Logo
image

জনিয়াত ৫ শতাধিক কপৌ চৰাই নিধন

‘আমাৰ অসম’ৰ কলগাছিয়াৰ প্ৰতিবেদক, ২৭ জুনঃ বৰপেটা জিলাৰ জিনয়াৰ মহম্মদপুৰ গাঁৱত জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কাণ্ড৷ খেতিত বিষ প্ৰয়োগ কৰি এজন নিকৃষ্ট মানৱে নিধন কৰে কেইবাশ কপৌ চৰাই৷ পৃথিৱীৰ পৰা বিলুপ্তপ্ৰায় কপৌ চৰাই নিধন কৰাত ধিক্কাৰ জনাইছে ৰাইজে৷ জনিয়াৰ মহম্মদপুৰত সংঘটিত হৈছে এই জঘন্য, অমানৱীয় ঘটনা৷ পক্ষী নিধনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে৷ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে চৰাইপ্ৰেমীয়ে৷ বৰপেটা জিলাৰ মহম্মদপুৰৰ হিকমত আলীৰ পুত্ৰ নাগৰ আলী আৰু সাগৰ আলী নামৰ দুই ভাতৃয়ে নিজখেতিত কঠীয়া পাৰিবলৈ দিয়া ধানৰ বীজৰ লগত বিহ মিহলাই এই জঘন্য কাণ্ড সংঘটিত কৰে৷ দেওবাৰে সংঘটিত কৰে এই ঘটনা৷ পুৱাতেই স্থানীয় ৰাইজে খেতিপথাৰত কপৌ চৰাই পৰি মৰি থকা এই মৰ্মান্তিক দৃশ্য প্ৰত্যক্ষ কৰে৷ কিন্তু স্থানীয় সচেতন ৰাইজে বাৰে বাৰে মানা কৰা সত্ত্বেও কোনো গুৰুত্ব নিদিয়ে খেতিয়কদ্বয়ে৷ বৰঞ্চ বেছিকৈ বিহ প্ৰয়োগ কৰি কপৌ চৰাই নিধন কৰে বুলি ওচৰৰ আন খেতিয়কসকলে অভিযোগ কৰে৷  উল্লেখ্য, ওচৰতে থকা আন কোনো খেতিত পক্ষী মৰা নাই যদিও নাগৰ আলী আৰু সাগৰ আলীৰ খেতিত বিষাক্ত বিহ মিহলাই দিয়াৰ কাৰণে পুৱাৰ পৰা প্ৰায় পাঁচ শতাধিক কপৌৰ মৃত্যু হয়৷ স্মৰ্তব্য যে, খেতিত কঠীয়া পাৰিবলৈ ধানৰ বীজ সিচি দিয়াত ধান চৰাই-চিৰিকটিয়ে খাবলৈ আৰম্ভ কৰিছিল৷ ফলত চৰাই মাৰি ধান ৰক্ষা কৰিবলৈ ভাতৃদ্বয়ে কু-বুদ্ধি খটাই এই অপকৰ্ম সংঘটিত কৰে৷ চৰাইৰ পৰা হাত সাৰিবলৈ ওচৰৰ খেতিয়কসকলে খেতিত নেটেৰে বেৰ দিবলৈ কৈছিল যদিও কাৰো কথা নুশুনি নাগৰ আলী আৰু সাগৰ আলীয়ে খেতিত বিহ প্ৰয়োগ কৰে৷ ফলত এই কপৌ চৰাইসমূহ সাগৰ আলী আৰু নাগৰ আলী নামৰ দুই ভাতৃয়ে পৰিকল্পিতভাৱেই হত্যা কৰিছে বুলি দাবী কৰিছে ৰাইজে৷ বিষাক্ত দ্ৰব্য খাই কপৌ পক্ষী মৰা ঘটনা দেখি উদ্বেগ প্ৰকাশ কৰিছে পক্ষীপ্ৰেমী তথা স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে৷ স্থানীয় ৰাইজে এই ঘটনাক তীব্ৰ গৰিহণা দি জিলা প্ৰশাসনক উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনাইছে ৰাইজে৷ পৃথিৱীৰ পৰা ক্ৰমাৎ বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা কপৌৰ নিধনযজ্ঞই প্ৰকৃতিৰ লগতে মানৱ জাতিৰ প্ৰতি ক্ষতিকাৰক বুলি মন্তব্য কৰিছে ৰাইজে৷