আমি অসমীয়া নহওঁ দুখীয়া
‘আমি অসমীয়া নহওঁ দুখীয়া..., আনৰে লগতে অসমীয়া অসমতে, যদিহে নেবাচে বাৰু ক’তনো বাচিব, মোৰ আইক ভাল পাওঁ, বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব...’– ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ এটা কালজয়ী গীতৰ এইশাৰী কথা আজিও প্ৰাসংগিক৷ ১৯৬৮ চনত ৰচনা কৰা এই গীতটোৰ উদ্দেশ্য আছিল বেলেগ৷ অনাঅসমীয়া চক্ৰই অসমীয়া ভাষাৰ বিৰুদ্ধে ৰচনা কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে গীতৰ জৰিয়তেই এনেদৰে বিদ্ৰোহ ঘোষণা কৰিছিল ভূপেন হাজৰিকাই৷ এতিয়া কিন্তু পৰিস্থিতি সলনি হ’ল৷ অসমীয়া ভাষাৰ বিৰুদ্ধে শত্ৰুৰ সংখ্যা কমক ছাড়ি বৃদ্ধিহে হ’ল৷ অনাঅসমীয়া চক্ৰৰ কথা বাদেই– অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বা অসমীয়া ভাষাৰ সৰ্বাংগীণ বিকাশত হেঙাৰ সৃষ্টি কৰাসকলৰ বুজনসংখ্যকেই অসমীয়া৷ ১৯৯১ চনৰ পৰাই অসমত অসমীয়া ভাষাৰ বিৰুদ্ধে আৰম্ভ হয় সংঘবদ্ধ ষড়যন্ত্ৰ৷ ১৯৬০ চনৰ ভাষা আন্দোলন আৰু ১৯৭২ চনৰ মাধ্যম আন্দোলনত কেইবাজনো শ্বহীদ হ’ল যদিও অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাত অসম চৰকাৰে বিশেষ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে৷ চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয় আছে যদিও সেয়াও নামমাত্ৰ৷ বিগত সময়ছোৱাত চৰকাৰী কাম-কাজত, অফিচ-কাছাৰীত অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগে বুলি ভাষা প্ৰয়োগ সঞ্চালকালয়ে জাননী জাৰি কৰি আহিছে যদিও আশ্চৰ্যজনক কথা এয়ে যে এই জাননীসমূহৰ বুজনসংখ্যকেই ইংৰাজী ভাষাৰ৷ অসমত কাৰ্যনিৰ্বাহ কৰা আইএএছ আৰু আইপিএছ বিষয়াসকলৰ ভিতৰত যিসকল অসমৰ বাহিৰৰ তেওঁলোকে সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপ কৰোঁতে সাধাৰণতে অসমীয়া ভাষা ব্যৱহাৰ কৰে যদিও অসমীয়া আইপিএছ আৰু আইএএছ বিষয়াসকলৰ বুজনসংখ্যকেই সাংবাদিকৰে বাৰ্তালাপৰ সময়ত ইংৰাজী ভাষাহে ব্যৱহাৰ কৰে৷
অসমীয়া ভাষাৰ প্ৰতি বিদ্বান অসমীয়া মানুহৰ বুজনসংখ্যকৰ অনীহা আৰু অৱহেলা একো নতুন কথা নহয়৷ পূৰ্বৰে পৰাই শিক্ষিত অসমীয়াসকলৰ বুজনসংখ্যকে কথা কওঁতে বা লিখোঁতে অসমীয়া ভাষাৰ সলনি ইংৰাজী ভাষা ব্যৱহাৰ কৰাৰ কথা সৰ্বজনবিদিত৷ ইংৰাজে এৰি থৈ যোৱা গোলামী মানসিকতাৰ বাবেই বুজনসংখ্যক শিক্ষিত অসমীয়া মানুহৰ মাজত এনে এটা ধাৰণাৰ সৃষ্টি হৈছে যে যিজন শিক্ষিত লোকে ইংৰাজী ক’ব নাজানে তেওঁ সমাজত উচ্ছস্থান লাভ কৰিব নোৱাৰে৷ প্ৰকৃততে সেয়া সত্য নহয়৷ ব্ৰিটিছসকলে, জাৰ্মানসকলে, জাপানীসকলে বা দাক্ষিণাত্যৰ লোকসকলে মাতৃভাষাৰ ক্ষেত্ৰত কেনেধৰণৰ আচৰণ কৰে সেয়া বহুক্ষেত্ৰত অসমীয়াকে ধৰি আন ভাষাৰ লোকসকলৰ বাবে অনুকৰণীয়৷ অসমৰ আগৰ চৰকাৰকেইখনে অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা নাই৷ সমান্তৰালভাৱে এই কথাও ক’ব লাগিব যে আগৰ চৰকাৰকেইখনে অসমীয়া ভাষাৰ পৰিপন্থী কামো বিশেষ একো কৰা নাই৷ কিন্তু শেহতীয়াভাৱে অসম চৰকাৰৰ কেতবোৰ কাৰ্যই অসমীয়া ভাষাৰ শ্মশানযাত্ৰাৰ ক্ষেত্ৰত ইন্ধন জগোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷
ষষ্ঠ শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিতৰ পাঠদান ইংৰাজীত কৰোৱাবৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰকৃতাৰ্থত অসমীয়া ভাষাবিৰোধী৷ কেৱল সেয়ে নহয়, এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃভাষাৰ উত্তৰণৰ সপোন আৰু নতুন শিক্ষানীতিৰ পৰিপন্থী কাৰ্য৷ অসম চৰকাৰৰ এনেবোৰ কাৰ্যত অনুপ্ৰাণিত হৈয়েই শেহতীয়াভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত অসমীয়া মাধ্যম প্ৰত্যাহাৰ কৰিছে৷ সেয়া অসম আৰু অসমীয়াবিৰোধী কাৰ্য৷ এই কাৰ্য অসম চৰকাৰে বন্ধ কৰা উচিত৷






