Logo
image

কলডিলৰো বহু ঔষধি গুণ আছে

কল সকলোৰে প্ৰিয়৷ বহুতে দৈনিক খাদ্য তালিকাত কল ৰাখে৷ বহুতে আকৌ কল খায় যদিও, কলফুল বা কলডিল খাবলৈ টান পায়৷ কিন্তু জানি আচৰিত হ’ব যে কলতকৈ কলডিল স্বাস্থ্যৰ বাবে বেছি উপকাৰী৷ গ্ৰামাঞ্চলত কলডিলৰ পাচলিৰ প্ৰচলন আটাইতকৈ বেছি৷ কলডিলত প্ৰচুৰ পৰিমাণে কাৰ্ব-হাইড্ৰেট, প্ৰ’টিন, ফেট্‌ছ, ফাইবাৰ, কেলছিয়াম, ফছফৰাচ, আইৰণ, ক’পাৰ, মেগনেছিয়াম আৰু ভিটামিন-ই থাকে৷ সেয়ে কলডিলে প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে৷
কলত যিবোৰ পুষ্টিকৰ উপাদান থাকে সেই সকলোবোৰেই কলডিলতো থাকে৷ কলডিলত শক্তিশালী এণ্টি অক্সিডেণ্ট থাকে৷ তদুপৰি থাকে ভিটামিন বি-৬, ভিটামিন-চি আৰু আঁহযুক্ত উপাদান৷ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ভিটামিন-ই আৰু প্ৰ’টিনো পাব পৰা যায়৷ সেয়ে বিশেষজ্ঞসকলে কলডিলক প্ৰাকৃতিক ঔষধ বুলি বিবেচনা কৰে৷ উল্লেখ কৰা হ’ল কলডিলৰ উপকাৰিতা–
- ইনফেকছন প্ৰতিৰোধ কৰেঃ কলডিলত থকা উপাদানে জীৱাণুৰ সৈতে যুঁজ দিয়াৰ শক্তি বঢ়ায়৷ ই মেলেৰিয়াৰ বেক্টেৰিয়া ধবংস কৰে৷ কলডিলে দেহত কোনো ধৰণৰ পৰজীৱী জন্ম ল’বলৈ নিদিয়ে৷ ফলত শৰীৰ সুস্থ থাকে৷
- কৰ্কট ৰোগৰ আশংকা কমায়ঃ দেহত বিভিন্ন ৰোগৰ বাবে ফ্ৰী ৰেডিকেল্‌ছৰ সৃষ্টি হ’ব পাৰে৷ কলডিলৰ গোন্ধে এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে৷ কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধি দূৰত ৰখাত সহায় কৰে কলডিলে৷ বয়স হ’লে ছালত দেখা দিয়া বলিৰেখা আঁতৰোৱাতো সহায় কৰে কলডিলে৷
- মহিলাৰ বিভিন্ন সমস্যা আঁতৰায়ঃ কলডিলে ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষ কমায়৷ ৰক্তহীনতা আঁতৰ কৰাতো সহায় কৰে৷ যিসকলৰ ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকে দৈনিক কলডিলৰ পাচলি খাব পাৰে৷ কলডিলে মাতৃ দুগ্ধ বঢ়ায়৷
- মধুমেহ নিয়ন্ত্ৰণ কৰেঃ মধুমেহ আৰু মহিলাসকলৰ এনিমিয়া প্ৰতিৰোধ কৰাত কলডিলৰ উপকাৰিতা অপৰিসীম৷ তেজত শৰ্কৰা কমোৱাৰ ক্ষেত্ৰতো কলডিলে কাম কৰে৷
- উদ্বেগ আঁতৰায়ঃ এণ্টি ডিপ্ৰেছনৰ সমস্যা হ’লে অইন দৰৱ নাখাই কলডিল খাব পাৰে৷
- পেটৰ সমস্যা দূৰ কৰেঃ কোষ্ঠকাঠিন্য, পেটফুলা ভাব নিয়ন্ত্ৰণত ৰাখে কলডিলে৷
- হৃদৰোগৰ আশংকা কমায়ঃ কলডিলত থকা এণ্টি অক্সিডেণ্টে উন্মুক্ত ৰেডিকেল্‌ছৰ বিৰুদ্ধে কাম কৰে৷ ইয়াত থকা ফেনালিক এচিড আৰু অন্যান্য বায়’এক্টিভ্‌ উপাদানসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ ফলত হৃদৰোগৰ আশংকা কমে৷