Logo
image

৩য়-৪ৰ্থ বৰ্গৰ চাকৰিঃ আজিলৈকে ৰাজহুৱা নহ’ল প্ৰাৰ্থীৰ কাট অফ মাৰ্ক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ জুনঃ ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ আজিলৈকে কাট অফ মাৰ্ক আৰু প্ৰাৰ্থীয়ে লাভ কৰা নম্বৰ ৰাজহুৱা নকৰাত বাছনি প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ সন্দেহ প্ৰকাশ কৰিছে ভাৰতৰ গণতান্ত্ৰিক ছাত্ৰ ফেডাৰেশ্বনে৷ অসম চৰকাৰৰ কেবিনেটে নতুনকৈ ৮৩৫টা খালী পদত কাট অফ মাৰ্কৰ ভিত্তিত নিযুক্তি দিয়াৰ সিদ্ধান্তৰ সন্দৰ্ভতো ৰহস্যৰ গোন্ধ পাইছে ডি ৱাই এফ আই-এ৷ নিযুক্তি পৰীক্ষাৰ কাট অফ নম্বৰ প্ৰকাশৰ লগতে চতুৰ্থ বৰ্গৰ নিযুক্তিৰ উচ্ছ পৰ্যায়ৰ তদন্তৰ দাবীত দেওবাৰে এটা বিবৃতিত ডি ৱাই এফ আইৰ ৰাজ্যিক যুটীয়া সম্পাদক নিৰংকুশ নাথ, সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতুৰঞ্জন দাসে কয়– অসম চৰকাৰৰ শনিবাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তৃতীয় বৰ্গৰ ১৯৮টা আৰু চতুৰ্থ বৰ্গৰ ৬৩৭টাকে ধৰি মুঠ ৮৩৫টা পদত সম কাট অফ নম্বৰ লাভ কৰাসকলৰ দ্বাৰা পূৰণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতেই ঘোষণা কৰিছিল৷ লগতে এই কথাও প্ৰকাশ কৰিছে যে এজন প্ৰাৰ্থীয়ে বহুকেইটা পদত বাছনি হোৱাৰ বাবে এটা পদত যোগদান কৰাত বাকী পদবোৰ খালী হৈ ৰৈছে৷ ইয়াৰ ফলত বহু পদ খালী হৈছে যদিও বাস্তৱত এই পদৰ সংখ্যা ৮৩৫টাতকৈ বেছি হ’ব লাগে৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰকাশিত লিখিত ৰূপ আৰু মন্ত্ৰীৰ কথাৰ মাজত বিসংগতি আছে৷ আমাৰ দাবী– খালী হোৱা সকলো পদ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজৰ পৰাই পূৰণ কৰিব বুলি স্পষ্টকৈ ঘোষণা কৰা উচিত৷ ৮৩৫টা পদত যিসকলক নিযুক্তি দিয়া হ’ব, তেওঁলোক এনে প্ৰাৰ্থী বুলি কৈছে– যিসকল বৰ্তমান নিযুক্তি পোৱাসকলৰ দৰেই সমান কাট অফ নম্বৰ লাভ কৰাৰ ভিতৰতে আছিল, কিন্তু বয়স বেছি হোৱা কেইজনক নিৰ্বাচন কৰাৰ বাবে তেওঁলোকে নিযুক্তি পোৱা নাছিল৷ মূল কথা কাট অফ নম্বৰ একেই আছিল৷ কিন্তু এই কাট নম্বৰৰ ভিত্তি কি? নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈ অহা চৰকাৰখনে আজিলৈকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ নাম আৰু নম্বৰ ৰাজহুৱা কৰি এখন তালিকা আজিলৈকে প্ৰকাশ নকৰিলে৷ পৰীক্ষাত প্ৰাপ্ত নম্বৰ আৰু কাট অফ নম্বৰ নজনোৱাকৈ স্বচ্ছ নিযুক্তি হোৱা বুলি দাবী কৰাটো একেবাৰে যুক্তিসংগত নহয়৷ নিকা নিযুক্তি হোৱা বুলি দাবী কৰা অসম চৰকাৰে তাৎক্ষণিকভাৱে এই তালিকা প্ৰকাশ কৰিবলৈ আয়োগক নিৰ্দেশ দিয়ক৷ আন এটা গুৰুতৰ বিসংগতি হ’ল– চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ ক্ষেত্ৰত বিজ্ঞাপনত স্পষ্টভাৱে সৰ্ব্বোচ্ছ শিক্ষাগত অৰ্হতা উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ বুলি উল্লেখ আছিল আৰু ইয়াতকৈ উচ্ছ শিক্ষিত হোৱাসকল আৱেদন কৰাৰ বাবে যোগ্য নহয় বুলিও স্পষ্ট কৰি দিছিল৷ কিন্তু এই পদসমূহত বহু প্ৰাৰ্থীয়ে নিজৰ সৰ্ব্বোচ্ছ শিক্ষাগত অৰ্হতা লুকুৱাই ৰাখি আৱেদন কৰিলে আৰু চাকৰিৰ বাবে নিৰ্বাচিত হৈ যোগদানো কৰিলে৷ ইয়াৰ ফলত প্ৰকৃত যোগ্যতা থকা প্ৰাৰ্থীসকল বঞ্চিত হ’ল৷ বহু বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ পদত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে নিযুক্তি পাইছে৷ এই ক্ষেত্ৰত চৰকাৰে এক উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক৷  নিকা আৰু স্বচ্ছতাৰ শ্ল'গান দিয়া চৰকাৰখনে এইক্ষেত্ৰত তৎকালে ব্যৱস্থা নল’লে বঞ্চিত প্ৰাৰ্থীক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷