Logo
image

কৃষকে নাপায় দামঃ দলগাঁৱৰ ২০ টকীয়া বিলাহী গুৱাহাটীত হয়গৈ ১২০ টকা

ডিজিটেল সংবাদ, দলগাঁওঃ অভাৱনীয়া হাৰত বৃদ্ধি হৈছে বজাৰত শাক-পাচলিৰ দাম ৷ বজাৰত প্ৰায় প্ৰতিবিধ শাক-পাচলিৰ আকাশলংঘী দাম ৷ তাৰ মাজতে ৰঙা বিলাহীয়ে কন্দুৱাইছে গুৱাহাটী মহানগৰীবাসীক। দলগাঁও সমষ্টিৰ বৰুৱাপাৰাৰ কৃষকৰ বাবে বিলাহীৰ দাম নাই। দলগাঁও সমষ্টিৰ বৰুৱাপাৰা অঞ্চলত কৃষকে কৰা বিলাহীৰ দাম নাই৷ প্ৰতি কিলোত কৃষকে পাই মাত্ৰ ২০ টকা। কম দামত কৃষকে বিক্ৰী কৰিবলগীয়া হৈছে বিলাহী। অসমৰ সৰ্ববৃহৎ বালুগাঁও পাচলি বজাৰত আজিৰ তাৰিখত বিলাহীৰ দাম প্ৰতি কিলোত ২৫ টকা। কিন্তু এই বিলাহীয়ে গুৱাহাটী মহানগৰীৰ বজাৰত প্ৰতি কিলোত প্ৰায় ১২০ৰ পৰা ১২৫ টকাত বিক্ৰী হৈছে। কৃষকে জনোৱা অনুসৰি তেওঁলোকৰ পৰা একাংশ বেপাৰীয়ে কম দামত বিলাহী ক্ৰয় কৰি গুৱাহাটীৰ বজাৰত অধিক দামত দামত বিক্ৰী কৰে। এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৃষকসকলে।