Logo
image

মিছৰৰ সৰ্বোচ্ছ সন্মান লৈ আল হাকিম মছজিদ দৰ্শন মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদক, ২৬ জুনঃ নীল নদীৰ দেশ মিছৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্ছ সন্মান ‘অৰ্ডাৰ অৱ দ্য নাইলে’ৰে ভূষিত হ’ল৷ দেওবাৰে প্ৰধানমন্ত্ৰী মোদীক মিছৰৰ ৰাষ্ট্ৰপতি আব্দেল ফটেহ আল ছিছিয়ে  দেশখনৰ সৰ্বোচ্ছ সন্মান অৰ্পণ কৰে৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ সম্পৰ্ক পূৰ্বতকৈ অধিক মজবুত হ’ব বুলি ৰাষ্ট্ৰপতি ছিছিয়ে আশা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মিছৰৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃৰ্ঢ় কৰাৰ অংগীকাৰ কৰে৷ উল্লেখ্য, মোদীৰ সদ্য সমাপ্ত বহুচৰ্চিত আমেৰিকা ভ্ৰমণৰ পূৰ্বেই ওভতনি যাত্ৰাত পিৰামিডৰ দেশত পদাৰ্পণ কৰাৰ সূচী স্থিৰ হৈছিল৷ নীল নদীৰ দেশ মিছৰত এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম পদাৰ্পণ আৰু যিকোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে এয়া ২৬ বছৰৰ পাছত মিছৰ ভ্ৰমণ৷ প্ৰধানমন্ত্ৰী মোদীক কাইৰো বিমানবন্দৰত শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী মোস্তাফা মেডবৌলিয়ে আদৰণি জনায়৷ তেওঁ দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ আল ছিছিক সাক্ষাৎ কৰে আৰু দুয়োৰে মাজত দ্বিপাক্ষিক শীৰ্ষ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত উভয় দেশৰ ব্যৱসায়-বাণিজ্য তথা সাংস্কৃতিক বিনিময় সন্দৰ্ভত আলোচনা হয়৷ মোদীৰ এই ভ্ৰমণে ভাৰতীয় ব্যৱসায়ী-উদ্যোগপতিৰ বাবে আশাৰ বতৰা কঢ়িওৱাৰ সম্ভাৱনা সৃষ্টি কৰিছে৷ কিয়নো ছুৱেজ খালৰ পাৰত উভয় দেশৰ মাজত বাণিজ্য চুক্তি  সাক্ষৰ হোৱা বুলি বৈদেশিক মন্ত্ৰণালয় সূত্ৰে খবৰ প্ৰকাশ পাইছে৷ সেই অনুসৰি ছুৱেজ খালৰ তীৰবৰ্তী ‘ছুৱেজ কেনেল ইক’নমিক জ’ন’ৰ একাংশ মোদীৰ ভ্ৰমণতে ভাৰতীয় উদ্যোগপতিৰ হাতত তুলি দিয়াৰ বাবে মোদীয়ে ৰাষ্ট্ৰপতি ছিছিক অনুৰোধ জনায়৷ এই ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ অনুৰোধ বিবেচনা কৰাৰ দিশে আগবাঢ়িছে৷ উল্লেখ্য, ভূমধ্য সাগৰ, ভাৰত মহাসাগৰ আৰু লোহিত সাগৰ সংযোগী এই ছুৱেজ খালেৰে ভাৰতলৈ দৈনিক ৫ লাখ বেৰেল খাৰুৱা তেল আহে৷ সেই দিশৰ পৰা ছুৰেজ খালৰ তীৰব্বৰ্তী ‘ছুৱেজ কেনেল ইকনমিক জ’ন’ৰ এটা অংশ ভাৰতীয় উদ্যোগপতিৰ হাতত থকাটো আৰ্থিকভাৱে আৰু ৰনকৌশলগত ক্ষেত্ৰত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ৷
দেওবাৰে মোদীয়ে দেশখনৰ প্ৰাচীনতম তথা বিশ্বৰ ইছলামধৰ্মীৰ পবিত্ৰ স্থান আল হাকিম মছজিদ দৰ্শন কৰে৷ উল্লেখ্য, দেশখনৰ ষষ্ঠদশ খলিফা আল হাকিম বি আমৰ আল্লাৰ (৯৮৫-১০২১ খ্ৰীষ্টাব্দ) নামত ১১ শতিকাত নিৰ্মিত এই মছজিদ সহস্ৰাব্দ পুৰণি আৰু ঐতিহাসিক৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ এই সহস্ৰাব্দ প্ৰাচীন মছজিদটো দৰ্শন কৰাৰ বিষয় অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ কিয়নো কাইৰোৰ চতুৰ্থ প্ৰাচীন আৰু ফাটিমিডৰ দ্বিতীয় প্ৰাচীন এই মছজিদটো ভাৰতীয় ডাউদী বোহৰা সম্প্ৰদায়ে মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিছে৷ ১৯৭০ চনৰ পৰাই এই ভাৰতীয় ডাউদী বোহৰা সম্প্ৰদায়ে মছজিদটো মেৰামতি কৰি আহিছে৷ শেহতীয়াকৈ দীৰ্ঘদিন ধৰি মেৰামতি কৰি থকাৰ বাবে দেশখনৰ ঐতিহাসিক আল হাকিম মছজিদটো দৰ্শনাৰ্থী আৰু ভক্তৰ বাবে বন্ধ হৈ আছিল৷ মোদীৰ মিছৰ ভ্ৰমণৰ মাথোঁ তিনিমাহ পূৰ্বেহে এই মছজিদটো মুকলি কৰা হৈছিল৷ কাইৰো চহৰৰ মাজভাগত থকা এই আল হাকিম মছজিদটোৱে ১৩,৫৬০ বৰ্গ মিটাৰ অঞ্চল আগুৰি আছে৷ ভাৰতীয় ডাউদী বোহৰা সম্প্ৰদায় মূলতঃ আছিল মিছৰৰ৷ তাৰ পৰা তেওঁলোক ছিৰিয়ালৈ যায় আৰু ছিৰিয়াৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰে৷মোদীয়ে এই ভ্ৰমণত বিশ্বৰ অন্যতম আশ্চৰ্য পিৰামিডো দৰ্শন কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া মিছৰ ভ্ৰমণ সামৰি দেওবাৰে নিশা দেশলৈ উভতি আহিছে৷ উল্লেখ্য, বিগত গণৰাজ্য দিৱসত ভাৰতৰ চৰকাৰী অতিথি হিচাপে মিছৰৰ ৰাষ্ট্ৰপতি আল ছিছিৰ আগমনৰ পাছত মিছৰৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা পুনৰ বৃদ্ধি পায়৷ ৰাষ্ট্ৰপতি ছিছিৰ আমন্ত্ৰণমৰ্মেই মোদীৰ এই ভ্ৰমণ৷ ইপিনে, আমেৰিকা ভ্ৰমণত জো বাইডেনৰ সৈতে যুটীয়া সংবাদমেলত মাৰ্কিন সাংবাদিকে ভাৰতত সংখ্যালঘূৰ বিৰুদ্ধে চৰকাৰে পক্ষপাতিত্ব আৰু অত্যাচাৰৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে বুলি প্ৰশ্ন কৰাৰ পাছত এখন ইছলামিক দেশ ভ্ৰমণ কৰাটো মোদী আৰু শাসনাধিষ্ঠিত বিজেপিৰ বাবে ইংগিতবাহী হোৱা বুলি চৰ্চা হৈছে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীয়ে শীৰ্ষস্থানীয় মুফটি ছাউকি ইব্ৰাহিম আব্দেল কৰিম আলামকো সাক্ষাৎ কৰে৷ তদুপৰি মিছৰৰ হৈ প্ৰথম বিশ্বযুদ্ধত ভাগ লৈ শ্বহীদ হোৱা ভাৰতীয় সৈনিকৰ সমাধিস্থল হেলিঅ’পেলিচ দৰ্শন কৰে মোদীয়ে৷