Logo
image

হেমন্ত দত্ত, প্ৰশান্তজ্যোতি বৰুৱা আৰু ডাঃ নাৰায়ণ বৰদলৈলৈ ডিপিআৰচি বঁটা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ জুলাইঃ উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম অত্যাধুনিক সা-সঁজুলিৰে ৰাষ্ট্ৰীয় মানৰ ফিজিঅ’থেৰাপি সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান দিগজ ফিজি’ থেৰাপি এণ্ড ৰিহেবিলিটেছন চেণ্টাৰ, চমুকৈ ডিপিআৰচিয়ে এইবছৰ সফলতাৰে এঘাৰ বছৰ সম্পূৰ্ণ কৰিব৷ ইয়াৰ লগে লগে ডিপিআৰচি, বৰপেটা কেন্দ্ৰই সম্পূৰ্ণ কৰিব প্ৰতিষ্ঠাৰ পঞ্চম বছৰ৷ আনহাতে ডিপিআৰচিয়ে প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ সংবাদ, চিকিৎসা আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তিনিগৰাকীকৈ ব্যক্তিক ডিপিআৰচি বঁটা প্ৰদান কৰি আহিছে৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই বঁটা প্ৰদান কৰা সন্দৰ্ভত ঘোষণা কৰে দি পি আৰ চিৰ অধ্যক্ষ, সাংবাদিক দিগন্ত দাসে৷  সংবাদ মেলত দিগন্ত দাসে কয় এই বঁটা প্ৰদানৰ বাবে গঠিত নিৰ্বাচক মণ্ডলীয়ে কৰা বাছনিৰ ভিত্তিত ২০২৩ বৰ্ষৰ দিপিআৰচি সাংবাদিকতা বঁটা বিশিষ্ট সাংবাদিক তথা বৰ্তমান দ্য আসাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱা, দিপিআৰচি কলা-সংস্কৃতি বঁটা বিশিষ্ট গীতিকাৰ-নাট্যকাৰ-পৰিচাল ক হেমন্ত দত্ত আৰু ডিপিআৰচি চিকিৎসা সেৱা বঁটা বিশিষ্ট চকু চিকিৎসক তথা যোৰহাটৰ চন্দ্ৰপ্ৰভা চকু চিকিৎসালয়ৰ প্ৰতিষ্ঠাপক ডাঃ নাৰায়ণ বৰদলৈলৈ আগবঢ়োৱা হৈছে৷ ১৫ জুলাইত বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা দিপিআৰচি প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব৷ এই অনুষ্ঠানতে ঋতুপৰ্ণ দাস সম্পাদিত ডিপিআৰচিৰ বাৰ্ষিক মুখপত্ৰ ‘ফিনি’ উন্মোচন হ’ব আৰু বৰপেটাৰ শিল্পীসকলে ভোৰতাল নৃত্য, থিয়নাম আদি পৰিৱেশন কৰিব৷ অনুষ্ঠানত সঙ্গীত-নাটক একাডেমীৰ ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটাপ্ৰাপক মনোজ কুমাৰ দাসে খোলবাদন আৰু সমাদৃত কণ্ঠশিল্পী পুলক বেনাৰ্জীয়ে সঙ্গীতানুষ্ঠান পৰিৱেশন কৰিব৷  সংবাদমেলত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, সাংস্কৃতিক সংগঠক অংকুৰ গগৈ আৰু আকাশবাণী গুৱাহাটীৰ জেষ্ঠ্য বিষয়া ঋতুপৰ্ণ দাস উপস্থিত থাকে৷ উল্লেখ্য, বিগত বছৰ সমূহত প্ৰতিষ্ঠানটোৰ এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল ডিপিআৰচি সাংবাদিকতা বঁটা প্ৰশান্ত ৰাজগুৰু, সমদ্ৰগুপ্ত কাশ্যপ, প্ৰণয় বৰদলৈ, মৃণাল তালুকদাৰ, ৰামানুজ দত্ত চৌধুৰী, জাৰিৰ হুছেইন, মনোজ কুমাৰ গোস্বামী, ৱাছবিৰ হুছেইন৷ ডিপিআৰচি কলা-সংস্কৃতি বঁটা লাভ কৰিছিল অৰূপ যান্না, ধনেশ্বৰ শইকীয়া, উমাকান্ত বৈৰাগী, গুণীন্দ্ৰ ওজা, তৰুণ শইকীয়া, প্ৰভাত শৰ্মা, নীলপৱন বৰুৱা, সুদক্ষিণা শৰ্মাই৷ আকৌ দিপিআৰচি চিকিৎসা সেৱা বঁটা লাভ কৰিছিল ডাঃ হৰ্ষ ভট্টাচাৰ্য, ডাঃ প্ৰদীপ কুমাৰ বৰুৱা, ডাঃ সুভাস খান্না, ডাঃ ৰমেশ চন্দ্ৰ ডেকা, ডাঃ ইলিয়াছ আলী, ডাঃ অমল চন্দ্ৰ কাকতি, ডাঃ নোমল চন্দ্ৰ বৰা আৰু ৰমেশ তালুকদাৰ৷