টীম ইণ্ডিয়াৰ আসন্ন ৱেষ্ট ইণ্ডিজ ভ্ৰমণ আৰু দলৰ সালসলনি
৫০ অভাৰৰ ক্ৰিকেটৰ লগতে টুৱেণ্টী২০ আৰু শেহতীয়াকৈ টি-১০ ক্ৰিকেটে যিধৰণে জনপ্ৰিয়তা লাভ কৰিছে, তালৈ চাই টেষ্ট ক্ৰিকেট ভাবুকিৰ সন্মুখীন হ’ব নেকি? বিশ্ব ক্ৰিকেটত প্ৰায়েই এনে প্ৰশ্নৰ অৱতাৰণা হয় যদিও ক্ৰিকেটপ্ৰেমীয়ে এই কথা কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে যে টেষ্ট ক্ৰিকেটত যথেষ্ট সময় খৰচ হয় যদিও ক্ৰিকেটৰ প্ৰকৃত আনন্দ পোৱা যায় টেষ্ট ক্ৰিকেটতহে৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে এই কথাটো উপলব্ধি কৰিয়েই টেষ্ট ক্ৰিকেটক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ আৰম্ভ কৰা হৈছে টেষ্ট ক্ৰিকেটৰ বিশ্ব চেম্পিয়নশ্বিপো৷ পাঁচদিনলৈ খেলাৰ পাছত টেষ্ট এখনৰ কোনো ফলাফল নোলালে তেনে খেলৰ প্ৰতি ক্ৰিকেটপ্ৰেমীৰ আকৰ্ষণ হ্ৰাস পোৱাটো অস্বাভাৱিক নহয়৷ কিন্তু শেহতীয়াকৈ দেখা গৈছে যে অধিকাংশ টেষ্ট ক্ৰিকেটৰে ফলাফল নিৰ্ণয় হয়৷ চলিত এছেজ শৃংখলাৰ প্ৰথমখন টেষ্টত নতুন বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াই যিধৰণে ইংলেণ্ডক পৰাস্ত কৰি শৃংখলাত অগ্ৰগতি লাভ কৰিছিল, তেনেধৰণৰ খেল চাবলৈ ক্ৰিকেটপ্ৰেমী ষ্টেডিয়ামলৈ আহিবই৷
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয়টো ছীজনৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই] টেষ্ট ক্ৰিকেটৰ প্ৰতি গুৰুত্ব হ্ৰাস পোৱা বুলি অভিযোগ উত্থাপন হৈছিল৷ এনে অভিযোগৰ ভিত্তিও নোহোৱা নহয়৷ এদিনীয়া শৃংখলা আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] দৰে টুৰ্নামেণ্ট আয়োজন কৰি বি চি চি আয়ে প্ৰচুৰ ধন উপাৰ্জন কৰে৷ যিহেতু আই পি এলত বৃহৎ অংকৰ ধনৰ লেনদেন হয়, সেয়েহে এনে টুৰ্নামেণ্টৰ প্ৰতি ক্ৰিকেট ব’ৰ্ড আগ্ৰহী হোৱাটো স্বাভাৱিক৷ কিন্তু ৫০ অভাৰ আৰু টুৱেণ্টী২০ ক্ৰিকেটত অধিক গুৰুত্ব দিয়াৰ ফলত তাৰ প্ৰভাৱ টেষ্ট ক্ৰিকেটত পৰিবলৈ দিয়াটো সমীচীন নহ’ব৷ দেখা গৈছিল যে আই পি এলৰ সমাপ্তিৰ মাত্ৰ দহ দিন পাছত ভাৰতীয় ক্ৰিকেট দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হ’বলগীয়া হৈছিল৷ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ ব্যৰ্থতাৰ এয়া অন্যতম কাৰণ হিচাপে বিবেচনা কৰা হৈছে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিৰাশাজনক প্ৰদৰ্শনৰ পাছত অহা মাহত টীম ইণ্ডিয়া যাব ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ, য’ত দলটোৱে দুখন টেষ্টৰ লগতে সীমিত অভাৰৰ শৃংখলাতো ভাগ ল’ব৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পাছতে ভাৰতীয় টেষ্ট দলত সালসলনিৰ ইংগিত পোৱা গৈছিল৷ সেইমতেই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হ’বলগীয়া দুখন টেষ্টক শৃংখলাটোৰ বাবে ঘোষণা কৰা ১৬জনীয়া ভাৰতীয় দলটোৰ পৰা বাদ দিয়া হৈছে অভিজ্ঞ বেটাৰ চেটেশ্বৰ পূজাৰাৰ লগতে পেচ বলাৰ উমেশ যাদৱক৷ তাৰ বিপৰীতে দলত অন্তৰ্ভুক্ত কৰা হৈছে ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন দেখুওৱা যশস্বী জয়ছোৱাল, ঋতুৰাজ গায়কোৱাড় আৰু মুকেশ কুমাৰক৷ ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শন দেখুওৱা ক্ৰিকেটাৰক ৰাষ্ট্ৰীয় দলত সুযোগ দিয়াটো নিশ্চয় আপত্তি কৰিবলগীয়া বিষয় নহয়৷ কিন্তু টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ ক্ৰিকেটাৰ হিচাপে পৰিচিত পূজাৰাক দলৰ পৰা বাদ দিয়া বিষয়টোক বহুতে সহজভাৱে ল’ব পৰা নাই৷ তেওঁলোকৰ মাজৰ অন্যতম হৈছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ টেলিভিছন ধাৰাভাষ্যকাৰ সুনীল গাভাস্কাৰ৷ তেওঁৰ যুক্তি হৈছে যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পূজাৰাৰ লগতে ভাৰতীয় দলৰ শীৰ্ষক্ৰমৰ কেইবাজনো বেটাৰ ব্যৰ্থ হৈছিল৷ কিন্তু দলত তেওঁলোকৰ স্থান অপৰিৱৰ্তিত থাকিল, বাদ পৰিল কেৱল পূজাৰা৷ নিৰ্বাচক কমিটীৰ এই কাৰ্য ক্ৰিকেটাৰজনৰ প্ৰতি অন্যায় বুলি অভিহিত কৰিছে গাভাস্কাৰে৷
এটা কথা স্বীকাৰ কৰিব লাগিব যে ভাৰতৰ পৰিৱেশৰ সৈতে ৱেষ্ট ইণ্ডিজৰ পৰিৱেশৰ বহুখিনি বৈসাদৃশ্য আছে৷ ৱেষ্ট ইণ্ডিজৰ পিট্চত বেটিং কৰাটো ভাৰতীয় বেটাৰৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে৷ তেনেক্ষেত্ৰত দলত অভিজ্ঞ বেটাৰ থকাটো দলটোৰ বাবেই ফলদায়ক হ’ব৷ বিৰাট কোহলি, ৰোহিত শৰ্মা, অজিংক্য ৰাহানে, শুভমন গীলৰ উপস্থিতিত টীম ইণ্ডিয়াৰ বেটিং বিভাগ যথেষ্ট সন্তুলিত বুলি ক’ব পাৰি যদিও অধিনায়ক ৰোহিত শৰ্মাৰ শেহতীয়া ফৰ্ম বৰ সন্তোষজনক নহয়৷ জয়ছোৱাল, গাইকোৱাড়, গীলৰ দৰে বেটাৰৰ ৱেষ্ট ইণ্ডিজত খেলাৰ অভিজ্ঞতা নাই৷ তেনে স্থিতিত শীৰ্ষক্ৰমৰ বেটাৰসকলে যদি স্বাভাৱিক প্ৰদৰ্শন দেখুওৱাত সফল হয়, তেন্তে চাপমুক্ত হৈ খেলিব পাৰিব পৰৱৰ্তী বেটাৰসকলে৷ টেষ্ট ক্ৰিকেটত বেটিং ক্ৰমৰ তিনি নম্বৰ স্থানটোৰ বিশেষ গুৰুত্ব আছে৷ পূজাৰা দলত নথকাৰ পৰিপ্ৰেক্ষিতত ৱেষ্ট ইণ্ডিজত ভাৰতীয় বেটিং ক্ৰমৰ তিনি নম্বৰ স্থানত দেখা যাব পাৰে এজন নতুন বেটাৰক৷ কঠিন পৰিস্থিতিত যুৱ ক্ৰিকেটাৰসকলে যদি আশানুৰূপ প্ৰদৰ্শন দেখুওৱাত সফল হয়, তেন্তে পৰৱৰ্তী সময়ত নিশ্চয় এইসকল ক্ৰিকেটাৰৰ গুৰত্ব বৃদ্ধি পাব৷






