Logo
image

নামৰ আগত শ্ৰী বা মহম্মদৰ দৰেই দীঘলীপুখুৰীৰ আগত এণ্টাৰটিকা!

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ জুলাইঃ ঐতিহাসিক দীঘলীপুখুৰীক গুজৰাটী বণিয়াক ১৫ বছৰলৈ লীজত দিয়াৰ পাছতেই সলনি কৰা হ’ল দীঘলীপুখুৰীৰ নাম৷ গুজৰাটৰ ৰাজা কাংকাৰীয়াৰ মালিকানাধীন ইচিএইচটি কংলোমেৰাট নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দীঘলীপুখুৰীৰ নামৰ আগত ‘এণ্টাৰটিকা’ সংযোগ কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ সৰ্বত্ৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই মুখ খুলিছে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ মানুহৰ নামৰ আগত শ্ৰী বা মহম্মদ লিখাৰ দৰেই ঐতিহাসিক দীঘলীপুখুৰীৰ আগতো ‘এণ্টাৰটিকা’ লগাই দিয়াৰ উদ্ভট যুক্তি দিয়া দেখা গৈছে বিভাগীয় মন্ত্ৰীজনক৷ এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সোমবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ যুক্তি দাঙি ধৰি কয়–দীঘলীপুখুৰীৰ নাম পূৰ্বৰে পৰা দীঘলীপুখুৰী আছে৷ এচাম মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়ন সহ্য কৰিব নোৱাৰি এই বিতৰ্কৰ সৃষ্টি কৰিছে৷ এচাম কাম  নোহোৱা মানুহে ছ’চিয়েল মিডিয়াত দীঘলীপুখুৰীক লৈ চিঞৰ বাখৰ কৰি আছে৷ মই পূৰ্বতেই স্পষ্ট কৰি দিছো যে দীঘলীপুখুৰীক কোনো কাৰণতে বহিৰাগত প্ৰতিষ্ঠানক গতাই দিয়া নহয়৷ ৰাইজে আপত্তি কৰাত মই লগে লগে দীঘলীপুখুৰীক বাহিৰৰ কোম্পানীক দিয়া প্ৰক্ৰিয়া বন্ধ কৰিবলৈ নিৰ্দেশ দিছোঁ৷ দীঘলীপুখুৰী ২০০৯ চনৰ পৰা কোনোবা মেহবুব আলী নামৰ এজন ব্যক্তিয়ে লীজত চলাই আছিল৷ দীঘলীপুুখুৰীৰ গেট, ৰেস্তোঁৰা লীজতেই চলে৷ বিভাগে নচলায়৷ এইবাৰ নতুনকৈ নিবিদা হৈছে আৰু নতুন এটা পাৰ্টীয়ে দায়িত্ব লৈছিল৷ মই খবৰ কৰি গম পাইছিলো যে যিটো পাৰ্টীক গুজৰাটৰ বুলি কৈছে, সেই পাৰ্টীটো অসমৰে হয়৷ অসমৰ কোনোবা এখন চাহ বাগনৰো মালিক তেওঁলোক৷ কিন্তু তেওঁক লৈ যেতিয়া বিতৰ্ক হৈছে, তেতিয়া মই লগে লগে কৈছোঁ, তেনে পাৰ্টীৰ প্ৰয়োজন নাই৷ অসমৰ কিছুমান মানুহৰ এতিয়া কাম নাই৷ গতিকে তেওঁলোকক এটা ইচ্ছু লাগে৷ ১৫ বছৰ আগত মেহবুক আলীক লীজত দিওতে কোনেও আপত্তি কৰা নাছিল৷ মানুহে নামৰ আগত শ্ৰী লিখে, মহম্মদ লিখে, সেই বুলি কিন্তু মই সুধি থাকিম নেকি কিয় শ্ৰী বা মহম্মদ লিখে? সেইদৰে দীঘলীপুখুৰীত কোনোবাই কিবা লিখিব পাৰে, সেইটো কি ডাঙৰ কথা৷ মোৰ মতে অসমৰ পৰ্যটন সম্পত্তিসমূহ বৃত্তিমূলকভাৱে চলিব লাগে৷ তেতিয়া ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল৷ অসমৰ কোনোবা মানুহে আৱেগৰে চলিব বিচাৰিলে, মইটো আৱেগৰ সৈতেই চলিব লাগিব৷ টিকটৰ মূল্য ২০ টকা, ৪০ টকাক লৈ কোনো পাৰ্থক্য নাই৷