Logo
image

এছক’ৰ্ট-পাইলটসহ ‘উপায়ুক্ত’ধৃত, হাতত ‘মুখ্যমন্ত্ৰী’ৰ নিযুক্তিপত্ৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৭ জুনঃ নিজকে শোণিতপুৰৰ নতুন উপায়ুক্ত হিচাপে পৰিচয় দি, এছক’ৰ্ট আৰু দেহৰক্ষীসহ বিভিন্ন স্থানত তিনিদিনে দপদপাই ফুৰা গোলাঘাটৰ অংকুৰ শইকীয়া (২৯) নামৰ এজন যুৱকসহ মুঠ ১০জনক সোমবাৰে তেজপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই দলটোৱে তিনিখন বিলাসী বাহনসহ তেজপুৰৰ লগতে পাশ্বৰ্ৱৰ্তী অঞ্চললৈ গৈ অংকুৰ শইকীয়াই নিজকে উপায়ুক্ত বুলি পৰিচয় দিছিল৷ ৰাজ্যৰ বিভিন্ন স্থানৰ বাকীসকল যুৱকৰ স’তে উপায়ুক্ত হিচাপে ভুৱা পৰিচয় দিয়া গোলাঘাটৰ পাঁচআলিৰ ৰাজীৱ শইকীয়াৰ পুত্ৰ অংকুৰ শইকীয়াই কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ বুলি পৰিচয় দিছে৷ তেওঁ এপিএছচি পৰীক্ষাও দিয়া বুলি সংবাদমাধ্যমৰ আগত দাবী কৰে৷
  
উল্লেখ্য যে সোমবাৰে আৰক্ষীয়ে অংকুৰৰ সহযোগী হিচাপে গ্ৰেপ্তাৰ কৰা আন সকল হৈছে শোণিতপুৰৰ জামুগুৰিহাটৰ শেনচোৱাৰ দুই ভ্ৰাতৃ বিশাল হাজৰিকা আৰু বিকি হাজৰিকা৷ দুয়োৰে পিতৃ সোণটি হাজৰিকা, নগাঁও কামপুৰ এক নম্বৰ খলিহামাৰিৰ অচিন্ত দাস, গুৱাহাটী খাৰঘুলিৰ নিতুমণি দাস, নগাঁও শিমলুগুৰি ৰামপুৰ বস্তিৰ অজিত দাস, কামৰূপ গেৰুৱা হাদালাৰ কৌশিক কলিতা, কামৰূপ বোৰ্কা হিমাল ভৰালী আৰু হাজো গেৰুৱাৰ ৰিংকু কলিতা৷ আনহাতে মূল অভিযুক্ত তথা স্বয়ম্ভূ উপায়ুক্ত অংকুৰৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভূৱা স্বাক্ষৰযুক্ত ভুৱা নিযুক্তি-পত্ৰও উদ্ধাৰ কৰা হৈছে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত পংকজ বৰাই প্ৰকাশ কৰা অনুসৰি, তিনিদিন পূৰ্বে তেজপুৰৰ এটা চিনেমা হলত অংকুৰ শইকীয়া সদলবলে চিনেমা চাবলৈ গৈ নিজকে উপায়ুক্ত হিচাপে ভুৱা পৰিচয় দিয়ে৷ অৱশ্যে দলটোৰ টিকটৰ ব্যয় অংকুৰে নিজেই ব্যয় কৰে৷ এই বিষয়ে শোণিতপুৰ প্ৰশাসনে জানিব পাৰি বিষয়টো আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে দলটোৰ অনুসন্ধান আৰম্ভ কৰে৷ ইয়াৰ মাজতে কালি স্বয়ম্ভু উপায়ুক্ত অংকুৰে স্বাস্থ্য পৰীক্ষাৰ বাবে তেজপুৰৰ টাইমছ নামৰ নাৰ্ছিং হ’মলৈ যায় আৰু ইয়াতো নিজকে উপায়ুক্ত বুলি পৰিচয় দিয়ে৷ যুৱকজনৰ কাণ্ড কাৰখানাত চিকিৎসালয় কতৃৰ্পক্ষৰ সন্দেহ ওপজে আৰু তেওঁলোকে এইবিষয়ে প্ৰশাসনক অৱগত কৰে৷ ইয়াৰ পাছতে আজি দলটোৱে তেজপুৰলৈ অহাৰ খবৰ লাভ কৰে আৰক্ষীয়ে৷ কছাৰীগাঁও আৰক্ষী চকী, আৰক্ষীৰ অপৰাধ শাখাৰ লগতে আৰক্ষীৰ দলে চলোৱা অভিযানত দিনৰ প্ৰায় ১২-৩০বজাত তেজপুৰ কেকোৰাপুলত দলটোক কৰায়ত্ত কৰে৷ উল্লেখ্য যে, দুখন ইনভাৰ লগতে এখন মহেন্দ্ৰ থাৰ বাহনৰে দপদপাই ফুৰা দলটোক তেজপুৰ সদৰ আৰক্ষী থানালৈ অনাৰ সময়ত এখন ইন’ভা আৰু থাৰখন থানাৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা কৰে৷ প্ৰণিধানযোগ্য যে, অংকুৰে জামুগুৰিৰ বিজ্ঞানৰ স্নাতক বিশাল হাজৰিকাক উপায়ুক্তৰ ব্যক্তিগত সহায়ক হিচাপে আৰু তেওঁৰ ভ্ৰাতৃ বিকিক চালক হিচাপে নিযুক্তি দিছিল৷ কিন্তু এই সকলৰ লগত দুই ভ্ৰাতাৰ পিতৃ সোণটি হাজৰিকাই কি কৰিছিল সেয়া এইপৰ্যন্ত স্পষ্ট হোৱা নাই৷ আনহাতে হাজো আৰু কামৰূপৰ নিতুমণি, কৌশিক, হিমাল আৰু ৰিংকু পেছাদাৰী বাউন্সাৰ আৰু তেওঁলোক দেহৰক্ষী হিচাপে আছিল স্বয়ম্ভু উপায়ুক্তৰ৷ আনহাতে নগাঁৱৰ অচিন্ত্য আৰু অজিত গাড়ী চালক৷ উল্লেখ্য যে, তিনিখন বাহন চালকসহ তথা দেহৰক্ষীসকলক এজেঞ্চিৰ জৰিয়তে সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰা অংকুৰে তেওঁক উপায়ুক্ত হিচাপে নিয়োগ-পত্ৰ অনলাইনত লাভ কৰা বুলি সদৰি কৰে৷ একেদৰেই নিযুক্তি লাভ কৰা বুলি দাবী কৰা জামুগুৰিহাটৰ বিশালে তেওঁৰ নিযুক্তি-পত্ৰ গভ্‌ট অৱ আছাম ডট ইনৰ জৰিয়তে অনলাইনত পোৱা বুলি কয়৷ কিন্তু ইয়াৰ বিপৰীতে অংকুৰ আৰু বিশালৰ মাজত পূৰ্বৰে পৰাই পৰিচয় আছিল দুয়োৰে চিনাকি গুৱাহাটীত হোৱা বুলিও কয়৷ কনভয়সহ তিনিদিনে বিভিন্ন হোটেলত খোৱা-বোৱা কৰা সকলো ব্যয় মূল অভিযুক্ত অংকুৰেই কৰিছিল৷ এই ধনৰ উৎস কি আৰু সমগ্ৰ ঘটনাৰ আঁৰৰ উদ্দেশ্য কি আছিল সেয়া বৰ্তমান আৰক্ষীৰ অনুসন্ধানৰ আওঁতাত৷ তেজপুৰত দলটোৱে যোৱা তিনিদিনে এনে অবৈধ কাৰ্যকলাপ চলাই গ’লেও নিশা বাহৰ পাতিছিল জামুগুৰিহাটত৷ শোণিতপুৰ প্ৰশাসনৰ এজাহাৰৰ ভিত্তিত আটাইকেজনকে গ্ৰেপ্তাৰ কৰি বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷