Logo
image

দীৰ্ঘদিন বন্ধ হৈ থকা এচি চলোৱাৰ আগতে এইখিনি কৰক

এচি ব্যৱহাৰ প্ৰায় প্ৰতিদেনেই বৃদ্ধি পাইছে৷ সৰ্বসাধাৰণৰ বাবে ই প্ৰায় অপৰিহাৰ্য হৈ পৰিছে৷ পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ লগে লগে উৎকট গৰমৰ পৰা সকাহ পাবলৈ এচি বিনে গত্যন্তৰ নোহোৱা হয়৷ ঘৰৰ উপৰি বিভিন্ন কাৰ্যালয়ত এচি ব্যৱহাৰ সাধাৰণ কথাত পৰিণত হৈছে৷ গৰম দিন পাৰ হৈ যোৱাৰ পাছত প্ৰায় ছমাহ মানলৈ এচি ব্যৱহাৰ নকৰাকৈ থাকে৷ ফলত এই সময়ছোৱাত ধূলি-বালি জমা হৈ এচি ব্যৱহাৰৰ অনুপযোগীও হৈ পৰিব পাৰে৷ শীতকালজুৰি বন্ধ হৈ থকা এচি ব্যৱহাৰ কৰাৰ আগতে কেইটামান দিশৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে৷ নহ’লে এচিৰ পৰা দুৰ্ঘটনা ঘটাৰো আশংকা থাকে৷

⬛এচিৰ মেচিন বা ফিল্টাৰত ধূলি-বালি জমা হ’লে ঠাণ্ডা হওতে যথেষ্ট সময় লাগে৷ সেয়েহে এচি ব্যৱহাৰ কৰাৰ পূৰ্বে এচি পৰিষ্কাৰ কৰি লোৱাটো জৰুৰী৷ তাকে নকৰিলে এচিৰ কম্প্ৰেছাৰটো বেয়া হৈ যোৱাৰ আশংকা থাকে৷

⬛ বহুদিনৰ পুৰণি অথবা নিম্নমানৰ এচি ব্যৱহাৰ কৰিলে প্ৰচণ্ড গৰমত কোঠাটো ঠাণ্ডা কৰাৰ ক্ষেত্ৰত এচিত অতিৰিক্ত হেঁচা পৰে৷ যাৰ বাবে সহজেই এচিটো বিকল হৈ পৰিব পাৰে৷

⬛ঘৰৰ আয়তন অনুপাতে এচি ক্ৰয় নকৰিলে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ যাৰ ফলত এচিৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ উপৰি কম সময়ৰ ভিতৰতে এচি বিকল হ’বও পাৰে৷

⬛শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ বিসংগতিৰ বাবে বিস্ফোৰণো ঘটিব পাৰে৷ ইয়াৰ অন্যতম কাৰণ এচিৰ পৰা গেছ লিক হোৱাতো৷ সেইবাবে এচি ব্যৱহাৰ কৰাৰ পূৰ্বে গেছ সঠিকভাৱে আছে নে নাই পৰীক্ষা কৰা উচিত৷

⬛এচিৰ সৈতে সংলগ্ন বৈদ্যুতিক তাঁৰ মাজে মাজে পৰীক্ষা কৰাটো জৰুৰী৷

⬛একেৰাহে বহু সময় ধৰি এচি চলোৱাৰ ফলত যন্ত্ৰটোৰ ওপৰত অতিৰিক্ত চাপ পৰে৷ সেইবাবে বহু সময় ধৰি এচি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে৷

⬛এচি যদি বেটাৰীচালিত হয়, তেতিয়া বেটাৰী সময়মতে পৰীক্ষা কৰিব লাগে৷

⬛কোনো ধৰণৰ ইলেকট্ৰিকেল ক্ষতিৰ পৰা ৰক্ষা কৰাটোৱেই হ’ল ছাৰ্কিট ব্ৰেকাৰৰ কাম৷ কোনো কাৰণে যদি এচিয়ে কাম নকৰে তেতিয়া ছাৰ্কিট ব্ৰেকাৰ পৰীক্ষা কৰা উচিত৷ ছাৰ্কিট ব্ৰেকাৰ প্ৰয়োজনত সলনি কৰি ল’ব লাগে৷

⬛এচি চলাই ৰাখোতে যদি শব্দ হ’য় তেতিয়া পৰীক্ষা নকৰকৈ এচি ব্যৱহাক কৰা উচিৎ নহয়৷