Logo
image

তিনিদিনীয়া কার্যসূচীৰে উদযাপন কৰা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী

ডিজিটেল সংবাদ, গুৱাহাটীঃ তিনিদিনীয়া কার্যসূচীৰে অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তীৰ মূল অনুষ্ঠান। অহা ১,২ আৰু ৩ ডিচেম্বৰত ভিন্ন কার্যসূচীৰে অনুষ্ঠিত হব অনুষ্ঠান। অসমীয়া বিভাগৰ সভাকক্ষত মঙলবাৰে অনুষ্ঠিত উদযাপন সমিতিৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উদযাপন সমিতিৰ সভাপতি ডঃ উমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মহাৰজত জয়ন্তীৰ ভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হয়। মহাৰজত জয়ন্তী উপলক্ষে মূল অনুষ্ঠানত ৭৫ খন গ্ৰন্থ উন্মোচন, আলোচনা চক্ৰ, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অনুষ্ঠানত এজন বিশিষ্ট ব্যক্তিক মহাৰজত জয়ন্তী সন্মান আৰু দুজন প্ৰাক্তন ছাত্ৰক ভাষা বঁটাআৰু সাহিত্য বঁটা প্ৰদান কৰা হব। 

সভাত যোৱা ৩০ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা সতীৰ্থ সন্মিলনৰ হিচাপ দাখিল কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ডঃ বিমল মজুমদাৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ কনক চহৰীয়াকে ধৰি ডঃ দীপ্তি ফুকন পাটগিৰি,ডঃপ্ৰফুল্ল কুমাৰ নাথ, ডঃবিভা ভৰালী,ডঃ প্ৰণীতা দেৱী, ডঃকামলুদ্দিন আহমেদ,ডঃ ৰেখা দেৱী, ডঃ দীপামণি হালৈ,প্ৰাক্তন শিক্ষাৰ্থী ডঃলক্ষ্মী দাস পাঠক, লীলাধৰ হাজৰিকা, ডেনিছ ৰাভা, উপেন ডেকা, হিৰক জ্যোতি শৰ্মাকে ধৰি বিভাগৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।