Logo
image

দক্ষ লোক কেতিয়াও নিবনুৱা নহয়ঃ জয়ন্ত মল্ল বৰুৱা

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'স্কিল ইণ্ডিয়া' অভিযানলৈ পূৰ্ণ সমৰ্থন যোগোৱা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম)- টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী (টি-টিইপি) উদ্যোগৰ অধীনত মঙলবাৰে 'কাৰিকৰী শিক্ষা আৰু স্বীকৃতিৰ বাবে বৃত্তি কাৰ্যসূচী' (ষ্টাৰ) ঘোষণা কৰে। গুৱাহাটীত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অসম চৰকাৰৰ দক্ষতা বিকাশ তথা নিয়োগ উদ্যোগীকৰণ, জন স্বাস্থ্য অভিযান্ত্ৰিকী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে টয়োটাই টি-টিইপি কাৰ্যসূচীৰ জৰিয়তে উদ্যোগ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ ব্যৱধান দূৰ কৰাৰ দায়বদ্ধ পদক্ষেপৰ আমি শলাগ লৈছোঁ। টয়োটাৰ সৰ্বোত্তম পদ্ধতি, মূল্যবোধ আৰু অত্যাধুনিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি বা মূল্যৱান ইনছাইট লাভৰ জৰিয়তে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব।

দক্ষ লোক কেতিয়াও নিবনুৱা নহয়। দক্ষ ভাৰততেই আমাৰ ভৱিষ্যত নিৰ্ভৰশীল। যুগৰ সৈতে মিলি সংস্থাপনৰ বাট মুকলি কৰিবলৈ দক্ষ হ'ব লাগিব। টয়োটাৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সহযোগিতামূলক প্ৰচেষ্টাই উত্তৰ, পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিশ্বমানৰ কৰ্মশক্তিৰ উপলব্ধতা বৃদ্ধি কৰি নিজৰ কেৰিয়াৰৰ আকাংক্ষা বা সপোনক আগুৱাই নিয়াৰ উপৰিও অটো ছেক্টৰৰ সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব৷ টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাৰতৰ মুৰব্বী তথা কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাটিয়ে এই অনুষ্ঠানত কয়- যিসকল ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে দশম শ্ৰেণী সম্পূৰ্ণ কৰিছে, কিন্তু কাৰিকৰী প্ৰতিষ্ঠান(আই টি আই/পলিটেকনিক)ত উচ্চ পঢ়া-শুনা কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উত্তৰ, পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আজিও অব্যৱহৃত বা সুযোগবিহীন সম্ভাৱনাক এখন মঞ্চ দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ষ্টাৰৰ পদক্ষেপে অৰ্থনৈতিক পটভূমিক প্ৰত্যাহ্বান জনোৱা ক্ষেত্ৰৰ পৰা যোগ্য শিক্ষাৰ্থীসকলক শক্তিশালী হোৱাৰ সুযোগ প্ৰদান কৰিব। এই অনন্য পাইলট প্ৰকল্পই মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, নাগালেণ্ড,  মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু অসমসহ ১১খন ৰাজ্যৰ শিক্ষাৰ্থী উপকৃত কৰিব। এই ষ্টাৰ পদক্ষেপৰ জৰিয়তে টিকেএমৰ লক্ষ্য হৈছে প্ৰতিভাৱান লোকসকলৰ বাবে নিজৰ দক্ষতাৰ স্তৰ আৰু উন্নত প্ৰযুক্তিৰ জ্ঞান বৃদ্ধি কৰি ক্ৰমবৰ্ধমান অটোমোটিভ খণ্ড(ছেক্টৰ)ৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা। আৰ্থিক প্ৰত্যাহ্বানৰ বাবে আগবাঢ়িব নোৱাৰা প্ৰতিভাৱান যোগ্য ছাত্ৰ-ছাত্ৰীক বছৰি ৫১,০০০ টকা পৰ্যন্ত বৃত্তি প্ৰদান কৰা হ'ব যাৰ দ্বাৰা হোষ্টেলৰ মাচুল, শৈক্ষিক ব্যয় আৰু পৰিয়ালৰ সহায় বা সামৰ্থ্য লাভৰ সুযোগ কৰা হ'ব।মহিলা সবলীকৰণক আৰু অধিক প্ৰসাৰিত কৰাৰ বাবে এই কাৰ্যসূচীয়ে মহিলা ছাত্ৰীসকলৰ বাবে ৩০ শতাংশ  সংৰক্ষণৰো ব্যৱস্থা কৰিছো। অনুষ্ঠানত টয়োটা কিৰ্লোস্কাৰ মটৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।