Logo
image

মোবাইল ফোনৰ প্ৰলোভনেৰে তিনি সন্তানৰ পিতৃয়ে যুৱতীক চলালে যৌন নিৰ্যাতন

ডিজিটেল সংবাদ, কামপুৰৰ প্ৰতিবেদকঃ মঙলবাৰে নগাঁও জিলাৰ কঠীয়াতলীৰ ৰেংবেং গৰুবন্ধা মিকিৰ গাঁৱৰ এগৰাকী ২৬ বছৰীয়া আদিবাসী যুৱতীক গাঁৱৰে ৰাম সিং তিমুং নামৰ তিনি সন্তানৰ পিতৃয়ে মোবাইল ফোনৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি আদিবাসী যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰাম সিং তিমুং নামৰ লোকজনে মোবাইল ফোন দিয়াৰ অজুহাতত যুৱতীগৰাকীক যৌন নিৰ্যাতন চলায়। ঘটনাৰ বিষয়ে যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকক জনোৱাত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে কঠীয়াতলী আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে। কঠীয়াতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মণৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই পলাতক ৰাম সিং তিমুঙক আটক কৰাৰ লগতে লোকজনৰ ওপৰত এটি গোচৰ ৰুজু কৰি জে'ললৈ প্ৰেৰণ কৰে।