Logo
image

চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলত নাহৰফুটুকী বাঘৰ কিছুদিন ধৰি মুক্ত বিচৰণ চলি আছে। নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ পাছতেই সতৰ্কতা জাৰি কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই। অসম ৰাজ্যিক চিৰিয়াখানাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা ৩ জুলাইত এখন জাননী জাৰি কৰা হৈছে। সেই জাননীত চিৰিয়াখানাসমূহ আবাসীৰ জ্ঞাতাৰ্থে জনোৱা  অসম ৰাজ্যিক চিৰিয়াখানাৰ পাহাৰৰ ঘন জংঘল আৰু দাতি কাষৰীয়া অঞ্চলত সঘনাই নাহৰফুটুকী বাঘৰ বিচৰণ পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰিছে। 

লগতে উক্ত অঞ্চলত এন্ধাৰ সময়ত কোনোৱে যাতে অকলে বিচৰণ নকৰে আৰু শিশুসকলক অভিভাৱক অবিহনে অকলে এৰি নিদিবলৈ আহ্বান জনোৱা হৈছে। এই সন্দৰ্ভত  অসম ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া অশ্বিন কুমাৰে কয়-
অসম ৰাজ্যিক চিৰিয়াখানাৰ  দর্শনাৰ্থীসকলৰ এতিয়াও কোনোধৰণৰ অসুবিধা হোৱা নাই। কিন্তু বিগত ৪-৫ দিন পুর্বে হেঙেৰাবাৰী পাহাৰৰ সমীপত নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰি থকা তথ্য লাভ কৰা হৈছে। সেয়েহে আমি সতৰ্কতা জাৰি কৰিছোঁ যাতে ইয়াৰ জৰিয়তে কোনো অবাঞ্ছিত পৰিবেশৰ সৃষ্টি নহওক। সকলোৱে অলপ সাৱধান হওক। বিশেষকৈ এন্ধাৰ সময়ত যাতে অকলে কোনোৱে উক্ত অঞ্চলত বিচৰণ নকৰে। তদুপৰি শিশু সকলক অভিভাৱক অবিহনে অকলে এৰি নিদিবলৈও আমি আহ্বান জনাইছোঁ।'