Logo
image

অতুলৰ পত্ৰবোমাঃ ধন ব্যয় কৰি দিল্লীত বিহু পতাৰ কাৰণ কি?

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩২ জুলাইঃ পুনৰ ৰাজকোষৰ ধন ব্যয় কৰি দিল্লীত বিহু পাতিবলৈ ওলোৱা মুখ্যমন্ত্ৰীৰ কাম-কাজত নাৰাজ দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা৷ ধন ব্যয় কৰি দিল্লীত বিহু পতাৰ কাৰণ সন্দৰ্ভত প্ৰশ্ন তুলি মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখা বুলি আজি সাংবাদিকৰ আগত জানিবলৈ দি বিধায়ক অতুল বৰাই এনেদৰে কয়–‘মুখ্যমন্ত্ৰীয়ে ২৬ ৰ আগে আগে বিহুৱা-বিহুৱতীক লৈ দিল্লীত যি বিহু পতাৰ কথা ঘোষণা কৰিলে, সেই কথাটোও মই ভাল পোৱা নাই৷ মই এইটো কাৰণে ভাল পোৱা নাই ১১ হাজাৰ বিহুৱা বিহুৱতীয়ে সৰুসজাইত যি ৰেকৰ্ড কৰিলে, তাৰ পাছত আৰু বিহুৰ ক্ষেত্ৰত কৰিবলগীয়া কি আছে৷ যদিহে কিবা কৰিব খোজে তেন্তে অসমৰ জনগোষ্ঠীয় লোকসকলৰ গীত মাতকে দিল্লীলৈ লৈ যাব লাগে৷ কিন্তু ২০-৩০ হাজাৰ হ’ব নালাগে৷ ১০-১১ হাজাৰহে হ’ব লাগে৷ ১৫৫ খন হোটেল আৰু লজে এতিয়ালৈকে নাচনি আৰু বিহুৱা ৰখাৰ বিল পোৱা নাই৷ এইবোৰ কথা মই ভাল পোৱা নাই কাৰণে মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখি প্ৰেৰণ কৰিছো৷’ ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মদৰ দাম বৃদ্ধি কৰাৰ সন্দৰ্ভত বিধায়কজনে কয়–‘মদৰ দাম বাঢ়িছে এটা পেগ খাওক৷ আৰু দাম বাঢ়িলে আধা পেগ খাওক৷ তাৰ পাছত দাম বাঢ়িলে নালাগে খাব৷’ আনহাতে হাইকৰ্ট স্থানান্তৰিতকৰণ তথা দীঘলীপুখুৰী গুজৰাটী কোম্পানীক গটোৱা, সমষ্টি পুনৰ নিৰ্ধাৰণ ইত্যাদি প্ৰসংগত বিধায়কগৰাকীয়ে কয়–‘হাইকৰ্ট যতে আছে তাতে থাকক৷ তাৰ পৰা বেলেগ ঠাইলৈ স্থানান্তৰ কৰিব নালাগে৷ দীঘলীপুখুৰীৰ ক্ষেত্ৰত মোৰ কিছু ৰিজাৰ্ভেশ্বন আছিলে৷ কাৰণ দীঘলীপুখুৰীৰ পাৰতে গোটেই জীৱনটো পাৰ কৰিছো৷ দীঘলীপুখুৰীৰ ছাত্ৰবাস তৃতীয় হোষ্টেলত মই আছিলো৷ কাষতে চীফ জাষ্টিছ, জাষ্টিছসকল আছিলে৷ দীঘলীপুখুৰীৰ পাৰতে আমাৰ পূৰ্বাঞ্চলীয় লোক পৰিষদৰ কাৰ্যালয় আছিলে৷ তাৰ পৰাই সদৌ অসম গণ সংগ্ৰাম পৰিষদ বা বিদেশী খেদা আন্দোলনৰ আৰম্ভণি হৈছিল৷ তাৰ উপৰিও হাইকৰ্টৰ এটা ইতিহাস আছে, ঐতিহ্য আছে৷ উমানন্দ বা শুক্লশ্বেৰৰ নিচিনা নহ’লেও উলাই কৰিব পৰা বিধৰ নহয় হাইকৰ্ট৷ দীঘলীপুখুৰীটোৰ পাৰতে কটন কলেজ, সন্দিকৈ কলেজৰ অৱস্থিতিয়ে ঠাইডোখৰৰ গুৰুত্ব বৃদ্ধি কৰিছে৷ এই ইতিহাসৰ সৈতে আবেগ অনুভূতি জড়িত হৈ আছে৷ গতিকে হাইকৰ্টখন সেই স্থানৰ পৰা উঠি গ’লে গুৱাহাটীখন খালী হৈ যোৱা যেন লাগিব৷ হাইকৰ্ট স্থানান্তৰিত কৰিব নালাগে বুলি অকল উকীল সকলেই চিঞৰিব বাকীসকল মনে মনে থাকিব সেইটো মই ভাল পোৱা নাই৷ মই যিহেতু স্থানান্তৰ কৰাটো ভাল পোৱা নাই, সেই কাৰণে মই মাত মাতিছো৷ দীঘলীপুখুৰী কোনোবা গুজৰাটৰ ব্যৱসায়ীক গোটোৱা বুলি প্ৰকাশ কৰিছে৷ অৱশ্যে মন্ত্ৰীয়ে সেয়া নুই কৰিছে৷ ‘আমাৰ অসম’ কাকতে লিখিছে–‘কোনোবা ৰাজা কাংকাৰীয়া দীঘলীপুখুৰীৰ নতুন মালিক বুলি৷’ আহোম ৰজাই খন্দা দীঘলীপুখুৰী গুজৰাটৰ কোম্পানীক দিবলৈ ওলোৱা বুলি ক’লে যিটো খং উঠিব, দীঘলীপুখুৰীটো পুতিবলৈ ওলোৱা বুলি ক’লেও একে খং উঠিব৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ সমগ্ৰ ৰাজ্যতে যি প্ৰতিবাদ হৈছে, ইয়াৰ পাছত মই প্ৰতিবাদ কৰাৰ কথা নাই৷ ডিমৰীয়াটো এছ টি সংৰক্ষিত হ’লে ভাল আছিল৷ ভৈয়ামৰ কাৰ্বি সকলক জনজাতি নকৰালৈকে ডিমৰীয়া এছটিৰ বাবে সংৰক্ষিত কৰিও লাভ নাই৷ সমষ্টি পুনৰ নিৰ্ধাৰণলৈ জিলাই জিলাই স্থান বিশেষেহে প্ৰতিবাদ হৈছে৷ মোৰ দিছপুৰ সমষ্টি আছে যিহেতু, গতিকে কোনো ক্ষোভ নাই৷ হেলাৰঙে মই যেতিয়া জিকিমেই মোৰ কোনো বিষাদ নাই৷ দিছপুৰৰ লগতহে মোৰ আৱেগ অনুভূতি জড়িত হৈ আছে৷ মই কৈছিলো নহয় শাক-পাচলিৰ দাম বাঢ়িছে কমাই খাওক, মদৰ দাম বাঢ়িছে কমাই খাওক৷ দেৰি লৈকে মদৰ দোকান খোলাত আপত্তি নাই, কিন্তু ড্ৰাইভাৰে মদ খাই খুন্দা মাৰিলেহে আপত্তি আছে৷’