Logo
image

৩০ জুনেই শেষ সীমাঃ যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধৰ নিৰ্দেশ পৰিবহণ বিভাগৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ যান-বাহনৰ বকেয়াসহ চলিত বিত্তীয় বৰ্ষৰ সকলো কৰ সংগ্ৰহৰ সমান্তৰালভাৱে ৰাজপথত সকলোৰে বাবে সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে পৰিবহণ বিভাগে জোৰদাৰ অভিযান চলাইছে। বিগত সময়চোৱাত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে চলোৱা অভিযান কালত ডিমাণ্ড ন'টিছ প্ৰেৰণ, ফোন আৰু মেছেজযোগে আনকি ৰাজহুৱাকৈ ঘোষণা কৰিও সকলো শ্ৰেণীৰ যান-বাহনৰ মালিক, কৰ্তৃপক্ষক যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰ পৰিশোধ কৰি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে৷

তৎস্বত্ত্বেও যান-বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰখাৰ ক্ষেত্ৰত বিভিন্ন বিসঙ্গতি ধৰা পৰাৰ উপৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়া, যান-বাহন চলোৱাৰ নীতি-নিৰ্দেশনাসমূহ মানি নচলা আদি বিভিন্ন গুৰুতৰ অভিযোগত হাজাৰৰো অধিক বাহনে অতিৰিক্ত জৰিমনা ভৰাৰ উপৰি বহু বাহন জব্দ হ’বলগীয়াৰ দৰে ঘটনা সংঘটিত হৈছে। সেয়ে কামৰূপ মহানগৰ জিলাৰ তিনিগৰাকীকৈ জিলা পৰিবহণ বিষয়া ক্ৰমে সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামে এইক্ষেত্ৰত পূৰ্বতকৈও অধিক তৎপৰতাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰে ৷ 

ইফালে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকৰ অভিযানকাৰী দলে  মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত অভিযান আৰম্ভ কৰিছে ৷ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সময়মতে যান-বাহনৰ কৰ পৰিশোধ নকৰা সকলো শ্ৰেণীৰ বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা,  যানবাহনৰ মালিক, স্বত্বাধিকাৰী সকলোকে অহা ৩০ জুনৰ ভিতৰত যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ কৰা আৰু চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ফিটনেছ, ইঞ্চিউৰেঞ্চ, প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰসহ সকলো নথিপত্ৰ সঠিক কৰি লগত ৰাখিহে গাড়ী চলাবলৈ আহ্বান জনাইছে।