Logo
image

ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাত উলম্ব বিভাজন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুনঃ অভিনেতাৰ সৰ্বাধিক মাননিৰ নিৰিখ নিৰ্ধাৰণ, নাটক বাচনিক লৈ সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাই উমৈহতীয়া সিদ্ধান্ত গ্ৰহণ কৰাক লৈ উলম্ব বিভাজন ঘটিছে প্ৰযোজক সংস্থাত৷ প্ৰযোজক সংস্থাই একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ তুলি তিনিটা ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠীয়ে সংস্থাৰ পৰা পদত্যাগ কৰিছে৷ হেঙুল থিয়েটাৰ, আৱাহন থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰৰ প্ৰযোজকে প্ৰযোজক সংস্থাৰ সিদ্ধান্ত একপক্ষীয় বুলি অভিযোগ কৰি সংস্থাৰ পৰা পদত্যাগ কৰে৷  হেঙুল থিয়েটাৰৰ প্ৰযোজন সংকল্পজিৎ হাজৰিকা, সহঃ প্ৰযোজক পংকজ হাজৰিকা, আৱাহন থিয়েটাৰৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰ আৰু ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ চন্দ্ৰ দাস আৰু অখিল কলিতাই এখন বিজ্ঞপ্তিত কয়– দীৰ্ঘদিন ধৰি সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাত চামিল হৈ থকাৰ অন্তত আমি তিনিটাকৈ ভ্ৰাম্যমাণ নাট্যদল ক্ৰমে– আৱাহন, হেঙুল আৰু ইতিহাস থিয়েটাৰৰ প্ৰযোজকে সন্থাটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷ পৰৱৰ্তী সময়ত সন্থাৰ কোনো নীতি-নিয়মৰ সৈতে এই নাট্যদল তিনিটাৰ কোনো সম্বন্ধ নাথাকিব৷ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল একোটাৰ ওপৰত কমেও ডেৰশ পৰিয়ালৰ ভৰণ-পোষণ আৰু জীৱিকা নিৰ্ভৰ কৰি থাকে৷ সেই পৰিয়ালসমূহৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়েই আমি বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত নিজাববীয়াকৈ গ্ৰহণ কৰিবলৈ বাধ্য হওঁ৷ শিল্পী, কলা-কুশলীসকলৰ স্বাৰ্থত আমাৰ সিদ্ধান্ত গ্ৰহণৰ ব্যক্তিগত অধিকাৰত বাৰে বাৰে আঘাট হনাৰ চেষ্টা কৰি আহিছে সন্থাৰ একাংশ বিষয়ববীয়াই৷ সন্থাৰ বহু কাম-কাজ গণতান্ত্ৰিকভাৱে নকৰি একপক্ষীয়ভাৱে তথা নাট্যদলৰ শিল্পী, কলা-কুশলীসকলৰ স্বাৰ্থত আঘাট হনাৰ সম্ভাৱনাৰে বহু সিদ্ধান্ত গ্ৰহণ কৰি অহা দেখা গৈছে৷ সন্থাৰ একাংশ বিষয়ববীয়া তথা একাংশ সদস্যই শিল্পী, কলা-কুশলীসকলৰ সম্পূৰ্ণ পাৰিশ্ৰমিক আদায় নিদিয়া কাৰ্যৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ ভাৱমূৰ্তি বিনষ্ট হোৱাৰ উপৰি শিল্পী, কলা-কুশলীসকলৰ মাজত অবিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছে৷ কিন্তু সন্থাই এইক্ষেত্ৰত সদায় মৌন আৰু নিষ্ক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ উল্লেখ্য, ভৱেন্দ্ৰ নাথ শইকীয়াৰ আহ৩ানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক, শিল্পী, কলা-কুশলী মিলিত হৈ সমূহীয়া বিষয়বোৰ মুকলিভাৱে আলোচনা হৈছিল৷ তাৰেই ফলশ্ৰুতিত পাছত সদৌ অসম প্ৰযোজক সন্থা গঠন হৈছিল৷ সন্থাই ২০১১ চনত ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস, প্ৰথম খণ্ড প্ৰকাশ কৰি দায়িত্বপূৰ্ণ কাম কৰিছিল৷ ৰতন লহকৰে কহিনুৰ থিয়েটাৰ দিল্লীলৈ উলিয়াই নি মাধ্যমটোৰ মৰ্যাদা বঢ়াইছিল৷ তেওঁ এনএছডিৰ পাঠ্যক্ৰমত ভ্ৰাম্যমাণ থিয়েটাৰক অন্তৰ্ভুক্ত কৰিবলৈ ভালেখিনি আগবাঢ়িছিল৷ নাট্যনগৰী পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ উত্তৰণ সভাত এনেধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক সন্থাই কেতবোৰ নিয়ম নিৰ্ধাৰণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ যি সকল নাট্যকাৰে এবছৰত শ শ নাটক লিখি প্ৰায়বোৰ নাটক তিনিওটা দৰ্শনীতে একেজন নাট্যকাৰৰ নাটৰে বছৰটো সম্পূৰ্ণ কৰে সেই ক্ষেত্ৰতো সন্থাই লক্ষ্মণৰেখা টানিছে৷ সেইমতে বছৰত এজন নাট্যকাৰৰ মাত্ৰ এখন নাটকহে লব পাৰিব এটা নাট্যদলে৷ তদুপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিনিশাৰ প্ৰথম দৰ্শনীৰ মাননি ২০২৩-২০২৪ বৰ্ষৰ পৰা সৰ্বাধিক ১ লাখ ১০হাজাৰ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাত ভ্ৰাম্যমাণৰ এজন অভিনেতাৰ সৰ্বাধিক মাননি ২০ লাখ টকা ধাৰ্য কৰা হয়৷ পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্ব অনুষ্ঠিত সভাত সন্থাৰ সভাপতি- সম্পাদককে ধৰি বৰদৈচিলা থিযেটাৰ, নয়নতৰা থিয়েটাৰ, সূৰ্য্য থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, সুদৰ্শন থিয়েটাৰ আদিকে ধৰি প্ৰায় কুৰিৰো অধিক থিয়েটাৰ গোষ্ঠীৰ প্ৰতিনিধি উপস্থিত থাকে৷ এনে সিদ্ধান্তৰ পাছতে সংস্থাত বিভাজন ঘটাই তিনি ভ্ৰাম্যমান দলৰ প্ৰযোজকে সংস্থাৰ পৰা পদত্যাগ কৰে৷