Logo
image

পথ সুৰক্ষাৰ নামত ব্যাপক কৰ সংগ্ৰহৰ লক্ষ্য, নামিছে পৰিবহণৰ টেকেলা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ জুলাইঃ আহোম স্বৰ্গদেউসকলৰ শাসনকালত টেকেলাই সাধাৰণ প্ৰজাৰ পৰা কৰ-কাটল সংগ্ৰহ কৰাৰ দৰেই বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত টেকেলাৰ ভূমিকা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে৷ কৰ সংগ্ৰহৰ লক্ষ্যৰে বাটে-ঘাটে এতিয়া জাল পেলাইছে আহোম শাসনৰ টেকেলাস্বৰূপ পৰিবহণ বিষয়া আৰু যান-বাহন আৰক্ষীয়ে৷ হেলমেট নিপিন্ধাৰ পৰা আৰম্ভ কৰি ছিটবেল্ট নমৰালৈ, ন’ পাৰ্কিঙত বাহন ৰখোৱাৰ পৰা নিৰ্ধাৰিত গতিবেগতকৈ অধিক জোৰত বাহন চলোৱাকে ধৰি বিভিন্ন অজুহাতেৰে জৰিমনা সংগ্ৰহত নামি পৰিছে পৰিবহণ বিভাগ৷ প্ৰতিখন জিলাৰে যান-বাহন আৰক্ষী আৰু পৰিবহণ বিষয়াক ৰাজহ সংগ্ৰহৰ টাৰ্গেট বান্ধি দিছে দিছপুৰে৷ পূৰ্বতে সচৰাচৰ পৰিবহণ বিভাগে বাৰ্ষিক ১,০০০-১,১০০ কোটি টকা ৰাজহ সংগ্ৰহ কৰে যদিও এইবাৰ দিছপুৰে পৰিবহণ বিভাগক বাৰ্ষিক ১,৪৫৬ কোটি টকা কৰ সংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে৷ দিছপুৰ আদেশত এতিয়া ঘৰৰ গেৰেজত থকা বাহনকো ন’ পাৰ্কিঙত ৰখাৰ অভিযোগ তুলি জৰিমনা বিহাৰ দৰে হস্যকৰ কাৰ্য সংঘটিত কৰিছে যান-বাহন আৰক্ষীয়ে৷ আনহাতে হেমলেট নিপিন্ধা বাইক চালকৰ পৰা ৰছিদ অবিহনে ধন সংগ্ৰহ কৰাক লৈয়ো ঠায়ে ঠায়ে পৰিবহণ বিষয়াৰ বিৰুদ্ধে ৰাইজে ধৰ্ণা দিয়াও পৰিলক্ষিত হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে দিনচেৰেক পূৰ্বে মুখ্যমন্ত্ৰীয়ে সুৰাপান কৰি গাড়ী চলালে জৰিমনাৰ লগতে চালকক গ্ৰেপ্তাৰৰো নিৰ্দেশ দিছে৷ অথচ একেজন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে আবকাৰী ৰাজহ বৃদ্ধিৰ পৰিকল্পনাৰে গাঁৱে-চহৰে, অলিয়ে-গলিয়ে নতুন ৱাইন শ্বপৰ অনুজ্ঞা-পত্ৰৰ বাবে অধিসূচনা জাৰি কৰিছে চৰকাৰে৷ দিছপুৰৰ সেউজ সংকেতত এতিয়া পৰিবহণ বিভাগে নতুন যান-বাহন [সংশোধনী] অধিনিয়ম-২০১৯ৰ অধীনত ছিটবেল্ট নিপিন্ধাকৈ বাহন চলোৱাৰ অপৰাধত ১০০০ টকা, বাইকত দুজনতকৈ বেছি আৰোহণ কৰাৰ অপৰাধত ১ হাজাৰ টকা, হেমলেট নিপিন্ধাৰ অপৰাধত ১ হাজাৰ টকা অথবা ৩ মাহৰ বাবে ড্ৰাইভিং লাইচেন্স বাতিল, ড্ৰাইভিং লাইচেন্স নথকাৰ অপৰাধত ৫ হাজাৰ টকা, এম্বুলেন্সক বাট এৰি নিদিয়া অপৰাধত ১০ হাজাৰ টকা, গাড়ী চলাওতে মোবাইলত বাৰ্তালাপৰ অপৰাধত ৫ হাজাৰ টকা, সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত ১০ হাজাৰ টকা আৰু নাবালক সন্তানে গাড়ী চলোৱাৰ অপৰাধত ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা সংগ্ৰহত কৃপণালি কৰা নাই৷ পৰিবহণ বিভাগে বাটে-ঘাটে তালাচী চকী বহুৱাই সৰ্বসাধাৰণ ৰাইজৰ পৰা কৰ-কাটল সংগ্ৰহ কৰাৰ বিপৰীতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ নামত ঢাক-ঢোল বজাই পথ সুৰক্ষা সপ্তাহো অব্যাহত ৰাখিছে৷ প্ৰচাৰ-সজাগতা সভা, লিফলেট বিতৰণ, বাটৰ নাট আদিৰ জৰিয়তে পথ সুৰক্ষা কাৰ্যসূচী গ্ৰহণ কৰি জিলা পৰিবহণ বিষয়াসকলে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত বৰ বৰ ভাষণ আওৰালেও বাস্তৱত এনে পথ সুৰক্ষা সপ্তাহৰ পদক্ষেপ প্ৰহসনতহে পৰিণত হৈছে৷ কিয়নো যান-বাহন আইন উলংঘন কৰাৰ বাবে সাধাৰণ ৰাইজৰ ওপৰত আৰক্ষী তথা পৰিবহণ বিভাগ বৰমতা হ’লেও চৰকাৰী বিষয়া তথা ৰাজনৈতিক নেতা বা মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰত আইন ভংগ কৰা দেখিও চকু মুদা কুলিৰ ভাৱতহে অৱতীৰ্ণ হয় পৰিবহণ বিভাগ তথা যান-বাহন আৰক্ষী৷ কোনো বাহনৰ প্ৰদূষণ বা বীমা প্ৰমাণ-পত্ৰ নৱীকৰণ নকৰিলে সাধাৰণ লোকৰ পৰা ২ হাজাৰ টকা জৰিমনা আদায় কৰে যদিও বীমা আৰু প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নথকাৰ ক্ষেত্ৰত চৰকাৰী বাহনসমূহ শীৰ্ষত আছে৷ অধিকাংশ চৰকাৰী বাহনৰ দ্বিতীয়বাৰলৈ বীমা-প্ৰদূষণৰ প্ৰমাণ-পত্ৰ নৱীকৰণেই কৰা নহয়৷ অথচ সেইসমূহ বাহনৰ পৰা জৰিমনা সংগ্ৰহৰ কোনো ব্যৱস্থাই নাই৷ আনহাতে হেলমেট নিপিন্ধিলে বাইক চালক-আৰোহীক এহাজাৰ টকাকৈ জৰিমনা বিহা যান-বাহন আৰক্ষীয়ে নেতা-মন্ত্ৰীয়ে হেমলেট অবিহনে বাইক ৰেলী কৰিলেও বাধা দিয়াৰ পৰিৱৰ্তে বাট মোকলাইহে দিয়ে৷ আনহাতে এম্বুলেন্সক বাট এৰি নিদিলে ১০ হাজাৰ টকা জৰিমনা বিহা এইখন অসমত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যপালৰ কনভয়লৈ প্ৰতিজন ভিআইপি-ভিভিআইপিক বাট এৰি দিয়াৰ নামত ট্ৰেফিক পুলিচে সংকটজনক ৰোগী থকাৰ পাছতো এম্বুলেন্সক ৰাজপথত ৰখাই থোৱা দৃশ্য অতি সুলভ৷ স্বাভাৱিকতেই ৰাজকোষৰ ধনেৰে সাধাৰণ ৰাইজৰ মাজত পথ সুৰক্ষা সপ্তাহ পালনৰ চৰকাৰী কাৰ্যসূচীসমূহ এতিয়া ভেকোভাওনা তথা প্ৰহসনৰ নাটকলৈ পৰিণত হৈছে৷