Logo
image

আম্বানিৰ চিৰিয়াখানালৈ নিবলৈ সাজু কৰিছে অসমৰ গঁড়-হৰিণ-ঘোং

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ জুনঃ পুনৰ আম্বানিৰ গুজৰাটৰ চিৰিয়াখানালৈ অসমৰ পৰা নিয়া হ’ব বৃহৎ সংখ্যক দুষ্প্ৰাপ্য জীৱ-জন্তু৷ দেওবাৰৰ নিশাৰ ভিতৰতে গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটলৈ বন্য জীৱ-জন্তুক নিয়াৰ বাবে তিনিখনকৈ ট্ৰাক সাজু কৰা হৈছে৷ বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত সৰবৰাহকাৰীৰ পৰা জব্দ কৰা জীৱ-জন্তুবোৰক অসম ৰাজ্যিক চিৰিয়াখানাত ৰখাৰ বাবে পিঞ্জৰাৰ অভাৱৰ দোহাই দি গুজৰাটৰ জামানগৰস্থিত ৰিলায়েন্সৰ চিৰিয়াখানালৈ হস্তান্তৰ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ ৰাজ্যিক চিৰিয়াখানাৰ পৰা নিশাৰ আন্ধাৰৰ সুযোগ লৈ গোপনে আম্বানিৰ চিৰিয়াখানালৈ বন্য জীৱ-জন্তু প্ৰেৰণৰ অভিযোগ কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই৷ মঞ্চৰ সাধাৰণ সম্পাদক ৰাজ কুমাৰ বৈশ্যই এই গুৰুতৰ অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমক কয় যে– ৰাইজৰ প্ৰতিবাদকো কেৰেপ নকৰি পুনৰবাৰ আম্বানিৰ চিৰিয়াখানালৈ অসমৰ পৰা তিনিখন ট্ৰাকত বন্য জীৱ-জন্তু নিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ বিভিন্ন সময়ত আৰক্ষী তথা বন বিভাগে জব্দ কৰা বন্যপ্ৰাণীবোৰক ৰখাৰ বাবে গুৱাহাটীৰ চিৰিয়াখানাত পৰ্যাপ্ত পিঞ্জৰাৰ অভাৱৰ আভুৱা ভাৰি আম্বানিক গতাবলৈ চুক্তি কৰিছে৷ এইবাৰ কাজিৰঙাৰ গঁড়ৰ লগতে ঘোং, হৰিণ, হলক গিবন, মাকাও, কেংগেৰু আদি কেইবাটাও দুষ্প্ৰাপ্য প্ৰজাতিৰ জন্তু আৰু পক্ষী গুজৰাটৰ জামানগৰলৈ প্ৰেৰণ কৰিব৷ জীৱ-জন্তুবোৰক এখন ১৬ চকীয়া ট্ৰাক আৰু দুখন ৬ চকীয়া ট্ৰাকত উঠাই হস্তান্তৰৰ বাবে সাঁজু হৈছে৷ হয়তো দেওবাৰৰ নিশাৰ ভিতৰতে চিৰিয়াখানাৰ পৰা অতি সংগোপনে গুজৰাটলৈ বুলি জন্তুবোৰক লৈ যোৱা হ’ব৷ চিৰিয়াখানা কৰ্তৃপক্ষই এই বিষয়টো সম্পূৰ্ণ গোপনে ৰাখিছে৷ ইয়াৰ পূৰ্বেও ২০ মে’ত ৰাজ্যিক চিৰিয়াখানাৰ পৰা গোপনে এনেদৰে কেইবাবিধো বন্যপ্ৰাণী নিয়া হৈছিল ৰিলায়েন্সৰ চিৰিয়াখানালৈ৷ আশ্চৰ্যজনকভাৱে আম্বানি চিৰিয়াখানাৰ বহু লোক ইতিমধ্যে ৰাজ্যিক চিৰিয়াখানাৰ বিভিন্ন দায়িত্বত নিয়োজিত হৈ আছে৷ সেয়েহে হিমন্ত বিশ্ব শৰ্মাৰ আম্বানিপ্ৰীতিৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ কৰা উচিত৷