Logo
image

সদ্য নিযুক্তিপ্ৰাপ্তই ঘোচ নাখায়, মুখ্যমন্ত্ৰী নিশ্চিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাইঃ চৰকাৰৰ কঠোৰ সকীয়নী আৰু নিৰীক্ষণৰ পিছতো ৰাজ্যৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে অবাধে দুৰ্নীতি সংঘটিত কৰি আছে৷ ইয়াৰ বহু সংখ্যক বিষয়া-কৰ্মচাৰী উৎকোচ গ্ৰহণ কৰিবলৈ গৈ হাতে লোটে ধৰাও পৰিছে৷ কেৱল প্ৰশাসনীক বিষয়া-কৰ্মচাৰীয়ে নহয় আৰক্ষীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ এই পৰ্যন্ত অভিলেখ সংখ্যক আৰক্ষী উৎকোচ গ্ৰহণ কৰি হাতে লোটে ধৰা পৰি চাকৰি পৰ্যন্ত হেৰুৱাব লগীয়া হৈছে৷ কিন্তু দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ এই শূন্য সহনশীল নীতিও যেন বহু ক্ষেত্ৰত বিফল হৈছে৷ ইয়াৰ কাৰণে কি? মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিজে সংবাদ মাধ্যমৰ আগত বিশ্লেষণ কৰিলে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে উৎকোচ গ্ৰহণ কৰাৰ মূল কাৰণ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ভাষ্য–এই পৰ্যন্ত ২৩ জন মান মণ্ডল টকা লওতে হাতে লোটে ধৰা পৰিছে৷ প্ৰথম কথা এইবোৰ মোৰ দিনত নিযুক্তি পোৱা বিষয়া-কৰ্মচাৰী নহয়৷ নতুনকৈ নিযুক্তি লাভ কৰা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ কম৷ আগৰ লিগেছী এটা ঠিক কৰাতে অলপ সময় লাগিবই৷ আগতে যিহেতু টকা দি চাকৰি লৈছিলে, গতিকে টকাখিনি উঠোৱাৰ বাবে বিষয়া-কৰ্মচাৰীসকলে চেষ্টা কৰিছিল যে ২০ লাখ এপিএছচিক দিলো৷ মানুহৰ পৰা ২৫ লাখ টকা উঠাম৷ এতিয়া যিহেতু চাকৰি লওতে টকা দিব নালাগে লাহে লাহে এইবোৰ পৰম্পৰা কমি যাব৷ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে সদ্য নিযুক্তি প্ৰাপ্তই ঘোচ নাখায় বুলি তেওঁ নিশ্চিত৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ এই নিশ্চয়তাক ইতিমধ্যে বহুকেইজন সদ্য নিযুক্তিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে ভংগ কৰিছে মুকলিভাৱে উৎকোচ গ্ৰহণ কৰি জেললৈ গৈ৷ আনহাতে এটাৰ পিছত আনটো বিতৰ্কৰ আবৰ্তত সোমাই পৰা অসম আৰক্ষী আগন্তুক ৫ বছৰত নিকা হৈ পৰিব বুলিও মুখ্যমন্ত্ৰী দৃঢ় বিশ্বাসী৷ আজি সংবাদ মাধ্যমৰ আগত এই বিশ্বাস সদৰি কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–‘অসমত প্ৰায় ৬০/৭০ হাজাৰ আৰক্ষীৰ লোক আছে৷ ইমান ডাঙৰ ফোৰ্চ এটাৰ দুই বা তিনি শতাংশ লোকৰ গাত কেতিয়াবা কলংকৰ দাগ লাগে৷ আগন্তুক ৫ বছৰৰ ভিতৰত অসম আৰক্ষীক জনসাধাৰণৰ আটাইতকৈ বিশ্বাসী বন্ধু হিচাপে গঢ়ি তুলিব বিচাৰিছো৷ জনসেৱাৰ্থে, জনহিতাৰ্থে৷ এই কামটো কৰা ইমান সহজ নহয়৷ কাৰণ আলফাৰ সময়ৰ পৰা আৰক্ষী উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰিব পৰা এটা ফোৰ্চ হিচাপে প্ৰস্তুত হৈ উঠিছিল৷ যেতিয়া উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰি থাকে তেতিয়া আৰক্ষী বাহিনীৰ মানসিকতা নাগৰিকৰ পৰা আতৰি যোৱাৰ দৰে হয়৷ এতিয়া আৰক্ষীয়ে জনসাধাৰণৰ মাজত থাকি কাম কৰিব লাগিব৷ আৰক্ষীয়ে আধুনিক অপৰাধৰ বিৰুদ্ধে যুজিব লাগিব৷ অসম আৰক্ষীৰ মানসিকতা সলনি হ’ব লাগিব৷ ইয়াৰ বাবে ৫ বছৰ লাগিব৷ ২০২৬ চনৰ ভিতৰত আমি সৰ্বোৎকৃষ্ট আৰক্ষী বাহিনী পাম৷ আৰক্ষী নিকা হৈ পৰিব৷ মুখ্যমন্ত্ৰীৰ এই আশাৰ বিপৰীতে অটোচালকৰ পৰা ২০ টকা দাবী কৰি আজিৰ দিনটোতে নিলম্বিত হ’বলগীয়া হয় শিলচৰৰ যান-বাহন শাখাৰ এজন আৰক্ষী৷ ঠিক তেনেদৰে ধন দাবীৰ গোচৰত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় মিঞাচান্দ আলী নামৰ আৰক্ষী এজন৷ বিমান ৰয়, নিপু কলিতা, বদ্ৰীপ্ৰসাদ বাৰুৱতীৰ দৰে আৰক্ষীয়ে যেন আশাহত কৰিছে মুখ্যমন্ত্ৰীক৷ সেয়ে আগন্তুক প্ত বছৰৰ ভিতৰত অসম আৰক্ষীক নিকা কৰাৰ অভিযানত নামি পৰিছে স্বয়ং মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷