ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব
আমিষভোজী প্ৰায়ভাগেই মাছ খাই ভাল পায়৷ মাছ খাওঁতে সাৱধান নহ’লে ডিঙিত ইয়াৰ কাঁইট লাগি ধৰিব পাৰে৷ এনেকুৱা হ’লে অস্বস্তিত পৰা যায়৷ পিছে কেইটামান সহজ উপায়েৰে ডিঙিত মাছৰ কাঁইট লগা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল ডিঙিত লাগি ধৰা মাছৰ কাঁইট আঁতৰোৱাৰ কেইটামান উপায়–
⬛শুকান ভাত লাড়ু বনাই গিলি দিয়ক৷ ইয়াৰ পাছত পানী খাওক৷ এবাৰত যদি কাঁইট আঁতৰ নহয় তেন্তে পুনৰ এই পদ্ধতি অৱলম্বন কৰক৷
⬛পকা কল খালেও ডিঙিত লগা মাছৰ কাঁইট আঁতৰি যায়৷ ইয়াৰ বাবে এটা পকা কল বেছিকৈ লৈ সামান্য চোবাই এবাৰতে গিলি দিয়ক৷
⬛পাউৰুটি পানীত তিঁয়াই লৈ গিলিলেও মাছৰ কাঁইট ডিঙিৰ পৰা আঁতৰ হয়৷
⬛পাতিনেমুৰ ৰসেও ডিঙিত লাগি ধৰা মাছৰ কাঁইট আঁতৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে এটা নেমু ভালদৰে নিমখ সানি লৈ চুহি চুহি খাওক৷ নেমুত থকা এচিড আৰু নিমখে মাছৰ কাঁইট গলাই দিয়ে৷
⬛পানীৰ সৈতে সামান্য পৰিমাণৰ ভিনেগাৰ মিহলাই অলপ অলপকৈ খালেও ডিঙিৰ পৰা মাছৰ কাঁইট আঁতৰ হয়৷
⬛ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে অলিভ অইলেও উপকাৰ কৰে৷ ইয়াৰ বাবে পানীৰ সৈতে সামান্য পৰিমাণৰ অলিভ অইল মিহলাই খাওঁক৷ অলিভ অইলৰ পিছলভাৱে মাছৰ কাঁইট ডিঙিৰ পৰা তললৈ নমাই দিয়ে৷
⬛যিকোনো শীতল পানীয়ৰ সৈতে নেমুৰ ৰস মিহলাই খালেও ডিঙিত মাছৰ কাঁইট লাগি ধৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷