Logo
image

ৰাষ্ট্ৰসংঘৰ সমীক্ষাত ভয়ংকৰ তথ্যঃ অসমত ৭.৫ লাখ লোক ড্ৰাগছৰ গ্ৰাসত

‘আমাৰ অসম’ৰ গুৱাহাটী প্ৰতিবেদক, ২৭ জুনঃ সোমবাৰে অসমৰ লগতে সমগ্ৰ বিশ্বই পালন কৰিলে আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস৷ বৰবিহস্বৰূপ ড্ৰাগে সমাজক গ্ৰাস কৰি পেলোৱাই নহয়, যুৱ-প্ৰজন্মক পংগু কৰি পেলাইছে৷ উঠি অহা প্ৰজন্মটোক নিঃশেষ কৰা ড্ৰাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতেই বিগত দুটা বছৰে অসম আৰক্ষীয়ে নিৰবিচ্ছিন্নভাৱে ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰাখিছে৷ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযানৰ বাবে এনডিপিএছ আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰত অসম দেশৰ দহখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হৈছে৷ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসম আৰক্ষীয়ে এডিপিএছ আইনৰ অধীনত ৬,২১৭টা গোচৰ ৰুজু কৰি ১০,৩৫৮জন ড্ৰাগছ মাফিয়া-সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কিৰবলৈ সক্ষম হৈছে৷ অৱশ্যে আন্তৰ্জাতিক ড্ৰাগছবিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ড্ৰাগ্‌ সেৱনকাৰীৰ সমীক্ষাত অসমৰ আন এক উদ্বেগজনক ছবি উন্মোচন হৈছে৷ ইউনাইটেড নেশ্যন্‌ছ অফিচ অন ড্ৰাগছ এণ্ড ক্ৰাইম চমুকৈ ইউএনঅ’ডিচিৰ ৱ’ল্ডৰ্ ড্ৰাগছ ৰিপ’ৰ্টৰ তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ২.২১ শতাংশই মাৰাত্মক ড্ৰাগছৰ কৱলত পৰিছে৷ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সমীক্ষা অনুসৰি অসমৰ প্ৰায় ৭.৫ লাখ লোকেই আসক্ত হৈ পৰিছে ড্ৰাগছৰ৷ 

ম্যানমাৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিত পইণ্ট হিচাপেও অসমক চিহ্নিত কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ এই সমীক্ষাই স্বাভাৱিকভাৱেই অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অশনি বাৰ্তা কঢ়িয়াই আনিছে৷ বিশেষকৈ¸ ম্যানমাৰৰ পৰা মিজোৰাম হৈ সৰবৰাহ হোৱা হেৰ’ইন, ব্ৰাউন ছুগাৰ, য়াবা টেবলেট ইত্যাদি বিভিন্ন নিচাযুক্ত দ্ৰব্য তথা ড্ৰাগে অসমৰ এটা প্ৰজন্মক পংগুত্বৰ মুখলৈ ঠেলি দিছে৷ এনচিইআৰবিৰ তথ্য অনুসৰি অসমত এনডিপিএছ এক্টৰ অধীনত অসম আৰক্ষীয়ে ২০১৮ চনত ৪৫৫টা গোচৰ, ২০১৯ চনত ৮২৮টা গোচৰ, ২০২০ চনত ৯৮০টা গোচৰ, ২০২১ চনত ২,২৭১টা গোচৰ আৰু ২০২২ চনত ২,৮৭৮টা গোচৰ পঞ্জীয়ন কৰিছে৷ লক্ষণীয়ভাৱে অসমৰ যুৱ-প্ৰজন্মক নিঃশেষ কৰা ড্ৰাগছৰ প্ৰচলনৰ আঁৰত অসম আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উঠে৷ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত নিৰ্দেশ নিদিয়া পৰ্যন্ত অসম আৰক্ষীয়ে ৰহস্যজনকভাৱে ড্ৰাগছৰ বিৰুদ্ধে নিয়মমাফিক অভিযান চলায়েই দায়িত্ব সামৰিছিল৷ অৰ্থাৎ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ পৰাই সেউজ সংকেত লাভ কৰি প্ৰতিখন জিলাৰ আৰক্ষীয়ে কমিচন লৈ ড্ৰাগছ সৰবৰাহ তথা অসমত প্ৰচলনৰ বাট মুকলি কৰি দিছিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই শ শ ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱা ঘটনাই মাফিয়াৰ সৈতে আৰক্ষীৰ গোপন বুজাবুজিৰ দিশটোকে উন্মোচন কৰিছে৷ অৱশ্যে ড্ৰাগছৰ দৰে বৰবিহ মদেও গাঁৱে-ভূঞে ছানি ধৰাত যুৱ-প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে যদিও একেজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওলোটাই মদৰ পৰা আবকাৰী ৰাজহ সংগ্ৰহ কৰি অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙাইহে তুলিছে৷ অথচ সুৰাই লাখ লাখ পৰিয়ালৰ জীৱন দুৰ্বিষহ কৰি তুলিছে৷