Logo
image

ভুল শুধৰালে ছেবাই, মেট্ৰিকৰ দশম স্থানত বজালীৰ নেহা

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ২৯ জুনঃ মেট্ৰিকৰ ফলাফল ঘোষণাত কিয় বাৰে বাৰে ভুল হয় ছেবাৰ৷ বহী নিৰীক্ষণ তথা ছেবাৰ ভুলৰ বাবেই যে প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভত কৃতিমান বঞ্চিত হৈ আহিছে এই কথা এইবাৰো প্ৰমাণ হ’ল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণ কৰি মেট্ৰিকত দশম স্থান লাভ কৰিলে বজালীৰ বাঘমাৰা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী নেতা মহন্তই৷ উল্লেখ্য, ছেবাৰ  গাফিলটি তথা বহী নিৰীক্ষণত হোৱা ভুলৰ বাবে পূৰ্বে ঘোষিত ফলাফলত ছাত্ৰীগৰাকীয়ে মাত্ৰ দুই নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল৷ বাকসা জিলাৰ আঙ্গুলীয়া গাওঁ নিৱাসী ভৃগু মহন্ত আৰু ৰিজু মণি দেৱীৰ কন্যা নেহা মহন্তই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯৭.১৬ শতাংশ নম্বৰ প্ৰাপ্তিৰে উত্তীৰ্ণ হৈছিল৷ মুঠ ৫৮৩ নম্বৰ লাভ কৰা নেহা মহন্তই অসমীয়াত ৯৭, ইংৰাজীত ৯৪, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯২ আৰু উচ্ছ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ মাত্ৰ দুই নম্বৰৰ বাবে স্থান লাভ কৰিবলৈ সক্ষম নোহোৱাত নেহাই যোৱা ২৬ মে’ত অসমীয়া, ইংৰাজী আৰু সমাজ বিজ্ঞানৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে আবেদন জনায়৷ যাৰ ফলত অসমীয়া বিষয়ত ৯৭ৰ পৰিবৰ্তে ৯৯ নম্বৰ লাভ কৰি মুঠ ৫৮৫ নম্বৰেৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত বিজ্ঞান শাখাত উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়ন কৰি থকা নেহাৰ এই সন্তোষজনক ফলাফলৰ পিছতে আজি তেওঁ অধ্যয়নৰত আনন্দৰাম বৰুৱা একাডেমিত শিক্ষানুষ্ঠানখনৰ পৰা অভিনন্দন জনোৱা হয়৷ ইপিনে নেহাই পঢ়ি অহা বজালীৰ বাঘমাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতন পৰিয়ালে আজি নেহাক শিক্ষানুষ্ঠানখনলৈ লৈ গৈ বিশেষভাৱে সম্বৰ্ধনা জনায়৷ ভবিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ পৰিকল্পনা থকা বুলি আজি প্ৰকাশ কৰে নেহাই৷ ছাত্ৰী গৰাকীৰ কৃতিত্বত উৎফুল্ল হৈ পৰিছে বিদ্যালয়খনৰ লগতে সমগ্ৰ বাঘমাৰ অঞ্চল৷