Logo
image

১৩ জুলাইত উৎক্ষেপণ ‘চন্দ্ৰযান-৩’ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ জুনঃ ভাৰতে অহা ১৩ জুলাইত চন্দ্ৰ অভিমুখে দেশৰ তৃতীয়টো মানৱবিহীন অভিযান চলাই চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিব৷ সম্প্ৰতি ইছৰোৱে উৎক্ষেপণৰ দিন ১৩ জুলাই ধাৰ্য কৰিলেও  সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা নাই৷ ইছৰোৰ মুৰব্বী এছ সোমনাথে জনোৱা অনুসৰি ১২-১৯ জুলাইৰ ভিতৰত যিকোনো এটা দিনত চন্দ্ৰযান-৩ক লৈ জিএছএলভি উৎক্ষেপণ কৰা হ’ব আৰু খুব সম্ভৱতঃ ১৩ জুলাইতে জিএছএলভিৰ উৎক্ষেপণ হ’ব৷ এছ সোমনাথে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰযান-৩১ উৎক্ষেপণৰ সকলো পৰীক্ষা পুনৰবাৰ কৰাৰ পাছতে উৎক্ষেপণৰ দিন চূড়ান্ত কৰা হ’ব৷ তেওঁ কয়– ‘চন্দ্ৰযান-৩ যাত্ৰাৰ বাবে সম্পূৰ্ণ সাজু৷ সকলো পৰীক্ষাও সম্পূৰ্ণ হৈছে৷ নিয়ম অনুযায়ী শেষবাৰৰ বাবে পুনৰ পৰীক্ষা সম্পন্ন কৰা হ’ব৷ তাৰ পাছতে জিএছএলভি ৰকেটেৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হ’ব৷ ১২-১৯ জুলাইৰ ভিতৰত উৎক্ষেপণৰ দিন থিৰাং কৰা হ’লেও যিটো দিনত কক্ষপথৰ দূৰত্ব ন্য়ূনতম হ’ব আৰু ইন্ধন কম ব্যয় হ’ব সেই দিনটোতে  উৎক্ষেপণ কৰা হ’ব৷’ চন্দ্ৰযান-৩ত দেশীয়ভাৱে নিৰ্মিত লেণ্ডাৰ মডিউল, প্ৰপালচন মডিউল আৰু এটা ৰ’ভাৰ মডিউল থাকিব৷ এই অভিলাষী অভিযানে ভাৰতৰ ব্যৰ্থ হোৱা চন্দ্ৰযান-২১ বাকী থকা আৰু পৰৱৰ্তী অভিযান সম্পন্ন কৰিব৷ চন্দ্ৰযান-৩ক পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰতম অংশলৈ প্ৰেৰণ কৰা হ’ব আৰু চন্দ্ৰপৃষ্ঠৰ কোমল অংশত অৱতৰণ কৰোৱা হ’ব৷ ইছৰোৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান হৈছে চন্দ্ৰযান-৩১ ‘ছফ্‌ট লেণ্ডিং’ বা মসৃণ অৱতৰণ৷ যদিহে চন্দ্ৰযান-৩য়ে ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ সক্ষম হয়, তেন্তে চন্দ্ৰত যান অৱতৰণ কৰোৱা বিশ্বৰ চতুৰ্থ দেশ হ’ব ভাৰত৷ এইপৰ্যন্ত আমেৰিকা, ৰাছিয়া আৰু চীনে চন্দ্ৰত যান অৱতৰণ কৰাবলৈ সক্ষম হৈছে৷

২০১৯ চনত ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত ‘ক্ৰেছ লেণ্ডিং’ হৈছিল, অৰ্থাৎ থেকেচা খাই পৰি ভাগি গৈছিল৷ শেষ পৰ্যায়ত হোৱা বিজুতিৰ বাবে ইছৰোৱে চন্দ্ৰযান-৩১ উৎক্ষেপণত বিলম্ব কৰিছিল৷ চৰ্চা অনুসৰি বিজেপিৰ প্ৰতিষ্ঠা দিৱসত চন্দ্ৰযানক অৱতৰণ কৰোৱাৰ বাবে মোদী চৰকাৰে আগতীয়াকৈ উৎক্ষেপণৰ বাবে হেঁচা দিছিল৷ পিছে অৱতৰণৰ বাবে যিটো দিন চূড়ান্ত কৰা হৈছিল, সেইদিনা চন্দ্ৰপৃষ্ঠত এপষেকৰ পাছত প্ৰথম সূৰ্যৰ পোহৰ পৰিছিল আৰু তাৰ ফলত ৰেগোলিথ নামৰ কণাৰ ভীষণ ধুমুহাৰ সৃষ্টি হৈছিল৷ ধাৰণা কৰা অনুসৰি সেই ৰেগোলিথৰ ধুমুহাত পৰি চন্দ্ৰযান-২১ ক্ৰেছ লেণ্ডিং হৈছিল আৰু থেকেচা খাই পৰি চন্দ্ৰপৃষ্ঠতে ভাৰতৰ যানখন নিঃসাৰ হৈ গৈছিল৷ এচাম বিজ্ঞানীৰ ধাৰণা, কেইদিনমান পূৰ্বে অথবা কেইদিনমান পাছত চন্দ্ৰযান-২য়ে অৱতৰণ কৰা হ’লে সেই ৰেগোলিথৰ ধুমুহাৰ পৰা হাত সাৰিব পাৰিলেহেঁতেন আৰু সম্ভৱতঃ ছফ্‌ট লেণ্ডিং সম্ভৱ হ’লহেঁতেন৷ কিন্তু বিজেপিৰ প্ৰতিষ্ঠা দিৱসত অৱতৰণ কৰোৱাৰ বাবে ইছৰোক হেঁচা দি উৎক্ষেপণ কৰোৱাৰ বাবে প্ৰতিকূল পৰিস্থিতিত চন্দ্ৰযান-২ ধবংসৰ মুখত পৰিল৷ অৱশ্যে ইছৰোৱে এই ব্যাখ্যা দিয়া নাই আৰু ধবংসৰ কাৰণো জনোৱা নাই৷ উল্লেখ্য, অন্তিম ১০০ কিলোমিটাৰ পথত ছেকেণ্ডৰ ভিতৰত অৱতৰণ কৰিবলগা লেণ্ডাৰ বা যানখনৰ গতি ঘণ্টাত ৬,০০০ কিলোমিটাৰৰ পৰা শূন্যলৈ হ্ৰাস কৰা কঠিন কাম বাবেই চন্দ্ৰত অৱতৰণ দুৰূহ৷