Logo
image

শিলচৰত কুৰ্বানিক লৈ সংঘৰ্ষ¸ দুজন আহত, তীব্ৰ উত্তেজনা

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিবেদক, ৩০ জুনঃ বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত শিলচৰ চহৰৰ পঞ্চায়ত ৰ’ড এলেকাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ পবিত্ৰ ঈদৰ দিনা দুই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষত দুজন ব্যক্তি আহত হোৱাৰ লগতে একাধিক গাড়ী ভাঙি লণ্ডভণ্ড কৰে৷ জানিব পৰা মতে, এজন ঠিকাদাৰে ৰাস্তাৰ দুজন শ্ৰমিকক লৈ পৌৰসভাৰ নলা খননৰ বাবে এলেকাত অহাৰ পাছত কেইজন যুৱকে ‘আল্লা হু’ ধবনি দিয়ে৷ ইয়াৰ পাছতেই উক্ত ঠাইত অন্য গোষ্ঠীৰ কেইজনমান যুৱকে ‘ জয় শ্ৰী ৰাম’ ধবনি দিয়াৰ পাছতে দুই গোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ দুই পক্ষৰ মাজত হাতাহাতি হোৱাৰ লগতে গাড়ী ভাঙি পেলায়৷ এটা গোষ্ঠীৰ অভিযোগ, ঈদৰ দিনা পঞ্চায়ত ৰোডত মুকলিকৈ কুৰ্বানি দিয়া হৈছে৷ মুকলিকৈ কৈ কুৰ্বানিৰ তীব্ৰ প্ৰতিবাদ জনায় তেওঁলোকে৷ ইয়াৰ পাছতেই দুই গোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ যোৱা বছৰতে ঈদৰ দিনা কুৰৰ্বানিৰ মাংস ৰাস্তাৰ ওচৰত পেলাই ৰখা হৈছিল৷ ইপিনে পঞ্চায়ত ৰ’ডত ঘটনাৰ খবৰ পাই কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তো আৰু দক্ষিণ ৰেঞ্জৰ ডিআইজি কংকনজ্যোতি শইকীয়া আৰক্ষী আৰু চিআৰপিএফৰ বৃহৎ দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷  ইফালে, কলেজ ৰ’ড পইণ্টত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে৷ আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷  আৰক্ষীৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ দোকান-বজাৰ বন্ধ কৰি প্ৰতিবাদকাৰীসকলক প্ৰতিবাদস্থলী এৰি যাবলৈ বাধ্য কৰে৷  ইফালে সমগ্ৰ অঞ্চলটোত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে কয় যে, দুয়োটা গোটৰ মাজত হোৱা সংঘৰ্ষৰ বাবে পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰিছে৷  কিন্তু আৰক্ষীয়ে ততাতৈয়াকৈ সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷  কিছু সময়ৰ পিছত সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সমগ্ৰ অঞ্চলটোত কঠোৰ নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰিছে৷ কোনো ধৰণৰ উৰাবাতৰি নুশুনিবলৈ আহ্বান জনাইছে আৰক্ষী অধীক্ষকে৷ তেওঁ কয়, যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু প্ৰশাসন৷ জিলাখনত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে তেওঁ৷