Logo
image

ছানি বিতৰ্ক চলি থাকিল, প্ৰতি টেবুলত ২ লাখ টকা লৈ বাজিমাৎ ‘প্লেবয়’ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ জুলাইঃ ডিঙিৰ পৰা আঁঠুলৈকে এটা লুজ টপ পৰিধান কৰা এসময়ৰ পৰ্ণষ্টাৰ ছানি লিয়নীৰ গুৱাহাটী বিমান বন্দৰৰ এখন ফটো দেখিয়েই অসমৰ জনতা ফেচবুকত ভাৰ্চুৱেল যুদ্ধত লিপ্ত হৈ ৰ’ল আৰু নিশা সেই আবেদনময়ীয়ে মহানগৰীৰ লাউঞ্জ বাৰ প্লেবয় বীয়েৰ গাৰ্ডেনত এজাক উৎসাহী আৰু ধনাঢ্যৰ সন্মুখত শৰীৰি বিভংগ প্ৰদৰ্শন কৰি কেইঘণ্টামানৰ ভিতৰতে ৩০লাখ টকা পাৰিশ্ৰমিক লৈ মায়ানগৰীলৈ উভতি গ’ল৷ লোভনীয় পৰ্ণতাৰকাৰ পৰা মোহনীয় অভিনেত্ৰীত পৰিণত হোৱা ছানি লিয়নীৰ সান্নিধ্য উপভোগ কৰিবলৈ মহানগৰীৰ অভিজাত আৰু ধনকুৱেৰে ২ লাখকৈ টকা দি একোখন টেবুল বুক কৰি বহিল আৰু ছ’চিয়েল মিডিয়াত কেৱল ছানি লিয়নীৰ ‘ইতিহাস’ আৰু ‘ভূগোল’ৰ বিষয়ে ছবিৰ দৰে অস্পষ্ট ধাৰণা থকা বুভুক্ষু নেটাগৰিকে ২৪ঘণ্টাৰো অধিক সময় ধৰি তৰ্কত লিপ্ত হ’ল–এগৰাকী পৰ্ণষ্টাৰক আদৰণি জনাবলৈ ব্যৱহাৰ কৰি অসমৰ ঢোলটো কিয় চুৱা কৰিলে কিম্বা অসমীয়াৰ সন্মান আৰু ঐতিহ্য জড়িত হৈ থকা গামোছাখন কিয় ব্যৱহাৰ কৰিলে? উত্তপ্ত জুলাইৰ উইকেণ্ডৰ প্ৰথমটো শনিবাৰ অধিক উত্তপ্ত কৰি আবেদনময়ী ছানি লিয়নী দেওবাৰে পুৱাই মুম্বাইলৈ ৰাওনা হ’ল, কিন্তু অসমৰ নেটিজেনৰ ছানিক লৈ অব্যাহত থকা ভাৰ্চুৱেল তৰ্কযুদ্ধ চলিয়েই থাকিল৷ এই ৪৮ঘণ্টীয়া ভাৰ্চুৱেল তৰ্কযুদ্ধত লিপ্ত হোৱা বহুজন সন্তুষ্ট থাকিল ছানি লিয়নীৰ ডিঙিৰ পৰা আঠুলৈকে ঢাকি ৰখা লুজ টপৰ এখন মাথোঁ ফটোত আৰু কেৱল লাউঞ্জ বাৰত প্ৰৱেশ কৰিবলৈ ৬০০০-১০,০০০টকা ব্যয় কৰি দুৰৰ পৰা হ’লেও একালৰ পৰ্ণষ্টাৰৰ শৰীৰি বিভংগ দেখি তৃপ্ত হ’ল এদল পুৰুষ৷ যি ধন ঢালিব পাৰে, তেওঁ এখন টেবুলৰ বাবে ঢালিলে ২ লক্ষাধিক টকা আৰু ছানি লিয়নীৰ উষ্ণ সৌন্দৰ্য তেওঁলোকে  উপভোগ কৰিলে তেনেই কাষৰ পৰা৷ বিতৰ্ক চলি থাকিল ৪৮ঘণ্টাৰো অধিক৷ তাৰ মাজতে লাভ লুটিলে প্লেবয় বীয়েৰ গাৰ্ডেন নামৰ জিএছৰোডস্থিত লাউঞ্জ বাৰখনৰ স্বত্বাধিকাৰী আশিস দেৱে৷ ডিমাপুৰৰ বাঙালী ব্যৱসায়ী আশিস দেবে প্লেবয় আৰম্ভ কৰাৰ এমাহৰো কম সময়ৰ ভিতৰত ছানি লিয়নীক আনি ব্যৱসায়িক ‘ট্ৰাম্প কাৰ্ড’ মাৰিলে আৰু প্লেবয় বীয়েৰ গাৰ্ডেনৰ হৈ বাজিমাৎ কৰিলে৷
সন্দেহ নাই, ৪২ বছৰীয়া ছানি লিয়নীৰ ‘ইতিহাস’ আৰু ‘ভূগোল’ৰ চৰ্চাৰে এই ৪৮ঘণ্টা নিৰৱচ্ছিন্নভাৱে উত্তপ্ত হৈ ৰ’ল শনিবৰীয়া জুলাইৰ দিন-ৰাতি৷ এই মুহূৰ্তত অসমৰ ছ’ছিয়েল মিডিয়া প্ৰকৃততে দ্বিধবাবিভক্ত৷৷ ছানি বিৰোধীৰ মতে, এসময়ৰ পৰ্ণতাৰকা ছানি লিয়নীক অসমীয়াৰ বাপতি সাহোন বিহুৰ মূল আহিলা ঢোলেৰে আদৰণি জনোৱাতো ভুলেই নহয়, মহাপাপ৷ তেওঁৰ ডিঙিত গামোচাখন আঁৰি দি উদ্যোক্তাই অসমীয়া জাতিৰ সৰ্বনাশ কৰিলে৷ কিয়নো ছানি লিয়নী এসময়ৰ পৰ্ণতাৰকা, নীলা ছবি এৰি তেওঁ এতিয়া বলীউডত অভিনয় কৰিলেও ছানিৰ ৰত্নাকৰৰ পৰা বাল্মিকীলৈ উত্তৰণ ঘটা নাই৷ তদুপৰি ছানিয়ে বলীউডত যিবোৰ ছবি কৰিছে, সেই সকলোবোৰ যৌনগন্ধী৷ ছানি লিয়নীৰ ইতিহাস অৰ্থাৎ পৰ্ণতাৰকাৰ কাৰ্যকলাপ আৰুপে এতিয়াও যৌনগন্ধী অভিনয় অসমীয়া সমাজত খাপ নাখায়৷ এয়া অসমীয়া সংস্কৃতিৰ পৰিপন্থী৷ আন এচামে আকৌ ছ’চিয়েল মিডিয়া আৰু মেইনষ্ট্ৰীম মিডিয়াত এই বক্তব্যৰ বিৰোধিতা কৰিছে৷ ছানি লিয়নীক সমৰ্থন জনোৱা দলটোৰ যেন নেতৃত্ব লৈছে অসমীয়াৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে৷ জুবিন গাৰ্গে কৈছে, অসমলৈ অহা অতিথিক ঢোলেৰে আদৰণি নজনাই তৰোৱালেৰে আদৰণি জনাব নেকি? তেওঁৰ সুৰতে অনেকেই সুৰ মিলাই ঢোল-দগৰে ছানি লিয়নীক আদৰণি জনোৱাত কোনো ভুল নাই বুলি যুক্তি দিছে৷ তেওঁলোকৰ মত, ছানি লিয়নী কলগাৰ্ল বা বাৰবণিতা নহয়, তেওঁ অভিনেত্ৰী, পৰ্ণ ছবিতেই হওক বা সমান্তৰাল ছবিতে হওক৷ সেয়া তেওঁৰ পেছা৷ জুবিনৰ মতে, ছানি পূৰ্বে পৰ্ণষ্টাৰ আছিল, সেয়া অতীত৷ প্লেবয় লাউঞ্জ  বাৰো বিশ্ববিখ্যাত, তালৈ তেওঁ আহিবই পাৰে৷ ছানি লিয়নীৰ সমৰ্থকক বিৰোধীয়ে প্ৰশ্ন কৰিছে, এইবাৰ তেওঁক উদ্যোক্তাই ঢোলে-দগৰে আদৰিলে৷ ভৱিষ্যতে তেওঁক  বা তেওঁৰ দৰে আন কোনো ব্যক্তিক অসমত গায়ন-বায়নেৰেও আদৰিব নেকি? এই ভাৰ্চুৱেল যুদ্ধ অব্যাহত থাকিব, সম্ভৱতঃ আন এটা বিষয় চ’ছিয়েল মিডিয়াত ভাইৰেল নোহোৱা পৰ্যন্ত৷