্ভ কৰি লেবানন, লিবিয়া, ছিৰিয়া, মোজাম্বিক, ছুডান আৰু সম্প্ৰতি ইউক্ৰেইনত ৰাছিয়াৰ পক্ষ লৈ যুদ্ধ কৰি আছিল৷ কিন্তু চলিত সপ্তাহত হঠাতে ৱাগনাৰবাহিনী ৰাছিয়াৰ বিৰোধী হৈ পৰিল আৰু আচম্বিতে এসময়ৰ বন্ধু য়েভগেনি প্ৰিগোজিনৰ দ্বাৰা পৰিচালিত বাহিনীটো ৰাষ্ট্ৰপতি পুটিনৰ বাবে ফ্ৰাংকেনষ্টাইন হৈ পৰিছিল৷ এতিয়া এই ৱাগনাৰ মাৰ্চিনেৰী আৰু তাৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনৰ ভৱিষ্যৎ সম্পূৰ্ণ অনিশ্চয়তাত৷