Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধত বৰাক বন্ধঃ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ, চিপিআই(এম এল)ৰ গৰিহণা

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰাৰ বিৰোধত মঙলবাৰে সৰ্বাত্মক বৰাক বন্ধ সফল কৰিবলৈ পিকেটিং কৰা বৰাকৰ চিপিআই(এম এল)ৰ নেতা হাইদৰ হুচেইন চৌধুৰীসহ বিৰোধী দলৰ নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰা ঘটনাক দলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে তীব্র ভাষাত গৰিহণা দিয়ে। এই সম্পৰ্কে দাসে সংবাদ মাধ্যমক কয় যে বিজেপি দলৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত সম্পূর্ণ বিভাজনকামী দৃষ্টি ভংগীৰে আৰু মইমতালিৰে কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে সমগ্র ৰাজ্য জুৰি এতিয়া ৰাইজে ক্ষোভ প্রকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। বিৰোধী দল সমূহৰ সকলো পৰামৰ্শ নাকচ কৰি একপক্ষীয়ভাবে জাপি দিয়া এই খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা স্বাভাবিক আৰু দলে বৰাকৰ জনগণৰ  প্ৰতিবাদৰ প্ৰতি পূৰ্ণ সমৰ্থন ব্যক্ত কৰে। বৰাকৰ দৰে শিৱসাগৰ জিলাসহ অসমৰ অন্যান্য প্ৰান্তটো একেধৰণে জনগণৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰাত ব্যৰ্থ হৈছে এই খচৰা। এই বিক্ষোভক সন্মান প্ৰদৰ্শন কৰাৰ বিপৰীতে প্ৰতিবাদ কৰা সকলক হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী বাহিনীয়ে লক্ষ্য কৰি লৈছে। শিৱসাগৰত মহিলা প্ৰতিবাদ কাৰীৰ কাপোৰ ফলা আৰক্ষীয়ে আজি বৰাকৰ প্ৰতিবাদ কাৰীক গ্ৰেপ্তাৰ কৰাত নামি পৰিল। দাসে লগতে কয় যে বৰাক বন্ধ প্ৰত্যাহাৰ কৰিবলৈ কাছাৰৰ আৰক্ষী অধীক্ষক গৰাকীয়ে বন্ধ আহবানকাৰী সকলক বন্ধ উঠাই লবলৈ ভাবুকিভৰা জাননী দিয়া কাণ্ডৰ মাজেৰে হিমন্ত বিশ্ব শৰ্মাৰ  অগণতান্ত্রিক আৰু অসহিষ্ণু চৰিত্ৰৰ প্ৰমাণ কৰিছে। দলে আজিৰ বৰাক বন্ধৰ সমৰ্থনত পিকেটিং কৰি গ্ৰেপ্তাৰ বৰন কৰা সকলক বিনা চৰ্তে মুকলি কৰিবলৈ দাবী জনোৱাৰ লগতে গণতান্ত্রিক প্ৰতিবাদৰ ওপৰত দমন কৰা বন্ধ কৰিবলৈ দাবী জনায়।