Logo
image

অম্বুবাচীৰ সামৰণি : নিজম পৰিল নীলাচল

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বৰ  অন্যতম শক্তিপীঠ হিচাপে পৰিচিত নীলাচল পাহাৰৰ শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত ২২ জুনৰ মাজনিশা ২ বাজি ৩০মিনিট ৪২ চেকেণ্ডত প্রবৃত্তিৰ পাছতে আৰম্ভ হোৱা অম্বুবাচী মহাযোগৰ সোমবাৰে পুৱা নিবৃত্তিৰে সামৰণি পৰে। কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই  জানিবলৈ দিয়া মতে সোমবাৰে পুৱা সূৰ্য উদয় হোৱাৰ পাছত কামাখ্যা মন্দিৰৰ যাৱতীয় ৰীতি নীতি আৰু ধৰ্মীয় পৰম্পৰা অনুসৰি মন্দিৰ চাফ-চিকুন কৰা হয়। তাৰ পাছত মুখ্য পুৰোহিতে দেৱীক নিত্যস্নান, নিত্য পূজা কৰাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খুলী দিয়া হয় । ইতিমধ্যে পুৱাই মন্দিৰৰ দুৱাৰ খোলাৰ পাছতেই যাতে মন্দিৰ দৰ্শন বা দেৱীক যাৱতীয় পূজা-অৰ্চনা কৰিব পাৰে তাৰ বাবে দেওবাৰে সন্ধিয়াৰ পাছৰে পৰা ভক্তই শাৰী পাতিছিল। পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ পৰা সন্ধিয়ালৈ প্ৰায় ২০ হাজাৰ ভক্তই শাৰী পাতি মন্দিৰ দৰ্শন কৰাৰ লগতে প্ৰায় ৫০ হাজাৰ ভক্তই মন্দিৰ প্ৰদক্ষিণ কৰি উভতি যায । এতিয়াও কেবা হাজাৰ ভক্তই পুৱাই মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে যাতে দেৱীক দৰ্শন কৰিব পাৰে তাৰ বাবে  নীলাচল পাহাৰৰ বিভিন্ন হোটেল, অতিথিশালা আৰু পাণ্ডাৰ ঘৰত বাহৰ পাতি  আছে । 

এইবেলি  অম্বুবাচী মহাযোগৰ আটাইকেইদিনতে প্ৰায় ১৩ ৰ পৰা ১৪ লাখ ভক্তৰ সমাগম হৈছিল । যিটো সংখ্যা ২০২২ বৰ্ষত ১৫ লাখৰো অধিক আছিল । প্ৰথমবাৰৰ বাবে কোনোধৰণৰ সামান্যও হানি-বিঘিনী নোহোৱাকৈ অম্বুবাচী মহাযোগ সুকলমে সম্পন্ন হোৱা বাবে কামাখ্যা বৰদেউৰী সমাজ আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে কামৰূপ মহানগৰ জিলা প্ৰশাসন, গুৱাহাটী মহানগৰ আৰক্ষী, গুৱাহাটী পৌৰ নিগম, স্বাস্থ্য বিভাগকে ধৰি মহাযোগৰ লগত জড়িত বিভিন্ন চৰকাৰী-বেচৰকাৰী বিভাগ, সংস্থা আদিক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ইফালে ২৭ জুনতো পূৰ্বে কৰা ঘোষণা অনুসৰি মন্দিৰ দৰ্শনৰ বাবে ভি ভি আই পি আদিৰ বিশেষ পাছ বন্ধ থাকিব। ২২ জুনৰ দিনা সন্ধিয়া মন্দিৰৰ দুৱাৰ বন্ধ থকাৰ পাছত আৰম্ভ হোৱা অম্বুবাচী মহাযোগত যি অভূতপূৰ্ব সমাগম হৈছিল সেয়া সোমবাৰে বিয়লিৰ পৰা নিজম পৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে বিয়লি নামনি কামাখ্যাৰ পৰা কামাখ্যা মন্দিৰ সংযোগ পথচোৱা পাঁচদিনৰ অন্তত সাধাৰণ যান বাহন চলাচলৰ বাবে খুলি দিয়া হয়। সমান্তৰালভাবে মন্দিৰ দৰ্শন কৰি বাহিৰৰ পৰা অহা দেশী-বিদেশী ভক্তসকলৰ অধিকাংশই বিয়লিৰ পাছত উভতি যোৱাত এটা সপ্তাহৰ অন্তত অম্বুবাচী কেন্দ্ৰিক যানজঁটৰ পৰা সকাহ লাভ কৰে৷ সোমবাৰে বিয়লিৰ পাছত দীনেশ গোস্বামী পথত যান-বাহনৰ চলাচল আৰম্ভ হয়। আনকি অম্বুবাচী যাতে সুকলমে সম্পন্ন হয় আৰু  কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ আৰক্ষীয়ে ব্যাপক সতৰ্কতা অৱলম্বন কৰিবলৈও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটিৰ আৰক্ষী আয়ুক্ত দিগন্ত কুমাৰ বৰাক নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই মন্দিৰ চৌহদত বাহৰ পাতি বিগত দিন কেইটাত পৰিস্থিতিৰ অহৰহ তদাৰক কৰি আছিল।