Logo
image

বান পৰিস্থিতি অপৰিৱৰ্তিত, অমিত শ্বাহৰ ফোন মুখ্যমন্ত্ৰীলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুনঃ ৰাজ্যৰ ১৫ জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈয়ে আছে৷ আহাৰৰ বানত বজালী, বাগ্‌সা, দৰং, বৰপেটা, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰৰ বিস্তীৰ্ণ অঞ্চল ক্ষতিগ্ৰস্ত হৈছে৷ বানৰ লগতে ভয়াৱহ খহনীয়াও অব্যাহত আছে৷ ইয়াৰ মাজতে অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা কয় – কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আশ্বাস দিছে যে এন ডি আৰ এফৰ টীম সাজু কৰি ৰখা হৈছে৷ যিকোনো জৰুৰীকালীন পৰিস্থিতিত ভাৰত চৰকাৰে অসমক সহায় কৰিব৷ অসমৰ বানাক্ৰান্তক সাহায্য আৰু উদ্ধাৰ কৰাত ভাৰত চৰকাৰৰ সকলো পক্ষকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইতিমধ্যে এলাৰ্ট কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে বাখ্যা কৰি কয়– ‘বান পৰিস্থিতি এতিয়ালৈকে নিয়ন্ত্ৰণত আছে৷ যদিও কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে, আমি সকলো সময়তে পৰিস্থিতি নিৰীক্ষণ কৰি আছো৷ যেতিয়া আমাৰ সহায় লাগে আমি আপোনাক কম৷’ ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়–‘বাগ্‌সা, বৰপেটা আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু ভূটানৰ পৰা নামি অহা পানীয়ে বান পৰিৱেশৰ সৃষ্টি কৰিছে৷ আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু জিলা প্ৰশাসনে বানপানীত ক্ষতিগ্ৰস্ত লোকক যিমান পাৰে সহায় কৰি আছে৷ আমি পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছো৷ নদীবান্ধৰ কাৰণে বান হোৱা নাই৷ ভূটান আমাৰ চাৰিওফালে আছে৷ বৰষুণ দিলে ভূটান, অৰুণাচলৰ পৰা পানী নামিবই৷ পানী হ’লেই নদীবান্ধৰ লগত যোগ কৰাটো ঠিক নহয়৷ কেতিয়াবা যদি নদীবান্ধ ভাঙি যায়, তেতিয়া কথাটো বেলেগ৷ সেইটো এটা বিপজ্জনক কথা হ’ব৷ এইবাৰ ৰঙা নদী আৰু নিপকোৱে গেট খুলি দিছে৷ আমাক আগতীয়াকৈ জনাইছে৷ আমাক বিজুলি লাগিবই৷ জল বিদ্যুতৰ বিপৰীতে গ’লে কয়লা চলাব লাগিব৷ তেতিয়া প্ৰদূষণ হ’ব৷’