Logo
image

দলগাঁৱত এজন জনপ্ৰতিনিধিৰ কাণ্ডঃ ঋণৰ ধন ওভতাই দিব নোৱাৰি ঋণ দিয়া মহিলাক পাতিলে বিয়া

‘আমাৰ অসম’ৰ দলগাঁৱৰ প্ৰতিবেদক, ২৬ জুনঃ দলগাঁৱৰ এজন জনপ্ৰতিনিধিৰ কাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ এই ঘটনাত জনপ্ৰতিনিধিজনে এগৰাকী মহিলাৰ পৰা ধাৰত লোৱা টকা পৰিশোধ কৰিব নোৱাৰি মহিলাগৰাকীক বিয়া পাতে৷ বিয়াৰ পাছত পুনৰ তেওঁ মহিলাগৰাকীৰ পৰা ঋণ লয়৷ ইপিনে বিয়া পতাৰ এবছৰ নৌহওঁতেই মাৰপিট কৰি জনপ্ৰতিনিধিজনে ঘৰৰ পৰা মহিলাগৰাকীক উলিয়াই দিলে৷ উল্লেখ্য যে ঋণৰ ধন পৰিশোধ কৰিব নোৱাৰি ঋণ দিয়া মহিলাগৰাকীক বিয়া পাতিবলগীয়া হোৱা জনপ্ৰতিনিধিজন হৈছে জনৈক উদ্দিন৷ উদ্দিন দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দলগাঁও খুটি গাঁৱৰ ৱাৰ্ড সদস্য৷ দলগাঁৱত ভাৰাতীয়া হিচাপে থকা মহিলা এগৰাকীৰ সৈতে তেওঁ চিনাকি হৈ পৰৱৰ্তী সময়ত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল৷ ইয়াৰ পাছত চতুৰ ৱাৰ্ড সদস্যজনে মহিলাগৰাকীৰ পৰা ধাৰ হিচাপে লয় ৩ লাখ টকা৷ পিছে ধাৰত লোৱা ধন পৰিশোধ কৰিব নোৱাৰি ৯ মাহ পূৰ্বে তেওঁ মহিলা গৰাকীক মঙলদৈৰ আদালতৰ জৰিয়তে বিয়া পাতিবলগীয়া হয়৷ বিয়াৰ পাছত পুনৰ তেওঁ ডেৰ লাখ টকা ধাৰ হিচাপে লৈ মহিলা গৰাকীৰ নামত কিছু মাটি লিখি দিয়ে যদিও জনপ্ৰতিনিধিজনৰ প্ৰথমা পত্নীয়ে মহিলাগৰাকীক  অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে৷ শুকুৰবাৰে জনপ্ৰতিনিধি উদ্দিনে প্ৰথমা পত্নীৰ সৈতে মিলি মহিলাগৰাকীক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়ে৷ ঘটনাটো সন্দৰ্ভত দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰিছে৷