Logo
image

পাচলিৰ বজাৰত জুইঃ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী তৃণমূল কংগ্ৰেছৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিত বিপৰ্য্যস্ত ৰাইজক সকাহ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগ দাবী কৰিছে অসম তৃণমূল কংগ্ৰেছে। মঙলবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই যোগান বিভাগটো অকামিলা বিভাগ বুলি অভিহিত কৰি ৰঞ্জিত দাসৰ অধীনত ই বগাহাতীত পৰিণত হোৱা বুলি কটাক্ষ কৰে। 

শৰ্মাই কয় যে আজি বজাৰত সাধাৰণ জনতাই সোমাব নোৱাৰা পৰিস্থিতি হৈছে। সকলো পাচলিৰ দাম ১০০ টকাৰ ওপৰত। বিলাহীৰ দাম হৈছে ১৪০ টকা। ইমান দাম দি পাচলি ক্ৰয় কৰাটো বহন ক্ষমতাৰ বাহিৰলৈ গুছি গৈছে। দাম  নিয়ন্ত্ৰণলৈ আনিবলৈ যোগান বিভাগৰ কোনো পদক্ষেপ নাই। মন্ত্ৰী ৰঞ্জিত দাস 'একো হোৱা নাই, মই একো দেখা নাই, মই একো বুজা নাই' ভাৱত নীৰৱ-নিৰ্বিকাৰ হৈ আছে। পূৰ্বৰ চৰকাৰসমূহৰ দিনতো মূল্যবৃদ্ধি হৈছিল।  কিন্তু স্বাধীনোত্তৰ ভাৰতত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সৰ্বাধিক মূল্যবৃদ্ধি হৈছে। কেৱল সেয়াই নহয়, প্ৰথমবাৰৰ বাবে মূল্যবৃদ্ধিৰ সময়ছোৱাত এখন চৰকাৰ বা যোগান মন্ত্ৰীক পদক্ষেপহীন স্থিতি লোৱা দেখা গৈছে। পূৰ্বতে মূল্যবৃদ্ধি হ'লে যোগান মন্ত্ৰীজন বজাৰলৈ গৈ অন্ততঃ পৰিস্থিতিৰ বুজ লোৱাৰ চেষ্টা কৰিছিল। কিন্তু মন্ত্ৰী ৰঞ্জিত দাসৰ ৰাইজৰ প্ৰতি সামান্যতমো দায়িত্ব নাই। আমি এনে এগৰাকী দায়িত্বজ্ঞানহীন ব্যক্তি এক মুহূৰ্তৰ বাবেও যোগান মন্ত্ৰীৰ পদবীত থকাটো বিচৰা নাই। শীঘ্ৰে পদত্যাগ কৰি বিভাগটোক মুক্তি দিবলৈ ৰঞ্জিত দাসৰ ওচৰত দাবী জনাইছোঁ।