Logo
image

অসম উন্নতি সভাৰ নতুন সভাপতি সমুজ্জ্বল ভট্টাচাৰ্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুলাইঃ অসম উন্নতি সভাৰ প্ৰথমখন অধিৱেশনত সভাপতি মনোনীত হয় সংগঠনটোৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, আছু আৰু নেছ’ৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য৷ আনহাতে, সাধাৰণ সম্পাদকৰূপে মনোনীত কৰা হয় ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাক৷ উল্লেখ্য, ২০০৪ চনত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গঠন হৈছিল অসম উন্নতি সভা৷ সভাপতিৰ দায়িত্বত আছিল প্ৰয়াত ৰোহিনী গগৈ৷ ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত অসম উন্নতি সভা আৰু অসম সেনাৰ প্ৰথম অধিৱেশনত বিজয় শংকৰ বৰদলৈক অসম সেনাৰ মুখ্য আহ্বায়ক, তাপস শইকীয়া, ৰাজনীশ শইকীয়া, বেদান্ত শইকীয়া, চন্দ্ৰ চাৰিঙিয়া ফুকন, ৰিতু কুমাৰ দাস, দীপক নেওগ, আব্দুল হাই, হিমাংশু মহন্ত, সাগৰ সোণোৱাল আৰু নন্দেশ্বৰ দাসক আহ্বায়ক মনোনীত কৰা হয়৷ অসম উন্নতি সভাৰ উপ-সভাপতিৰূপে লক্ষ্মীকান্ত শইকীয়া, মণি গগৈ, অমৰজিৎ গোস্বামী, দেৱজিৎ বৰুৱা, জুল খাউণ্ড, ডম্বৰু কলিতা, সুকুমাৰ শৰ্মা, সঞ্জীৱ দাস, অৰবিন্দ ওজা, দিগন্তমণি বৰা, দেৱজিৎ মজুমদাৰ, ৰাজ কাকতি, উত্তম কুমাৰ গগৈ, ড॰ পৰেশ চন্দ্ৰ ৰায়, বিপুল বৰা আৰু দেৱজিৎ বৰদলৈ আনহাতে, সম্পাদকৰূপে সমুদ্ৰ পাটগিৰি, নৰেন চেতিয়া, খনীন পাঠক, নিৰ্মল দাস, ধনেশ্বৰ দাস, সোণেশ্বৰ কলিতা, জিতু বৰা, বিনোদ গগৈ, প্ৰণৱ বৰ্মন, অমৰ ৰায়, অজিত দাস, বিদ্যুৎ শৰ্মা আৰু লোকনাথ গগৈক মনোনীত কৰা হয়৷ ইয়াৰ পূৰ্বে অসম উন্নতি সভাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই উন্নতি সভাৰ অন্যতম প্ৰতিষ্ঠাপক সভাপতি ৰোহিনী গগৈ, খনিন চন্দ্ৰ দাস, অজিত শৰ্মা, অৱলা শৰ্মা, হেৰম্ব ভট্টাচাৰ্য আদিৰ অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি কয়– অসমত এতিয়া বিভিন্ন ‘বাদ’ চলাবলৈ চেষ্টা কৰা হৈছে৷ অসমত হ’ব লাগিব কেৱল ‘খিলঞ্জীয়াবাদ’৷ কিন্তু পেটত ভোক লৈ খিলঞ্জীয়াবাদ চলোৱা সম্ভৱ নহয়৷ পেটত ভোক লৈ জাতীয়তাবাদো নহয়৷ পেটৰ ভোক গুচাব পাৰিব একমাত্ৰ অৰ্থনৈতিক শক্তিয়েহে৷ অসমক আগুৱাই নিব পাৰিব অৰ্থনৈতিক শক্তিয়েহে৷ ছাত্ৰ সন্থা আৰু উন্নতি সভাই পণ লৈছে পৰিকল্পিত অৰ্থনৈতিক আন্দোলন গঢ় দিয়াৰ৷ যদি পৰিকল্পিত অৰ্থনৈতিক আন্দোলন আগুৱাই নিব পৰা যায় তেনেহ’লে অসমৰ চেহেৰা সলনি হৈ যাব৷ ছাত্ৰ সন্থা এনে এটা শক্তি যি শক্তি উৎপাদন কৰিব পাৰে৷ এই শক্তিখিনিক কাৰ্যলৈ ৰূপান্তৰ কৰিব লাগিব৷ ছাত্ৰ সন্থাই সমাজৰ স্তৰে স্তৰে অৱদান আগবঢ়াই গৈছে৷ নিৰাশাৰ কথা বাদ দি এতিয়া কেৱল আশাৰে কথা আগুৱাই নিব লাগিব৷ এটা সফল কাহিনী যদি আমি সৃষ্টি কৰিব পাৰোঁ তেতিয়া হাজাৰটা সফল কাহিনীৰ সৃষ্টি হ’ব৷ জগতসভালৈ যাব ইতিবাচক বাৰ্তা৷ আজিৰ প্ৰথম অধিৱেশনত সমগ্ৰ অসমৰ ৩০ জিলাৰ পৰা অসম উন্নতি সভা আৰু অসম সেনাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায়৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ শিল্পীসকলে সমৱেত সংগীত পৰিৱেশন কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ সভাপতিত্বত অধিৱেশনৰ মূল প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷ সভাত উন্নতি সভাৰ উপদেষ্টা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আইনগুৰু ড॰ শুভ্ৰম ৰাজখোৱা, সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সভাপতি দীপাংক কুমাৰ নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, শিক্ষাবিদ ড॰ ভূৱন চন্দ্ৰ বৰুৱাই বক্তব্য দাঙি ধৰে৷ অসমৰ যুৱক, যুৱতী, মহিলাসকলে জীৱনধাৰণ কৰিবলৈ পথৰ সন্ধান পাব পৰাকৈ, অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰাকৈ অধিৱেশনে অসমত এটা পৰিকল্পিত অৰ্থনৈতিক আন্দোলন আগুৱাই নিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰতিখন জিলাত সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ অধ্যয়ন কৰি অৰ্থনৈতিক সমীক্ষাতে ভৱিষ্যৎ কৰ্মপন্থা গ্ৰহণ কৰিবলৈ অধিৱেশনে সিদ্ধান্ত গ্ৰহণ কৰে৷ এই বিষয়ত প্ৰয়োজনীয় কৰ্মশালাৰো আয়োজন কৰা হয়৷ উৎপাদন আৰু বজাৰ নিয়ন্ত্ৰণৰ সৃষ্টিৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদানেৰে কৰ্মসূচী ল’বলৈ অধিৱেশনৰ প্ৰতিনিধি সভাই বিশেষ গুৰুত্ব প্ৰদান কৰে৷ অধিৱেশনে বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক বিশেষজ্ঞসকলৰ পৰামৰ্শ গ্ৰহণ কৰি ৰূপৰেখা প্ৰস্তুত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যুৱক-যুৱতীসকলক কুশলী কৰাৰ [দক্ষতা বিকাশ] লক্ষ্যৰে প্ৰতিখন জিলাত ল’বলগীয়া প্ৰকল্প সম্পৰ্কত এক ৰূপৰেখা প্ৰস্তুত কৰি কৰ্মপন্থা কৰিবলৈ অধিৱেশনে সিদ্ধান্ত গ্ৰহণ কৰে৷ অধিৱেশনে অসমৰ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু থলুৱা লোক সংস্কৃতি সুৰক্ষা আৰু প্ৰসাৰৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসমত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিবলৈ সংগ্ৰাম অব্যাহত ৰাখিবলৈ অধিৱেশনে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে অতি দীঘলীয়া কাল ছাত্ৰ সন্থাৰ মজিয়াত থকা সমুজ্জ্বল ভট্টাচাৰ্যই পূৰ্বে কেতিয়াও লোৱা নাছিল সভাপতিৰ দায়িত্ব৷ পূৰ্বৰ পৰম্পৰা ভংগ কৰি তেওঁ এইবেলি অসম উন্নতি সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে৷