Logo
image

কেনে আছে মণিপুৰ! অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে ল’লে খবৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ জুনঃ আমেৰিকা আৰু মিছৰ ভ্ৰমণৰ পৰা আজৰি হোৱাৰ পাছত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৫৫ দিন ধৰি গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত হৈ থকা মণিপুৰৰ খবৰ ল’লে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সবিশেষ জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এই উচ্ছস্তৰীয় বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী, কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু সংশ্লিষ্ট মন্ত্ৰণালয়ৰ দায়িত্বশীল শীৰ্ষ বিষয়া উপস্থিত আছিল৷ তাৎপৰ্যপূৰ্ণ এয়াই যে যোৱা ৩ মে’ৰ পৰা মণিপুৰত সংঘটিত ভয়াৱহ গোষ্ঠীসংঘৰ্ষ সন্দৰ্ভত এয়াই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমখন শীৰ্ষস্তৰীয় বৈঠক৷ পিছে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা এই বৈঠক সন্দৰ্ভত পিএমঅ’ কিম্বা গৃহ মন্ত্ৰণালয়ে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই৷ এই সন্দৰ্ভত মোদী কিম্বা অমিত শ্বাহে এতিয়ালৈকে কোনো টুইটো কৰা নাই৷ ততোধিক গুৰুত্বপূৰ্ণ এয়াই যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ পাছত স্বয়ং মোদীয়ে মণিপুৰৰ সংঘৰ্ষ সন্দৰ্ভত কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নেকি সেই বিষয়ে চৰকাৰীভাৱে কোনো বক্তব্য প্ৰকাশ কৰা হোৱা নাই৷ অৰ্থাৎ মণিপুৰৰ পৰিস্থিতিৰ খবৰ ল’লেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰ সন্দৰ্ভত বিগত ৫৪ দিনৰ দৰে আজি ৫৫ দিনটোটো মৌন৷
মণিপুৰৰ সংঘৰ্ষৰ সূচনা হৈছিল যোৱা ৩ মে’ত চূড়াচান্দপুৰ জিলাত উলিওৱা এটা জনগোষ্ঠীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি৷ মণিপুৰ উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায়দানৰ বিৰুদ্ধাচৰণ কৰি কুকি বিদ্ৰোহীৰ সমৰ্থনত এই জনজাতীয় শোভাযাত্ৰা উলিওৱা হৈছিল৷ উল্লেখ্য, কেইদিনমান পূৰ্বে মণিপুৰ উচ্ছ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেই জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী মানি লোৱাৰ বাবে বিবেচনা কৰিবলৈ পৰামৰ্শ দিছিল৷ তাৰে বিৰোধিতা কৰিছিল কুকি, জো ইত্যাদি জনজাতি বাসিন্দাই৷ প্ৰসংগতঃ মেইটেই মণিপুৰৰ সবাটোকৈ পুৰণি বাসিন্দা আৰু আৰ্থিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে আগবঢ়া৷ ৰাজ্যৰ ৫৩ শতাংশ মেইটেই মুলতঃ ইম্ফল উপত্যকাত কেন্দ্ৰীভূত৷ পিছে তেওঁলোকে স্থায়ী বাসিন্দাৰ মৰ্যাদা লাভ কৰা নাই আৰু জনজাতিকৰণৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে৷ ইপিনে কুকি, জো ইত্যাদি ৪০ শতাংশই পাহাৰীয়া জিলাত বাস কৰে আৰু তেওঁলোক অনুসূচিত জনজাতিৰ অন্তৰ্ভূক্ত৷ দুয়োটা সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিনৰ পৰা বিদ্বেষ আৰু সংঘাত আছিল৷ উচ্ছ ন্যায়ালয়ৰ উক্ত নিৰ্দেশে যেন জ্বলা জুইত ঘিউ ঢালিলে৷
সংঘৰ্ষৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সমস্ত মন্ত্ৰীসভা কৰ্ণাটকৰ নিৰ্বাচনত ব্যস্ত আছিল৷ স্বয়ং প্ৰধানমন্ত্ৰীয়ে দিল্লী এৰি কৰ্ণাটকত শিবিৰ পাতিছিল৷ ১০ মে’ৰ নিৰ্বাচন পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ মণিপুৰক লৈ চিন্তা কৰিবলৈ আহৰি নাছিল৷ দুদিন পাছত অমিত শ্বাহৰ গৃহ মন্ত্ৰণালয়ে মণিপুৰত সংবিধানৰ ৩৫৫ অনুচ্ছেদ বলবৎ কৰি জৰুৰী অৱস্থাৰ দৰে পৰিস্থিতি সৃষ্টি কৰে আৰু ৰাজ্য চৰকাৰক নিষ্ক্ৰিয় কৰি অভিযান পৰিচালনাৰ দায়িত্ব নিজৰ হাতলৈ নিয়ে৷ পিছে ৪০,০০০ ৰো অধিক কেন্দ্ৰীয় বাহিনী মোতায়েন কৰিও গৃহ মন্ত্ৰণালয়ে মণিপুৰৰ সংঘৰ্ষ দমন কৰিব পৰা নাই৷ ইপিনে ৩৫৫ অনুচ্ছেদ বলবৎ কৰিয়েই অমিত শ্বাহো কৰ্ণাটকত জঁপিয়াই পৰে৷ তাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰক লৈ নিজৰ বক্তব্য ৰাখিব বুলি আশা কৰিলেও ১০ মে’ৰ নিৰ্বাচনৰ পাছতো তেওঁ মৌন হৈ থাকিল৷ ইয়াৰ পাছতে মোদী, অমিত শ্বাহসহ সম্পূৰ্ণ মন্ত্ৰীসভা ব্যস্ত হৈ পৰিল ২৮ মে’ৰ নতুন সংসদ ভৱন উদ্বোধন কাৰ্যসূচীত৷ তেতিয়া আশা কৰা হৈছিল এই কাৰ্যসূচীৰ পাছত মোদীয়ে মণিপুৰ সন্দৰ্ভত বক্তব্য আগবঢ়াব৷ পিছে তেতিয়াৰ পৰা আমেৰিকা-মিছৰ ভ্ৰমণলৈ মাজৰ ২৩ দিনতো মোদী মণিপুৰক লৈ নীৰৱ হৈ থাকিল৷ ‘মন কি বাত’ত তেওঁ মাজতে উত্তৰ-পূবৰ উন্নতি, চৰকাৰী আঁচনি আৰু শান্তিৰ বিষয়ে মন্তব্য কৰিলেও মণিপুৰ নামটো উচ্ছাৰণ নকৰিলে৷ তাৰ পাছতে তেওঁ ব্যস্ত হৈ পৰিল আমেৰিকা ভ্ৰমণৰ প্ৰস্তুতিত৷ এতিয়া সোমবাৰে পুৱতি নিশা আমেৰিকা আৰু মিছৰ ভ্ৰমণৰ পৰা উভতি অহাৰ পাছত আহৰি পোৱাত মোদীয়ে গৃহমন্ত্ৰীৰ পৰা মণিপুৰৰ পৰিস্থিতিৰ খবৰ ল’লে৷ আনহাতে বিৰোধী পক্ষৰ প্ৰশ্ন আৰু অস্বস্তিত পৰাৰ ভয়ত কেন্দ্ৰীয় চৰকাৰে মোদীৰ অনুপস্থিতিত শনিবাৰে মণিপুৰ সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিলে৷ ১৩টা বিৰোধী দলে ভাগ লোৱা এই বৈঠকত বিৰোধীয়ে স্বাভাৱিকভাৱেই প্ৰশ্ন কৰিলে–প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত এই বৈঠক আয়োজনৰ উদ্দেশ্য কি? সেই প্ৰশ্নত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মৌন৷ একেদৰে, খবৰ ল’লেও মণিপুৰক লৈ আজি সংঘৰ্ষৰ ৫৫ দিনতো নীৰৱ মোদী৷